/asomiyapratidin/media/media_files/2026/02/07/whatsapp-imag-2026-02-07-18-16-26.jpeg)
ডিজিটেল সংবাদ, বোকাখাতঃ ৰাজ্যত ইতিমধ্যে বিধান সভা নিৰ্বাচনৰ বতাহ বলিবলৈ আৰম্ভ কৰিছে। প্ৰতিটো দলৰে মিত্ৰতা, প্ৰাৰ্থিত্বকেন্দ্ৰীক আলোচনা সম্প্ৰতি তুংগত উঠিছে। কোনে প্ৰাৰ্থিত্ব পাব, কাৰ প্ৰাৰ্থিত্ব কৰ্তন হ'ব, কোনগৰাকী বিধায়কে সমষ্টিত বিগত পাঁচ বছৰত কি কাম কৰিলে এই লৈ চলিছে ব্যাপক আলোচনা।
ৰাজ্যৰ ১২৬ টা বিধান সভা সমষ্টিৰ ভিতৰত অত্যন্ত হাই ভল্টেজ সমষ্টি বুলি বিবেচিত হৈ আহিছে বোকাখাত বিধান সভা সমষ্টি। যোৱা দুটাকৈ কাৰ্যকাল বোকাখাত বিধানসভা সমষ্টি দখল কৰি আছে অগপৰ সভাপতি, কেবিনেট মন্ত্ৰী অতুল বৰাই। বিজেপিৰে মিত্ৰজোঁটত বান্ধ খাই থাকিলেও এইবাৰো বোকাখাত সমষ্টি অগপকে এৰি দিব বিজেপিয়ে। সেই পৰিপেক্ষিতে সমষ্টিটোৰ পুনৰ প্ৰাৰ্থী হ'ব অতুল বৰা।
পিছে বোকাখাত সমষ্টিৰ ভোটাৰৰ মাজত প্ৰশ্ন উত্থাপন হৈছে যে বিগত দহটা বছৰত অতুল বৰাই কি গুৰুত্বপূৰ্ণ অবদান আগবঢ়ালে বোকাখাত সমষ্টিত। ২০১৬ চনৰ সৰ্বানন্দ সোণোৱাল চৰকাৰৰ পৰা বৰ্তমানৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰলৈকে কৃষি বিভাগৰ মন্ত্ৰী হৈ আছে অতুল বৰা। লগতে অসম চুক্তি আৰু আবকাৰী বিভাগৰো দায়িত্বত আছে অতুল বৰা। বিগত মন্ত্ৰী সভাৰ সম্প্ৰসাৰণৰ বেলিকা অতুল বৰাৰ পৰা কৰ্তন কৰা হয় পশুপালন বিভাগ আৰু ইয়াৰ পৰিবৰ্তে দিয়া আবকাৰী বিভাগ। কিন্তু কৃষি বিভাগৰ দৰে এটা গুৰুত্বপূৰ্ণ বিভাগত থকা পাছতো অতুল বৰাই বিগত কাৰ্যকালত সমষ্টিটোৰ কৃষি ক্ষেত্ৰখন বিশেষ একো পৰিবৰ্তন সাধন নকৰাৰ অভিযোগ উত্থাপন কৰি আহিছে সমষ্টিবাসীয়ে।
