প্ৰস্তাৱিত মেৰ-কলাবৰীয়া বিল খননক লৈ কুৰুৱাবাহীত ৰাজহুৱা শুনানিৰ নামত প্ৰহসন

ৰাজহুৱা শুনানিৰ নামত এখন সাধাৰণ ৰাজহুৱা সভাহে আয়োজন কৰাৰ লগে লগে তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰে কুৰুৱাবাসী ৰাইজে ।

author-image
Asomiya Pratidin
New Update
ghsfgfdsdfd

ডিজিটেল সংবাদ, বোকাখাতঃ বোকাখাত সমজিলাৰ প্ৰস্তাৱিত মেৰ-কলাবৰীয়া বিল খননৰ বিষয়টোত স্থানীয় কুৰুৱাবাহীবাসী ৰাইজৰ তীব্ৰ বিৰোধিতা অব্যাহত থকা আৰু এই সন্দৰ্ভত স্থানীয় ৰাইজে ৰাজহুৱা শুনানিৰ দাবী কৰি থকাৰ পাছত কালি ৰাজহুৱা শুনানিৰ নামত জলসম্পদ বিভাগৰ বোকাখাত সংমণ্ডলে অৱশেষত এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰি প্ৰহসনহে কৰাৰ অভিযোগ উত্থাপন হৈছে। কুৰুৱাবাহীৰ নগঞা গাঁওস্থিত প্ৰগতি যুৱকসংঘৰ নাট্য মন্দিৰৰ আয়োজন কৰা হয় এই সভা।

ৰাজহুৱা শুনানিৰ নামত এখন সাধাৰণ ৰাজহুৱা সভাহে আয়োজন কৰাৰ লগে লগে তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰে কুৰুৱাবাসী ৰাইজে। কাৰণ ভাৰতৰ পৰিৱেশ সুৰক্ষা আইনৰ অধীনত বিশেষকৈ EIA Notification, 2006 অনুসৰি ৰাজহুৱা শুনানিৰ যি নীতি নিৰ্দেশনা তাক কিঞ্চিৎ পৰিমানেও পালন নকৰাকৈ ৰাজহুৱা শুনানিৰ নামত ৰাইজক আভুৱাহে ভৰিলে জলসম্পদ বিভাগৰ বোকাখাত সংমণ্ডলে। ফলত এই লৈ তীব্ৰ অসন্তুষ্টিৰ সৃষ্টি হয় সভাস্থলিত।

WhatsApp Image 2026-02-28 at 12.59.57 PM

অৱশ্যে, পৰৱৰ্তী সময়ত স্থানীয় সমাজকৰ্মী চিৰাম দাসৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত জলসম্পদ বিভাগৰ তৰফৰ পৰা মেৰ-কলাবৰীয়া বিল খনন আঁচনিখনে ধনশিৰি নদীৰ বানপানী আৰু খহনীয়া ৰোধ কৰিব বুলি কৰা হাস্যকৰ বক্তব্যৰ বিপৰীতে মেৰ-কলাবৰীয়া বিলখননৰ লগে লগেই বৃহত্তৰ কুৰুৱাবাহীত ধনশিৰি নদীৰ খহনীয়াই পুনৰ তীব্ৰ ৰূপ ধাৰণ কৰিব বুলি যুক্তি সহকাৰে‌ শক্তিশালী মত প্ৰকাশ কৰে কেইবাখনো গাঁৱৰ উপস্থিত প্ৰতিনিধিয়ে। মেৰকান গাঁৱৰ হৈ পল্লৱ হাজৰিকা, চিনাকান গাঁৱৰ হৈ ধিৰেন বৰা, নগঞা গাঁৱৰ হৈ দ্যুস্মন্ত দাস, শিঙাদৰীয়া গাঁৱৰ হৈ ধৰণী দাস, পৰঙ্গনীয়া গাঁৱৰ হৈ ৰোসেশ্বৰ শইকীয়াকে আদি কৰি কেইবাগৰাকীও বক্তায়ে এই ক্ষেত্ৰত নিজৰ শক্তিশালী মত দাঙি ধৰে।

