/asomiyapratidin/media/media_files/2025/09/30/bokakhat-30-2025-09-30-17-22-25.jpg)
ডিজিটেল সংবাদ বোকাখাতঃ বোকাখাতৰ কুৰুৱাবাহীত অষ্টমী পূজাৰ দিনটোৰ পুৱাতে অঘটন। পুখুৰীত মৃতদেহ উপঙি থকাক লৈ অঞ্চলজুৰি চাঞ্চল্য।
বোকাখাতৰ কুৰুৱাবাহী নেপালীখুটি গাৰোপাৰা গাঁৱত পুখুৰীত উদ্ধাৰ এটা মৃতদেহ। উদ্ধাৰ হোৱা মৃতদেহটো নেপালীখুটি গাৰোপাৰা গাঁৱৰ দুৰ্গেশ্বৰ গড় নামৰ এজন ব্যক্তিৰ।
প্ৰায় ৫৮ বছৰীয়া লোকজন সোমবাৰে পুৱাতে ঘৰৰ পৰা ওলাই আহিছিল। পৰিয়ালৰ লোকে মঙলবাৰ পুৱা মুকলি পথাৰত থকা এটা পুখুৰীত মৃতদেহ প্ৰত্যক্ষ কৰে।
বোকাখাত আৰক্ষী ঘটনাস্থলিত উপস্থিত হৈ ইতিমধ্যে তদন্ত আৰম্ভ কৰাৰ লগতে মৃতদেহ মৰণোত্তৰ পৰীক্ষা কৰাৰ ব্যৱস্থা কৰে।