পাহাৰীয়া জুৰিয়েই খোৱা পানীৰ ভৰসাঃ অতুল বৰাৰ সমষ্টিত উন্নয়নৰ ফোঁপোলা স্বৰূপ

বিগত দুটাকৈ কাৰ্যকাল বিধায়ক হিচাপে বোকাখাতৰ গাদী দখল কৰি থকা জেষ্ঠ কেবিনেট মন্ত্ৰী অতুল বৰাৰ সমষ্টিৰ এটা অঞ্চলত এতিয়াও পাহাৰীয়া জুৰিৰ পানী সেৱন কৰি থাকিব লগীয়া হৈছে ৰাইজে।

author-image
Asomiya Pratidin
New Update
fefefefdf

ডিজিটেল সংবাদ, বোকাখাতঃ বিগত দুটাকৈ কাৰ্যকাল বিধায়ক হিচাপে বোকাখাতৰ গাদী দখল কৰি থকা জেষ্ঠ কেবিনেট মন্ত্ৰী অতুল বৰাৰ সমষ্টিৰ এটা অঞ্চলত এতিয়াও পাহাৰীয়া জুৰিৰ পানী সেৱন কৰি থাকিব লগীয়া হৈছে ৰাইজে। যিমানেই গ্ৰাম্য উন্নয়ণৰ জ‌য়ঢোল নবজাওক কিয় অতুল বৰাৰ গৃহ সমষ্টিৰ কেতবোৰ অঞ্চলত প্ৰকৃততেই বিগত দহ বছৰে একো উন্নয়ণৰ কাম নকৰিলে মন্ত্ৰী গৰাকীয়ে।

বোকাখাত বিধান সভা সমষ্টিত বৃহৎ বৃহৎ জলজীৱন আঁচনিৰ প্ৰকল্পৰ নামত যে বিভাগীয় মন্ত্ৰী, আমোলা, ঠিকাদাৰহে টনকিয়াল হ'ল তাৰ অন্যতম প্ৰমাণ এতিয়াও পাহাৰীয়া জুৰিৰ পানী সেৱন কৰি থাকিব লগীয়া ৰজাবাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত লখৌজানৰ লক্ষ্মীজুৰি গেলেকী পথাৰ অঞ্চলটো। য'ত উন্নয়ণৰ নামত বিগত সময়চোৱাত একোয়েই কাৰ্যসূচী গ্ৰহণ নকৰি চৰম বঞ্চনাৰ মাজত ৰখা হ'ল অঞ্চলবাসীক। বছৰ বছৰ ধৰি পাহাৰীয়া জুৰিৰ পৰা খোৱা পানী সংগ্ৰহ কৰা এগৰাকী মহিলাই ক'লে - "পাহাৰৰ পানীয়েই আমি খাবলগীয়া হয়। জুৰীৰ পানী চেকনিৰে চেকি গৰম কৰি খোৱাৰ বাহিৰে আমাৰ উপায় নাই। বেমাৰ আজাৰ হ'ল ডাক্তৰে চাফা পানী ব্যৱহাৰ কৰিবলৈ কয়, কিন্তু চাফা পানী আমি ক'ত পাম ?"

WhatsApp Image 2026-02-24 at 8.06.53 PM

উল্লেখযোগ্য যে, কাৰ্বি আংলং আৰু বোকাখাতৰ সীমান্তৱৰ্তী এই অঞ্চলটোৰ ৪০ ৰপৰা ৪৫ ঘৰ মানুহৰ বাবে বৰ্তমানেইও খোৱা পানীৰ একমাত্ৰ সম্বল কাৰ্বি পাহাৰৰ পৰা বৈ অহা জুৰি। বোকাখাতত এটা বিয়াগোম জন স্বাস্থ্য কাৰিকৰী বিষয়াৰ  কাৰ্যালয় থকাৰ পিছতো বছৰৰ পাছত বছৰ ধৰি দুৰ্ভোগ ভুগিব লগীয়া হৈছে এই অঞ্চলৰ ৰাইজে।

কেৱল সেয়াই নহয় অঞ্চলটোৰ যাতায়াত ব্যৱস্থাও অত্যন্ত পুতৌলগা, লাভ কৰা নাই চৰকাৰী বাসগৃহ। স্বাধীনতাৰ ৭৮বছৰৰ পাছতো এক সুচল যাতায়াত, এটা চৰকাৰী আবাসগৃহ, উপযুক্ত স্বাস্থ্যসেৱা, শিক্ষাৰ বাবে হাহাকাৰ কৰি থাকিব লগীয়া হৈছে অতুল বৰাৰ গৃহ সমষ্টিৰ এইসকল লোকে। আনকি নিজৰ কাৰ্যকালত অঞ্চলটোত  মন্ত্ৰী অতুল বৰাই এবাৰলৈও ভুমুকি নমৰাৰ অভিযোগ স্থানীয় বাসিন্দাৰ। " আমাৰ ইয়াত উন্নয়ণৰ নামত একো কাম নকৰিলে বিধায়ক গৰাকীয়ে। ৰাস্তাৰ অৱস্থা আপোনালোকে দেখিছেই। চৰকাৰী ঘৰৰ পৰাও আমি বঞ্চিত হৈ আছো। ইফালে বনৰীয়া হাতীৰ ভয় আছেই।" - আন এগৰাকী অঞ্চলবাসীয়ে  ক'লে এনেদৰে।

এইক্ষেত্ৰত স্বাভাৱিকতেই প্ৰশ্ন হয়, কেৱল ভোট প্ৰদান কৰিবৰ বাবেই বিগত সময়চোৱাত লক্ষ্মীজুৰি গেলেকীবাসীক অতুল বৰাৰ বোকাখাত সমষ্টিৰ বাসিন্দা কৰি ৰখা হ'ল নেকি ? শাসনাধিষ্ঠ বিজেপি চৰকাৰৰ বিয়াগোম আঁচনিয়ে কিয় আজিও স্পৰ্শ নকৰিলে লক্ষ্মীজুৰি গেলেকীবাসীক।

বোকাখাত