বীজ,সাৰ, কৃষি সঁজুলি যোগানৰ নামত স্বজনতোষণ বিশ্বাসী বোকাখাতৰ কৃষি বিভাগ...

ৰবি শস্যৰ বতৰত উন্নত মানৰ বীজ, সাৰ, কৃষি সঁজুলি আদিৰ বাবে কিয় নুমলীগড় শোধনাগাৰ কৰ্তৃপক্ষৰ ওচৰত নিৰ্ভৰশীল বোকাখাতৰ কৃষক?

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,বোকাখাতঃ    ৰাজ্যখনত এটা বিয়াগোম কৃষি বিভাগ থাকোতেও ৰবি শস্যৰ বতৰত নুমলীগড় শোধনাগাৰৰ ওপৰত নিৰ্ভৰ কৰিব লগীয়া হৈছে বোকাখাতৰ কৃষকে। তাতোতকৈও ডাঙৰ কথা যে ২০১৬ চনৰ পৰা বোকাখাতৰ বিধায়ক হৈ আছে কৃষি মন্ত্ৰী অতুল বৰা।

 তৎসত্বেও ৰবি শস্যৰ বতৰত উন্নত মানৰ বীজ, সাৰ, কৃষি সঁজুলি আদিৰ বাবে কিয় নুমলীগড় শোধনাগাৰ কৰ্তৃপক্ষৰ ওচৰত নিৰ্ভৰশীল বোকাখাতৰ কৃষক? এই নিৰ্ভৰশীলতাই প্ৰমাণ কৰে নেকি ৰাজ্যৰ বিয়াগোম কৃষি বিভাগটোৰ অক্ষমতা, সম্প্ৰতি এই প্ৰশ্ন উত্থাপন হৈছে বোকাখাতৰ সচেতন ৰাইজৰ মাজত।

উল্লেখ্য যে,  বোকাখাতস্থিত কৃষি বিভাগৰ কাৰ্যালয়ৰ পৰা কৃষক ৰাইজ উপকৃত নোহোৱাৰ বহু অভিযোগ উত্থাপিত কৰি আহিছে বোকাখাতৰ কৃষকে। বীজ,সাৰ, কৃষি সঁজুলি যোগানৰ নামত বোকাখাতস্থিত কৃষি বিভাগৰ কাৰ্যালয়ে দীৰ্ঘদিনৰ পৰা স্বজনতোষণত লিপ্ত হৈ থকা, প্ৰদান কৰা বীজ গুণগত ভাৱে উন্নত নোহোৱা, কৃষি বিভাগৰ কৰ্মচাৰীয়ে ক্ষেত্ৰ অধ্যয়নৰ পৰা আঁতৰি থকা আদি অনেক অভিযোগেৰে ভাৰাক্ৰান্ত বোকাখাতৰ কৃষি বিভাগৰ কাৰ্যালয়।

তাৰ পাছতো কিন্তু এই ক্ষেত্ৰত বিশেষ ব্যৱস্থা গ্ৰহণৰ পৰিৱৰ্তে কৌশলৰে এই বিষয় সমূহৰ পৰা নিৰাপদ দূৰত্বত অৱস্থান কৰি প্ৰকাