বোকাখাতত আবৃত্তি শিক্ষণ কেন্দ্ৰ "প্ৰয়াস কাব্যকানন"ৰ দহবছৰ পূৰ্তিত বিশেষ অনুষ্ঠান"

কাননৰ দহবছৰীয়া পূৰ্তিত দেওবাৰে বোকাখাত জাতীয় বিদ্যালয় প্ৰাংগনত উপস্থিত হয় এই কেন্দ্ৰৰ পৰা শিক্ষা সমাপ্ত কৰা, বৰ্তমানেও ইয়াৰ শিক্ষাৰ্থী,  বিশিষ্ট ব্যক্তি,  অভিভাবক আৰু অন্যান্য গুণগ্ৰাহী সকল।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল ডেস্কঃ বোকাখাতত  আবৃত্তি শিক্ষণ কেন্দ্ৰ "প্ৰয়াস কাব্য কানন"ৰ দহবছৰীয়া পূৰ্তিত দেওবাৰে এক বিশেষ সভা আৰু আবৃত্তি অনুষ্ঠানৰ আয়োজন কৰা হয় ৷ ২০১৫ চনতে বোকাখাত আৰু কমাৰগাঁৱত একত্ৰে স্থাপন হৈছিল আবৃত্তি শিক্ষণৰ অন্যতম কেন্দ্ৰ "প্ৰয়াস কাব্যকানন"ৰ ৷  কাননৰ দহবছৰীয়া পূৰ্তিত দেওবাৰে বোকাখাত জাতীয় বিদ্যালয় প্ৰাংগনত উপস্থিত হয় এই কেন্দ্ৰৰ পৰা শিক্ষা সমাপ্ত কৰা,  বৰ্তমানেও ইয়াৰ শিক্ষাৰ্থী,  বিশিষ্ট ব্যক্তি,  অভিভাবক আৰু অন্যান্য গুণগ্ৰাহী সকল।

180c624a-08a5-4e24-97ae-10dc7b6dafac

উল্লেখ্য যে বোকাখাত জাতীয় বিদ্যালয় প্ৰাংগনত ২০১৫ চনত আবৃত্তি ৰত্ন , অসম চৰকাৰৰ সাহিত্যিক পেঞ্চনাৰ শান্তিছায়া শইকীয়াৰ উপস্থিতিত আৰু আবৃত্তি ৰত্ন ড৹ গায়ত্ৰী বৰা কাকতিৰ নেতৃত্বত  "প্ৰয়াস কাব্য কাননে" জন্ম লাভ কৰিছিল ৷ কমাৰগাঁও মহাবিদ্যালয়তো এই কাব্যকাননৰ এটা শাখা একেটা বৰ্ষতে মুকলি কৰি গত ১০ বছৰে নিৰৱচিন্ন পাঠদান আৰু ব্যৱহাৰিক প্ৰশিক্ষণ চলি আহিছে ৷ কমাৰগাঁও  মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ মুৰব্বী অধ্যাপক  ড৹ গায়ত্ৰী বৰা কাকতিক মুখ্য প্ৰশিক্ষক আৰু বোকাখাত জাতীয় বিদ্যালয়ৰ অধ্যক্ষ ইনজু আহমেদক কেন্দ্ৰ সমন্বয়ক হিচাপে লৈ প্ৰতি ৰবিবাৰে বোকাখাত জাতীয় বিদ্যালয়ত আৰু প্ৰতি শনিবাৰে কমাৰগাঁও মহাবিদ্যালয়ত পদ্ধতিগত আবৃত্তি  চৰ্চা চলি আহিছে ৷ 

ইতিমধ্যে ৩০ গৰাকী শিক্ষাৰ্থীয়ে ৭ বছৰীয়া আবৃত্তি পাঠ্যক্ৰমৰ অন্তত বিশাৰদ ডিগ্ৰী লাভ কৰিছে ৷ ক'লকাতাৰ  সৰ্বভাৰতীয় সংগীত আৰু সংস্কৃতি পৰিষদৰ অধীনত এই অনুষ্ঠানটো  স্থাপিত ৷  প্ৰয়াস কাব্য কানন আবৃত্তি শিক্ষণ কেন্দ্ৰৰ  ১০ বছৰীয়া পূৰ্তিত আজিৰ অনুষ্ঠানৰ প্ৰথমে জুবিন গাৰ্গ,  ড৹ ভূপেন হাজৰিকা আৰু আবৃত্তি প্ৰাণ প্ৰয়াত গোলাপ চন্দ্ৰ বৰাৰ প্ৰতিচ্ছবিত প্ৰয়াস অধ্যয়ন চক্ৰৰ স্থায়ী সভাপতি নিজৰা বৰঠাকুৰ আৰু আন সকলে  বন্তি প্ৰজ্বলন আৰু পুষ্পাৰ্ঘ অৰ্পণ কৰে ৷ ইয়াৰ পিচতে শিক্ষণ কেন্দ্ৰটোৰ কমাৰগাঁও মহাবিদ্যালয়,  বোকাখাত জাতীয় বিদ্যালয়,  ব্ৰহ্মপুত্ৰ জাতীয় বিদ্যালয়,  ৰঙাগড়া,  মহুৰামুখ জাতীয় বিদ্যালয়ৰ ডেৰশতাধিক শিক্ষাৰ্থীয়ে কবিতা আবৃত্তিৰ অনুষ্ঠান পৰিৱেশন কৰে ৷ 

efbe22ee-91f5-4f23-bd95-f843ba1a6486

এই অনুষ্ঠানৰ এক অন্যতম কাৰ্যসূচী ড৹ গায়ত্ৰী বৰা কাকতিৰ পৰিচালনাত "বোকাখাতৰ কবি" শীৰ্ষক এখন আলেক্ষ্যত  সমীৰ তাঁতী,  নিজৰা বৰঠাকুৰ, পুতুল হাজৰিকা ,  দিলীপ ফুকন,  ৰফিকুল হুছেইন, মৃদুল বৰুৱা,  চেনীৰাম গগৈ,  পুলিন শৰ্মা,  অজিত গগৈ,  জীৱন নৰহ আৰু বিমান দলেৰ কবিতাৰে  আলেখ্য পৰিবেশন কৰে  ৷ অনুষ্ঠানত আবৃত্তি বিষয়ক দুখন গ্ৰন্থ ক্ৰমে ড৹ গায়ত্ৰী বৰা কাকতিৰ "পৰিৱেশ্য কলা আবৃত্তি" উন্মোচন কৰে কমাৰগাঁও মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ড৹ বিজুলি বৰচেতিয়াই  আৰু গোলাপ চন্দ্ৰ বৰাৰ "আবৃত্তি শিকোঁ আঁহা" গ্ৰন্থখন উন্মোচন কৰে শান্তিছায়া শইকীয়াই আৰু প্ৰয়াস কাব্যকানৰ দহবছৰ পূৰ্তিত প্ৰকাশিত এখন ১২ পৃষ্ঠাৰ ৰঙীন পুস্তিকা উন্মোচন কৰে অসমৰ বিশিষ্ট গল্পকাৰ শিৱানন্দ কাকতিয়ে ৷ 

অনুষ্ঠানত শিক্ষাৰ্থী সকলক উদ্দেশ্যি অসমৰ বিশিষ্ট আবৃত্তিকাৰ উপম শইকীয়াই আবৃত্তিৰ প্ৰায়োগিক দিশ সম্পৰ্কে আৰু পৰিৱেশ্য কলা হিচাপে আবৃত্তিক বিদ্যালয়, মহাবিদ্যালয়ৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰাৰ বিষয়ে নিজৰ ভাষণত গুৰুত্ব প্ৰদান কৰে ৷ অনুষ্ঠানত আবৃত্তি শিক্ষণ কেন্দ্ৰটোৰ পৰা গত দহবছৰত বিশাৰদ ডিগ্ৰী লাভ কৰা ৩০ গৰাকী শিক্ষাৰ্থীক বিশেষ সম্বৰ্ধনা জ্ঞাপন কৰা হয় ৷ আজিৰ অনুষ্ঠানত গোলাপ চন্দ্ৰ বৰাৰ পৰিবাৰ খগমাই বৰা, "অসম আবৃত্তি মঞ্চ" ৰ পৰা প্ৰণৱ বৰপাত্ৰ গোঁহাই , ৰাজীৱ বল্লভ গোস্মামী,  মানবজ্যোতি বৰা,  চয়নিকা বৰা নন্দীয়ে অংশগ্ৰহণ কৰে ৷  সমগ্ৰ অনু্ষ্ঠানটোৰ আত ধৰে ড৹ গায়ত্ৰী বৰা কাকতিয়ে। 

বোকাখাত