হাতী পোৱালীটোৰ চিকিৎসাৰ ব্যৱস্থা কৰিলে 'বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনৰ সংস্থাপন কেন্দ্ৰ'ই

গোলাঘাট জিলাৰ মৰঙি মৌজাত হাতী-মানুহৰ সংঘাটে তীব্ৰ ৰূপ ধাৰণ কৰি থকাৰ সময়তেই অঞ্চলটোত এটি আঘাতপ্ৰাপ্ত হাতী পোৱালীৰ দুৰ্দশাই ব্যথিত কৰি তুলিছে সাধাৰণ ৰাইজ তথা প্ৰকৃতিপ্ৰেমীক।

author-image
Asomiya Pratidin
New Update
new ap web 4

ডিজিটেল সংবাদ, বোকাখাতঃ গোলাঘাট জিলাৰ মৰঙি মৌজাত হাতী-মানুহৰ সংঘাটে তীব্ৰ ৰূপ ধাৰণ কৰি থকাৰ সময়তেই অঞ্চলটোত এটি আঘাতপ্ৰাপ্ত হাতী পোৱালীৰ দুৰ্দশাই ব্যথিত কৰি তুলিছে সাধাৰণ ৰাইজ তথা প্ৰকৃতিপ্ৰেমীক।

বিগত ১ অক্টোবৰত বকিয়াল চাহ বাগিছাত মাকৰ লগত বিচৰণ কৰি থকা অৱস্থাত বাগিছাৰ নলাত পৰি আঘাতপ্ৰাপ্ত হৈছিল হাতী পোৱালিটো। সেই সময়ত পোৱালিটো স্থানীয় ৰাইজৰ সহযোগত বন বিভাগে উদ্ধাৰ কৰিছিল যদিও অতি দুৰ্বল হৈ পৰা পোৱালিটো বিগত ন দিন ধৰি বিভিন্ন ঠাইত চাহ বাগিছাৰ নলাত, ধাননি পথাৰত পৰি পুনৰ আঘাতপ্ৰাপ্ত হৈছে।

ইফালে বিগত দিনকেইটাত হাতী পোৱালিটোক কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনৰ সংস্থাপন কেন্দ্ৰৰ চিকিৎসক ডাঃ মোহিত আৰু তেওঁৰ সহযোগীসকল অঞ্চলটোত উপস্থিত হৈ থলিতে চিকিৎসা প্ৰদান কৰি আহিছে যদিও সুস্থ হৈ উঠা নাছিল পোৱালিটো।

আজি পুনৰ চিকিৎসকে প্ৰায় অৱস হৈ পৰা হাতী পোৱালিটো উদয়ন চাহ বাগিছাৰ পৰা উদ্ধাৰ কৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনৰ সংস্থাপন কেন্দ্ৰলৈ নি চিকিৎসাৰ ব্যৱস্থা কৰিছে বুলি জানিবলৈ দিছে চিকিৎসক দলটোৱে।

উল্লেখ্য যে, বৃহত্তৰ মৰঙি অঞ্চলৰ চাহ বাগিছা সমূহৰ অপৰিকল্পিত কেতবোৰত নলা, স্থানীয় খেতিয়কে ধাননি পথাৰত সংযোগ কৰা বৈদ্যুতিক তাঁৰ আদিৰ বাবে পূৰ্বতেও এনেদৰে হাতী আঘাতপ্ৰাপ্ত হোৱাৰ ঘটনা সংঘটিত হৈছে যদিও এই ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰা নাই গোলাঘাট জিলা বন বিভাগে।

হাতীৰ উপদ্ৰৱ বনৰীয়া হাতী