পাকিস্তানৰ বিৰুদ্ধে যুদ্ধভূমিত দপদপাই আছিল তেওঁ! এতিয়া ধনৰ অভাৱত কৰাব পৰা নাই চিকিৎসা...

বোকাখাত লখৌজানৰ এগৰাকী বিশেষ ব্যক্তি শ্ৰীযুত আনন্দ দাস। ১৯৭১চনৰ ভাৰত পাকিস্তানৰ যুদ্ধত ভাৰতীয় সেনাৰ হৈ সাহসেৰে যুঁজ কৰি পাকিস্তানী সেনাৰ হাতত বন্দী হৈ দুটাকৈ বছৰ পাকিস্তানৰ লাইপুৰ

author-image
Asomiya Pratidin
New Update
ujjjd

ডিজিটেল সংবাদ, বোকাখাতঃ  বোকাখাত লখৌজানৰ এগৰাকী বিশেষ ব্যক্তি শ্ৰীযুত আনন্দ দাস। ১৯৭১চনৰ ভাৰত পাকিস্তানৰ যুদ্ধত ভাৰতীয় সেনাৰ হৈ সাহসেৰে যুঁজ কৰি পাকিস্তানী সেনাৰ হাতত বন্দী হৈ দুটাকৈ বছৰ পাকিস্তানৰ লাইপুৰ জেইলত কটাব লগীয়া হৈছিল এই গৰাকী ব্যক্তিয়ে। পৰৱৰ্তী সময়ত চিমলা চুক্তি অনুসৰি বন্দী প্ৰত্যাৰ্পন হোৱাতহে মাতৃভূমিলৈ উভতি আহিবলৈ সক্ষম হৈছিল তেওঁ।

Advertisment

বৰ্তমান ভাৰতবাসীয়ে গৌৰৱেৰে ৭৯ তম স্বাধীনতা দিৱস উদযাপন কৰা দিনটোত এই গৰাকী অশীতিপৰ আনন্দ দাস গুৰুতৰ ভাৱে অসুস্থ। কিন্তু এসময়ৰ দুৰন্ত ভাৰতীয় সৈনিক অসুস্থ আনন্দ দাসৰ খবৰ লবলৈ আজিৰ দিনটোত যেন কাৰো আহৰি নাই। কি ৰজাঘৰীয়া , কি প্ৰজাঘৰীয়া কাৰো সময় নাই ভাৰত মাতৃৰ বাবে শত্ৰুৰ কাৰাগাৰত জীৱনৰ দুটাকৈ বছৰ বলিদান দিয়া এই গৰাকী ব্যক্তিৰ বাবে। 

কিছুদিন পূৰ্বে প্ৰাক্তন সৈনিক আনন্দ দাসক যোৰহাটৰ আৰ্মি হাস্পতালৰ পৰা উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ নিবলৈ পৰামৰ্শ দিছিল যদিও আৰ্থিক দুৰাৱস্থাৰ বাবে সেয়াও সম্ভৱ হৈ উঠা নাই।  উল্লেখযোগ্য যে ২০২৩-২৪ বৰ্ষত তেখেতৰ বিষয়ে বিভিন্ন মাধ্যমত বাতৰি প্ৰকাশ হোৱাৰ পাছত তেতিয়াৰ বোকাখাত মহকুমা প্ৰশাসনে  গণৰাজ্য দিৱসৰ কাৰ্যসূচীত তেখেতক সম্বৰ্ধনা জ্ঞাপন কৰিছিল।

লগতে "আজাদী কি অমৃত মহোৎসৱ" ত অসম চৰকাৰে "এসত্তৰৰ বীৰ" সকলক সন্মান জ্ঞাপন কৰোঁতেও সন্মানিত কৰা হৈছিল এই গৰাকী ব্যক্তিক। পিচে এগৰাকী সন্মানীয় ব্যক্তি, প্ৰাক্তন ভাৰতীয় সৈনিকৰ চিকিৎসাৰ বাবে গুৱাহাটীৰ এটি ব্যক্তিগত প্ৰতিষ্ঠানত সামান‌্য বেতনত কৰ্মৰত বৰ পুত্ৰ আৰু স্থানীয় এটা গেৰেজত যোগালী হিচাপে কৰ্মৰত সৰু পুত্ৰ অসমৰ্থ। সেয়ে অত্যন্ত প্ৰয়োজনীয় উন্নত চিকিৎসাৰ পৰা বঞ্চিত হৈ কষ্টৰে জীৱন অতিবাহিত কৰিছে আনন্দ দাসে। 

৭৯ তম ভাৰতৰ স্বাধীনতা দিৱস উদযাপনৰ আজিৰ দিনটোত পৰিয়ালবৰ্গ আৰু স্থানীয় ৰাইজে বোকাখাতৰ বিধায়ক মন্ত্ৰী অতুল বৰা আৰু স্থানীয় সমজিলা প্ৰশাসনৰ প্ৰতি আহ্বান জনাইছে অতি শীঘ্ৰেই ৰোগাক্ৰান্ত আনন্দ দাসৰ উন্নত চিকিৎসাৰ ব্যৱস্থা কৰি যেন ভাৰতৰ সাৰ্বভৌমত্বৰ প্ৰতি উৎসৰ্গিত ব্যক্তিজনক প্ৰদান কৰে প্ৰকৃত সন্মান

পাকিস্তান