/asomiyapratidin/media/media_files/2025/11/23/new-ap-web-6-15-2025-11-23-14-28-58.jpg)
ডিজিটেল সংবাদ,বোকাখাতঃ বোকাখাত সমজিলাৰ ধনশিৰি নদীৰ খহনীয়াই দীৰ্ঘদিনৰ পৰা জুৰুলা কৰি আহিছে কুৰুৱাবাহীবাসীক। বিভিন্ন আন্দোলন কাৰ্যসূচী, আবেদন নিবেদনৰ পাছতো বৰ্তমানলৈকে নদী খহনীয়াৰ স্থায়ী সমাধান নহ'ল । বৰ্তমানো কুৰুৱাবাহীৰ কেইবাটাও স্থানত খহনীয়াই তীব্ৰ ৰূপ ধাৰণ কৰি আছে যদিও এই ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষই বিশেষ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে ।
শেহতীয়াকৈ কুৰুৱাবাহীৰ চিনাকান চাৰিআলিৰ পকী দলঙৰ তলত আৰু ইয়াৰ সমিপৰ এটা অংশত ধনশিৰি নদী আৰু কলাবৰীয়া বিল সংযোগী এটা জানত হোৱা খহনীয়াই কেইবাটাও পৰিয়াল, এটা পকী পথ,আৰু এটা নামঘৰলৈও ভাবুকি কঢ়িয়াই আনিছে। চলিত বৰ্ষৰ বানপানীৰ সময়ত উক্ত ঠাইত ধনশিৰি নদীৰ সৃষ্টি হোৱা তীব্ৰ সোঁতৰ বাবে খহনীয়া আৰম্ভ হোৱা বুলি জানিবলৈ দিছে স্থানীয় গাঁওবাসীয়ে। বৰ্তমান জানটোত পানী কমি আছে যদিও অব্যাহত আছে খহনীয়া। গাঁওবাসীয়ে জানিবলৈ দিয়া মতে যদি বাৰিষাৰ পূৰ্বে খহনীয়া প্ৰতিৰোধী ব্যৱস্থা গ্ৰহণ কৰা নহয় তেতিয়াবহু কেইটা পৰিয়াল নিশ্চিত ভাৱে গৃহহীন হৈ পৰাৰ আশংকা কৰা হৈছে। লগতে সমীপৰ এক বৃহৎ কৃষি পথাৰৰ প্ৰতিও ভাবুকিৰ সৃষ্টি হ'ব। এই ক্ষেত্ৰত শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ বাবে কুৰুৱাবাহী গাঁও পঞ্চায়ত আৰু বিভাগীয় কৰ্তৃপক্ষৰ প্ৰতি দাবী জনাইছে স্থানীয় ৰাইজে।
উল্লেখ্য যে কুৰুৱাবাহীত ধনশিৰি নদীত অব্যাহত থকা খহনীয়া সন্দৰ্ভত স্থানীয় ৰাইজৰ আহ্বান মৰ্মে জলসম্পদ বিভাগৰ এটা দলে বিগত ২৩ অক্টোবৰত খহনীয়াগ্ৰস্ত ঠাইসমূহ পৰিদৰ্শন কৰি শীৰ্ঘেই যাবতীয় ব্যৱস্থা গ্ৰহণ কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল যদিও বৰ্তমানলৈকে সেয়াও কেৱল প্ৰতিশ্ৰুতিহে হৈ আছে। সাধাৰণ জৰীপ এটাৰেই দায়িত্ব সামৰিলে জল সম্পদ বিভাগে।
আনফালে কুৰুৱাবাহীৰ খহনীয়াগ্ৰস্ত ঠাইসমূহ জল সম্পদ মন্ত্ৰী পিযুষ হাজৰিকাসহ পৰিদৰ্শন কৰি যাবতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ বোকাখাতৰ বিধায়ক-মন্ত্ৰী অতুল বৰাক ভুক্তভোগী ৰাইজে আহ্বান কৰি আছে যদিও কোনো কাৰ্যসূচী গ্ৰহণ কৰা নাই বিধায়ক-মন্ত্ৰী অতুল বৰাই।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us