বোকাখাত বিধানসভা সমষ্টি মূলতঃ এটা কৃষিপ্ৰধান সমষ্টি আৰু সমষ্টিটোৰ কৃষকে উৎপাদন কৰে বৃহৎ পৰিমানৰ শস্য কিন্তু এই বৃহৎ পৰিমানৰ শস্য মজুত ৰাখিব পৰাকৈ সমষ্টিটোত নাই এটা উপযুক্ত শীতল ভঁৰাল। নুমলীগড় শোধনাগাৰ পুঁজিৰে সমষ্টিটোৰ পানবাৰীত এটা শীতল ভঁৰাল স্থাপন কৰা হ'ল যদিও ই বৃহৎ সমষ্টিটোৰ বাবে পৰ্যাপ্ত নহয়। ফলত কৃষকৰ উৎপাদিত শস্য পথাৰতে নষ্ট হৈ যোৱাৰ অভিজ্ঞতাও আছে বোকাখাত সমষ্টিৰ কৃষকৰ।
ইফালে কৃষক ৰাইজ উপকৃত হ'ব পৰাকৈ পঞ্চায়তে পঞ্চায়তে একোটাকৈ ক্ষুদ্ৰ শীতল ভঁৰাল স্থাপনৰ দাবী সমষ্টিবাসীয়ে কৰি আহিছে যদিও দুটাকৈ কাৰ্যকালত মন্ত্ৰী অতুল বৰাই পুৰণ নকৰিলে এই দাবী। আনকি সমষ্টিটোৰ কৃষি পথাৰসমূহত নহ'ল বাৰমাহেই জলসিঞ্চনৰ ব্যৱস্থা। ৰাষ্টা-ঘাট, চৰকাৰী ঘৰ আদি আন সমষ্টিৰ দৰেই জনসাধাৰণে লাভ কৰিছে যদিও সমষ্টিবাসীলৈ বিগত দহ বছৰে মন্ত্ৰী অতুল বৰাই আগনবঢ়ালে কোনো গুৰুত্বপূৰ্ণ অবদান।
একেদৰে, সতী সাধনী বিশ্ববিদ্যালয়খন বোকাখাত সমষ্টিতে হোৱাৰ কথা আছিল যদিও অতুল বৰাৰ চৰম হেমাহীৰ বাবেই সেইখনো স্থাপন হ'লগৈ গোলাঘাটতহে। আনহাতে বোকাখাত সমষ্টিবাসীৰ স্বাস্থ্যৰ বেলিকা একমাত্ৰ ভৰসা শ্বহীদ কমলা মিৰি অসামৰিক চিকিৎসালয়, বেজা বৈষ্ণৱ অসামৰিক চিকিৎসালয় দুখনো বাৰেকুৰি সমস্যাৰে ভাৰাক্ৰান্ত। এই দুয়োখন চিকিৎসালয়ৰ পৰা প্ৰায় প্ৰতিদিনেই উপযুক্ত চিকিৎসাৰ পৰা বঞ্চিত হৈ আহাৰ অভিযোগ উত্থাপন কৰি আহিছে সমষ্টিবাসীয়ে।
নিৰ্বাচনী বতৰত উত্থাপিত এনে অভিযোগৰ পৰিপ্ৰেক্ষিতত এতিয়া কোন হ'ব বিৰোধীৰ প্ৰাৰ্থী। সমষ্টিটোত বিৰোধীৰ প্ৰধান দল হিছাপে আছে কংগ্ৰেছ। দলটোৰ পৰা এইবাৰ প্ৰাৰ্থিত্ব বিচাৰিছে চাৰিগৰাকীয়ে। তেওঁলোক হ'ল প্ৰাক্তন উপায়ুক্ত উৎপল দলে, সীমান্ত শইকীয়া, হৰি প্ৰসাদ শইকীয়া আৰু বিজু পেগু। ইয়াৰে উৎপল দলেয়ে কেইমানমান পূৰ্বেহে যোগদান কৰিছে কংগ্ৰেছত। একেদৰেই কিছুদিন পূৰ্বলৈকে অতুল বৰাৰে ঘনিষ্ঠ বুলি পৰিচিত বিজু পেগুয়ে হঠাৎ পোচাক সলাই কংগ্ৰেছৰ পৰা বিচাৰিছে প্ৰাৰ্থীত্ব। আনহাতে সীমান্ত শইকীয়া আৰু হৰি শইকীয়া পুৰণি কংগ্ৰেছী। দুয়োজনেৰে তৃণমূল পৰ্যায়ত