কৃত্ৰিম বানত বিপৰ্যস্ত কুৰুৱাবাহী তিনিআলিঃ কাণসাৰ নাই বিভাগীয় কৰ্তৃপক্ষৰ

পূৰ্বতে কোনোদিনেই কৃত্ৰিম বানৰ কবলত নপৰা বোকাখাত বিধান সভা সমষ্টিৰ সদাব্যস্ত ব্যৱসায়ীক আৰু আৱাসিক অঞ্চল কুৰুৱাবাহী তিনি আলি এতিয়া এজাক বৰষুণতেই জলমগ্ন হোৱা অৱস্থাৰ সৃষ্টি হৈছে।

author-image
Asomiya Pratidin
New Update
fhgjhhusffedfedf

ডিজিটেল সংবাদ, বোকাখাতঃ পূৰ্বতে কোনোদিনেই কৃত্ৰিম বানৰ কবলত নপৰা বোকাখাত বিধান সভা সমষ্টিৰ সদাব্যস্ত ব্যৱসায়ীক আৰু আৱাসিক অঞ্চল কুৰুৱাবাহী তিনি আলি এতিয়া এজাক বৰষুণতেই জলমগ্ন হোৱা অৱস্থাৰ সৃষ্টি হৈছে।

বৃহত্তৰ কুৰুৱাবাহী অঞ্চলৰ ৫০খনতকৈও অধিক গাঁও ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ সংযোগ কৰা এই অতি গুৰুত্বপূৰ্ণ পথচোৱাত এজাক বৰষুণতেই সৃষ্টি হোৱা কৃত্ৰিম বানে ভীষণ অসুবিধাত পেলাইছে জনসাধাৰণক। বৃহত্তৰ কুৰুৱাবাহী অঞ্চলৰ প্ৰধান ব্যৱসায়ীক অঞ্চল কুৰুৱাবাহী তিনি আলিৰ এই কৃত্ৰিম বানে ব্যৱসায়ীক প্ৰতিষ্ঠানসমূহক বিপদত পেলোৱাৰ উপৰিও সাধাৰণ পথচাৰীৰ জীৱন যাত্ৰা ব্যাহত কৰি তুলিছে। এআঁঠু পানীত ডুবি বিপদ সংকুল ভাৱে বিদ্যালয়লৈ যাত্ৰা কৰি লগীয়া হৈছে ছাত্ৰ-ছাত্ৰীয়ে। 

উল্লেখযোগ্য যে, কুৰুৱাবাহী তিনি আলিৰ নলা-নৰ্দমা আদি নিয়মীয়াকৈ পৰিষ্কাৰ নকৰা, অতিৰিক্ত পানী ওলাই যাব পৰা ঠাইত পৰিকল্পনাহীন ভাৱে গৃহ নিৰ্মাণ, প্লাষ্টিক আৱৰ্জনাৰ স্তুপ, সমীপৰ বৰছাপৰী চাহ বাগিছাৰ পৰা নামি অহা অনিয়ন্ত্ৰিত পানীৰ শ্ৰোত আদিয়েই এই কৃত্ৰিম বানপানী সৃষ্টি কৰিছে যদিও এই ক্ষেত্ৰত যাবতীয় ব্যৱস্থা গ্ৰহণ কৰা নাই কুৰুৱাবাহী পঞ্চায়ত, বৰছাপৰী চাহ বাগিছা আৰু গড়কাপ্তানী বিভাগে।

ভুক্তভোগী ৰাইজে কুৰুৱাবাহী তিনি আলিৰ এই কৃত্ৰিম বানপানীৰ সমস্যাৰ সমাধানৰ বাবে দীৰ্ঘদিনৰ পৰা বিভাগীয় কৰ্তৃপক্ষক অৱগত কৰি আহিছে যদিও কাণসাৰ নকৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে।

বোকাখাত