শিল্পী পেঞ্চনাৰ হিচাপে ঘোষণা কৰাৰ পাছতো দিব লগা হৈছে শিল্পীৰ প্ৰমাণ…

শিল্পী পেঞ্চনাৰ হিচাপে ঘোষণা কৰাৰ পাছতো দিব লগা হৈছে শিল্পীৰ প্ৰমাণ…

author-image
asomiyapratidin
New Update
শিল্পী পেঞ্চনাৰ হিচাপে ঘোষণা কৰাৰ পাছতো দিব লগা হৈছে শিল্পীৰ প্ৰমাণ…

ডিজিটেল সংবাদ, বোকাখাতঃ শিল্পী পেঞ্চনাৰ হিচাপে ঘোষণা কৰাৰ পাছতো দিব লগা হৈছে শিল্পীৰ প্ৰমাণ ৷ যাৰ বাবে লাভ কৰা নাছিল শিল্পী পেঞ্চন।সেইয়া দিয়াও এমাহ হ'ল।চাওতে চাওতে যোৱা ১৫ আগষ্টত অসম চৰকাৰে ঘোষনা কৰা শিল্পী পেঞ্চন আশাৰে অপেক্ষা কৰি ৭ মাহ পাৰ কৰিলে বোকাখাতৰ আশীউৰ্দ্ধৰ এগৰাকী শিল্পীয়ে।

Advertisment

এইগৰাকী শিল্পী বোকাখাত মহকুমাৰ কুৰুৱাবাহী গাঁও পঞ্চায়তৰ অন্তৰ্গত মৰিয়াহোলা যোগনীয়া গাঁৱৰ ভলৌ হাজৰিকা ৷ এগৰাকী বৰবায়ন হিচাপে পৰিচিত ভলৌ হাজৰিকা সৰুৰে পৰাই খোল বাদ্যৰ সৈতে জড়িত ৷ সেই সূত্ৰে ৰাজ্য চৰকাৰে ভলৌ হাজৰিকাক ২০২০ বৰ্ষৰ ১৫ আগষ্টত শিল্পী পেঞ্চনাৰ হিচাপে ঘোষণা কৰিছিল ৷ ১৫ আগষ্টৰ পৰাই কাৰ্যকৰি হোৱাকৈ শিল্পী পেঞ্চন লাভ কৰিব বুলি ঘোষণা কৰিছিলি যদিও ২০২১ বৰ্ষৰ আজিৰ দিনটোলৈকে শিল্পীগৰাকীয়ে শিল্পী পেঞ্চনৰ নামত ফুটাকড়ি এটাও লাভ নকৰিলে।

চৰ্ম কৰ্কট ৰোগত ভোগী থকা অতি দৰিদ্ৰ ভলৌ হাজৰিকাই শিল্পী পেঞ্চন লাভৰ আশাত বিভিন্ন ব্যক্তিৰ পৰা ধন ধাৰে লৈ গুৱাহাটীত ৰোগ চিকিৎসা কৰাইছিল ৷এতিয়া প্ৰায় ৫০ হাজাৰ টকা ঋণৰ বোজা।কিন্তু শিল্পী পেঞ্চন লাভ নকৰা ভলৌ হাজৰিকাক এতিয়া ধন ধাৰ দিয়াসকলে ধন ওভতাই বিচৰাত বিপদত পৰিছে শিল্পীগৰাকী ৷সৃষ্টি হৈছে মাটি বন্ধকত দিবলগীয়া পৰিস্থিতিৰ।

ইফালে চৰকাৰে শিল্পী পেঞ্চনৰ বিপৰীতে শিল্পীগৰাকীৰ পৰা নতুন নতুন তথ্য বিচাৰি আবেদন প্ৰ- পত্ৰহে প্ৰেৰণ কৰিছে ৷ যাৰ বাবে অনাক্ষৰি ভলৌ হাজৰিকা আন এক বিপদত পৰিছিল যদিও সেইয়া জমা দিয়াও এমাহ হ'ল৷ শিল্পী পেঞ্চন লাভ কৰাৰ পাছত বিভিন্ন সংগঠনে ব্যক্তি গৰাকীক জনাইছিল সম্বৰ্ধনা। ঘৰৰ বেৰত ওলমি আছে কাজিৰঙা নিউজ নেটৱৰ্ক,বোকাখাত নাট্য মন্দিৰ, জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য মঞ্চ অসমকে ধৰি বিভিন্ন সংগঠনে জনোৱা সম্বৰ্ধনা পত্ৰ।বেৰত ওলমি আছে বোকাখাতৰ বিধায়ক, জ্যেষ্ঠ মন্ত্ৰী অতুল বৰাৰো সুদৃশ্য কেলেণ্ডাৰ।

বৰবায়ন ভলৌ হাজৰিকা এতিয়া হতাশগ্রস্ত। চৰ্ম কৰ্কট ৰোগ বিয়পিছে শৰীৰৰ ইঠাইৰ পৰা সিঠাইলৈ। উপযুক্ত চিকিৎসা ল'ব পৰা নাই এই গৰাকী বৰবায়ন ভলৌ হাজৰিকাই।জানিব পৰা মতে চৰকাৰী ভাৱে যোৱা ১৫ আগষ্টত ঘোষনা কৰা শিল্পী সাহিত্যিক পেঞ্চন আজি পৰ্যন্ত ঘোষনাতে সীমাবদ্ধ থাকিলে। বোকাখাতৰ শিল্পী- সাহিত্যিক পেঞ্চনৰ তালিকাত নাম থকা কোনো এজনেই এই পৰ্যন্ত লাভ নকৰিলে পেঞ্চ