স্থিতি শক্তিশালী বুলিয়েই কংগ্ৰেছ কৰ্মীসকলে স্বীকাৰ কৰি আহিছে। তেনেস্থলত কংগ্ৰেছ হাইকামাণ্ডে বোকাখাতত কাক প্ৰাৰ্থীত্ব প্ৰদান কৰে সেয়া লক্ষণীয় হ'ব। জানিব পৰা মতে ইতিমধ্যে চাৰিওগৰাকী প্ৰাৰ্থীত্ব প্ৰয়াসীয়ে নিজাকৈ চলাই আছে প্ৰচাৰ কাৰ্য। বিশেষকৈ অতুল বৰাৰ দৰে ধনবলী-বাহুবলী প্ৰাৰ্থীৰ বিৰোদ্ধে যুঁজিবলৈ বিৰোধী প্ৰাৰ্থীগৰাকীও স্বাভাৱিকতেই হ'ব লাগিব শক্তিশালী।
ইফালে, বিজেপী-অগপ প্ৰাৰ্থী অতুল বৰাৰ আৰু কংগ্ৰেছ প্ৰাৰ্থীৰ মাজত আওল লগাব পাৰে দুবাৰকৈ বোকাখাতৰ মছনদ দখল কৰা প্ৰাক্তন বিধায়ক জিতেন গগৈয়ে। ২০২৪ চনৰ ৪ অক্টোবৰত তেওঁ যোগদান কৰিছিল অসম জাতীয় পৰিষদত কিন্ত এমাহৰ পাছতেই অৰ্থাৎ ১৬ মে'ত তেওঁ অসম জাতীয় পৰিষদত ত্যাগ কৰে। এইবাৰ বোকাখাত নিৰ্মাণগোটৰ পৰা তেওঁ প্ৰতিদ্বন্দ্বিতা কৰিব বুলি সমষ্টিবাসীৰ মাজত চৰ্চা চলিছে।
আনহাতে, আন এগৰাকী প্ৰাৰ্থী প্ৰণৱ দলেয়েও নিৰ্বাচনী কুচকাৱাজ অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে যদিও কি দলৰ পৰা তেওঁ নিৰ্বাচনত অৱতীৰ্ণ হ'ব সেয়া অদ্যপি স্পষ্ট হোৱা নাই। উল্লেখ্য যে, ২০২১ অজিত কুমাৰ ভূঞা নেতৃত্বাধীন আঞ্চলিক গণমৰ্চাৰ এগৰাকী শক্তিশালী প্ৰাৰ্থী হিচাপে তেওঁ বোকাখাত সমষ্টিত প্ৰক্ষেপিত হৈছিল আৰু প্ৰথমবাৰ নিৰ্বাচনত অবতীৰ্ণ হৈয়েই ২৭৭৪৯ টা ভোটেৰে দ্বিতীয় স্থান অধিকাৰ কৰি ভবিষ্যতৰ সম্ভাৱনাৰ বাট মুকলি কৰা বুলি ৰাজনৈতিক মহলত এক বিশেষ চৰ্চা লাভ কৰা পৰিলক্ষিত হৈছিল। সেই সময়ত অতুল বৰা ধনবল- বাহুবলৰ ফলত জয়ী হলেও ইয়াৰ বিপৰীতে প্ৰনৱ দলে তথা বোকাখাতবাসীয়ে মূল্যবোধৰ ৰাজনীতিৰ নতুন ইংগিত দিবলৈ সক্ষম হৈছিল।
তেনে প্ৰক্ষাপটত ২০২৬ ৰ বিধানসভা নিৰ্বাচনত পুনৰ অতুল বৰাৰ মুখ্য প্ৰতিদ্বন্দ্বী হ'ব নেকি প্ৰণৱ দলে সেই চৰ্চাও অব্যাহত আছে সমষ্টিবাসীৰ মাজত।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us