/asomiyapratidin/media/media_files/2026/01/04/1-2026-01-04-19-03-26.jpg)
ডিজিটেল সংবাদ,বোকাখাতঃ ৰাজ্যৰ কৃষি বিভাগৰ বিয়াগোম আঁচনিৰ মাজতো বোকাখাতৰ কৃষকসকলৰ বাবে জলসিঞ্চন এক অভিশাপ সদৃশ সমস্যা হৈ পৰিছে। উপযুক্ত জলসিঞ্চনৰ অভাৱত মহকুমাটোৰ বহু কৃষিভূমি এতিয়া চিৰাল ফাঁট দিছে, যাৰ ফলত বিপাঙত পৰিছে শ শ খেতিয়ক। বিশেষকৈ বৰ্তমানৰ সময়ত সৰিয়হ খেতিৰ বাবে প্ৰয়োজনীয় পানী যোগান ধৰাত ব্যৰ্থ হৈছে জলসিঞ্চন বিভাগ।
উল্লেখ্য যে, বোকাখাত সমজিলাৰ নুমলীগড়ৰ সমিপৰ বিস্তৃত কৃষিপথাৰত চলিত বৰ্ষত ২০২৪-২৫ বৰ্ষৰ তুলনাত কৃষকে অধিক মাটিত সৰিয়হৰ খেতি কৰিছিল যদিও উপযুক্ত বতৰ নোপোৱাত চিন্তিত হৈ পৰিছে কৃষকসকল। ধোদাং, কুৰুৱাবাহী, বৰাইখোৱা, এলেংমাৰী আদি অঞ্চলত প্ৰায় ১০ হাজাৰ বিঘাটকৈ অধিক মাটিত সৰিয়হৰ খেতি কৰিছে কৃষক ৰাইজে। পূৰ্বৰ তুলনাত ১৫ ৰ পৰা ২০ শতাংশ বৃদ্ধি হৈছে সৰিয়হৰ খেতি। কিন্তু বিগত দহবছৰ বোকাখাতৰ বিধায়ক হৈ থকা মন্ত্ৰী অতুল বৰাক কৃষক ৰাইজে বোকাখাত-নুমলীগড়ৰ কৃষি পথাৰত বছৰৰ সকলো সময়তে সুবিধা লাভ কৰিব পৰাকৈ জলসিঞ্চনৰ দাবী কৰি আহিছে যদিও কাণসাৰ কৰা নাই বিধায়ক গৰাকীয়ে। ফলত বোকাখাত-নুমলীগড়ৰ কৃষকে এতিয়াও বতৰৰ ওপৰত নিৰ্ভৰ কৰি থাকিব লগীয়া হৈছে। কেৱল সিমীত সংখ্যক কৃষকে নিজাকৈ জলসিঞ্চনৰ ব্যৱস্থা কৰিছে যদিও যন্ত্ৰপাতি আৰু ইন্ধনৰ চৰা দামৰ বাবে অসুবিধাত পৰা পৰিলক্ষিত হৈছে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/04/whatsapp1-2026-01-04-19-03-41.jpeg)
এইবাৰো জলসিঞ্চনৰৰ অভাৱতেই সৰিয়হ খেতিৰ কৃষকে মূৰে-কপালে হাত দিব লগা অৱস্থাৰ সৃষ্টি হৈছে। কাৰণ পূৰ্বৰ তুলনাত ৰবি শস্যৰ বতৰত বৰষুণৰ পৰিমান কম হোৱাৰ বাবে সৰিয়হ খেতিৰ উপযুক্ত বিকাশ নোহোৱাৰ কথা জানিবলৈ দিছে কৃষক ৰাইজে। বোকাখাত সমজিলাখনৰ নুমলীগড়ৰ সমিপৰ ধোদাং গাঁৱৰ বিস্তৃত কৃষিপথাৰত সৰিয়হৰ খেতি কৰা হৈছিল যদিও উপযুক্ত বিকাশ নোহোৱাত চিন্তিত হৈ পৰিছে কৃষক ৰাইজ। কাৰণ অধিকাংশ কৃষকেই গাঁঠিৰ ধন ভাঙি বীজ-সাৰ-কীটনাশক আদি ক্ৰয় কৰিছে। ৰাজ্যখনৰ বিয়াগোম কৃষি বিভাগৰ পৰা উপযুক্ত সহযোগিতা লাভ কৰা নাই কৃষক ৰাইজে। ফলত সয়য়ত ব্যাপক লোকচানৰ আশংকা কৰা হৈছে।
একেদৰেই কুৰুৱাবাহী, বৰাইখোৱা, এলেংমাৰী আদিৰ কৃষকৰ ক্ষেত্ৰটো একেই সমস্যাই বিৰাজ কৰিছে। এই সন্দৰ্ভত কুৰুৱাবাহীৰ কৃষক দিগন্ত শইকীয়াই কয় - "এইবাৰ সৰিয়হৰ খেতিত ৰাইজে লাভৰ মুখ দেখা নাপাব। বহু কৃষকে ঋণ লৈ খেতি কৰিছে, সাৰ-বীজ নিজে ক্ৰয় কৰিছে। জলসিঞ্চন নথকা পথাৰত সৰিয়হৰ খেতি ভাল হোৱা নাই। আনহাতে কৃষি বিভাগে বিধায়কৰ লগত ঘনিষ্ঠ সম্পৰ্ক থকা লোককহে সুবিধা প্ৰদান কৰি আহিছে গতিকে এইবাৰ কৃষকৰ ধাৰৰ বোজা বাঢ়িব"।
প্ৰণিধানযোগ্য যে, উপযুক্ত বতৰৰ অভাৱত কেৱল সৰিয়হেই নহয় ৰঙালাও খেতিটো ব্যাপক প্ৰভাৱ পৰিছে। কাৰণ উক্ত অঞ্চলসমূহত সৰিয়হতকৈও অধিক ৰূপত কৰা হৈছে ৰঙালাও খেতি। কৃষক ৰাইজে জানিবলৈ দিয়া মতে বহু ৰঙালাও খেতিয়কে আগতীয়াকৈ ব্যৱসায়ীৰ পৰা ধন লৈ ৰঙালাও খেতি কৰিছে। গতিকে অধিকাংশ কৃষকেই যে এইবাৰ বিপদত পৰিব সেয়া নিশ্চিত হৈ পৰিছে ।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/04/whatsapp-ima-2026-01-04-19-03-59.jpeg)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us