লগতে মেৰ-কলাবৰীয়া বিল খননৰ পৰিৱৰ্তে কুৰুৱাবাহীত সংহাৰী ধাৰণ কৰি থকা ধনশিৰি নদীৰ খহনীয়াৰ স্থায়ী সমাধানৰ দাবী উত্থাপন কৰে কেইবাখনো গাঁৱৰ উপস্থিত গাঁওবাসীয়ে। অন্যথা, ইতিহাসে কেতিয়াও কুৰুৱাবাহীবাসীক ক্ষমা নকৰিব বুলি সকিয়াই দিয়ে কেইবাগৰাকীও বক্তাই।

WhatsApp Image 2026-02-28 at 12.55.24 PM

উল্লেখ্য যে, বৃহত্তৰ কুৰুৱাবাহী অঞ্চলৰ কেইবাখনো গাঁৱৰ প্ৰতিনিধি উপস্থিত থকা সভাখনত নুমলীগড় আঞ্চলিক ছাত্ৰ সন্থা আৰু জীপাল কৃষক শ্ৰমিক সংঘৰ প্ৰতিনিধি উপস্থিত থাকি ৰাইজৰ দাবীৰ প্ৰতি সন্মান জনাই বিল খনন আঁচনিখন কুৰুৱাবাহীৰ পৰা বাতিল কৰিবলৈ দাবী জনায়। 

এই ক্ষেত্ৰত জীপাল কৃষক শ্ৰমিক সংঘৰ মুখ্য উপদেষ্টা সোণেশ্বৰ নৰহে জনগণৰ দাবীক সন্মান আৰু আশংকা দূৰীকৰণৰ প্ৰাথমিক দায়িত্ব সম্পন্ন নকৰাকৈ কোনো প্ৰকল্প জাপি দিয়া উচিত নহয় বুলি কয়। সভাখনত বিভাগীয় কাৰ্যবাহী অভিযন্তা ৰাজেশ বৰুৱাই উল্লেখ কৰা প্ৰস্তাৱিত প্ৰকল্প থলিক চৰকাৰী ভূমি আখ্যাক পোনচাটেই নস্যাৎ কৰে, পূৰ্বপুৰুষৰ দিনৰ পৰা ভোগ কৰি অহা প্ৰতি চপৰা মাটিৰ ক্ষতিপূৰণ অবিহনে কোনো বিতাৰিত প্ৰকল্প বিধিসন্মত হ'ব নোৱাৰে বুলি মন্তব্য কৰে। মূল ধনশিৰি নদীৰ খহনীয়া ৰোধৰ স্থায়ী প্ৰকল্প গ্ৰহণ নকৰি,উক্ত প্ৰকল্পৰ দ্বাৰা পৰিবেশত পৰিব পৰা পাৰিপাৰ্শ্বিক প্ৰভাৱ (EIA)সম্পৰ্কে অধ্যয়ন সম্পন্ন নোহোৱাকৈ কোনো প্ৰকল্প গ্ৰহণ যোগ্য হ'ব নোৱাৰে, প্ৰকল্পৰ শেষত এই সম্পদৰ ভাৰ কাৰ হাতত দিয়া হ'ব ইয়াৰ সম্পৰ্কে Details Project Report (DPR) ৰাজহুৱা কৰাৰো দাবী তোলে।

তাৎপৰ্যপূৰ্ণ ভাৱে, প্ৰকল্পটোৰ নামকৰণতেই স্ববিৰোধীতা পৰিলক্ষিত হোৱা বুলি উল্লেখ কৰি নৰহে কয়,এখন জলাশয় অথবা আৰ্দ্ৰভূমি সংৰক্ষণ আইন থকাৰ পিছত কি দৰে তাৰ জৈৱবৈচিত্ৰ্য ধ্বংস কৰি খনন কৰিব। ইফালে, প্ৰকল্পটোত কোৱা হৈছে জলধাৰণ ক্ষমতা বৃদ্ধি কৰা এটা খাল নিৰ্মাণ। ইয়াতে স্পষ্ট যে ই এক সম্পূৰ্ণ পৃথক ব্যৱস্থাপনা। গতিকে দুয়োটা দিশ একাকাৰ কৰি চকুত ধূলি মৰা আচঁনিৰ মাজত বৃহৎ চক্ৰৰ গোপন অভিসন্ধি থকাৰ সন্দেহ প্ৰকাশ কৰে জীপালৰ মুখ্য উপদেষ্টা সোণেশ্বৰ নৰহে।

বোকাখাত