/asomiyapratidin/media/media_files/2025/10/13/breaking-news-2025-10-13-13-29-39.jpg)
ডিজিটেল সংবাদ, বোকাখাতঃ নুমলীগড়ৰ সমীপৰ বিহৰা চাহ বাগিছাত অঘটন। দেওবাৰে নিশাৰ পৰা নিৰুদ্দেশ হৈ থকা এজন লোকৰ মৃতদেহ সোমবাৰে বাগিচাখনৰ যমুণা নামেৰে খ্যাত এটা পুখুৰীৰ পৰা উদ্ধাৰ কৰা হৈছে। মৃতদেহটো বাগিখনৰে ৪ নং লাইনৰ শংকৰ তাঁতী (৩১) বুলি জানিবলৈ দিছে স্থানীয় ৰাইজে।
ইফালে, বোকাখাতৰ সাতোলা গাৱঁতো মাছ ধৰিবলৈ গৈ অসাৱধানবসতঃ পথাৰৰ পুখুৰীত পৰি এজন লোকৰ মৃত্যু হৈছে। মৃত লোকজনৰ নাম বদন শইকীয়া (৪৫) বুলি জানিব পৰা গৈছে। পৰৱৰ্তী সময়ত ঘটনাস্থলীত বোকাখাত আৰক্ষী উপস্থিত হৈ দুয়োটা মৃতদেহৰ মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে।