/asomiyapratidin/media/media_files/2025/10/03/xdsssdsdsdsdsd-2025-10-03-20-21-13.jpg)
ডিজিটেল সংবাদ, বোকাখাতঃ বোকাখাতত সৃষ্টি হয় এক অবাঞ্চিত পৰিস্থিতিৰ। চহৰখনৰ ই-ৰিক্সা চালকসকলে সাংবাদিক চন্দন হাজৰিকাৰ বিৰুদ্ধে ৰাজপথত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।
অভিযোগ অনুসৰি, হাজৰিকাই আৰক্ষীৰ ভূমিকাত অৱতীৰ্ণ হৈ এটা ই-ৰিক্সা চালকক ৰাজহুৱা স্থানত অপদস্থ কৰাৰ লগতে ই-ৰিক্সা চলোৱাত বাধা প্ৰদান কৰিছিল। আনকি ই-ৰিক্সা চালকৰ বিৰুদ্ধে মিছা বাতৰিও পৰিবেশন কৰিছিল।
প্ৰতিবাদী চালকসকলে সাংবাদিক গৰাকীক “তথাকথিত সাংবাদিক” বুলি অভিহিত কৰি তেওঁক সাংবাদিক সন্থাৰ লগতে কৰ্মৰত অনলাইন প’ৰ্টেলটোৰ পৰা বহিষ্কাৰৰ দাবী তোলে। ইয়াৰ পাছতে প্ৰতিবাদী ই-ৰিক্সা চালকসকলে হাজৰিকাৰ বিৰুদ্ধে থানাত এজাহাৰ দাখিল কৰে।
শুকুৰবাৰে এই ঘটনাটো সংঘটিত হোৱাৰ পিছত শতাধিক ই-ৰিক্সা চালকৰ প্ৰতিবাদৰত চন্দন হাজৰিকাই শেষত ৰাজহুৱাভাৱে ক্ষমা বিচাৰে। ইফালে, হাজৰিকাই কৰ্মৰত প’ৰ্টেলটোৰ পৰা তেওঁক অব্যাহতি দিয়া হৈছে বুলি জানিব পৰা গৈছে।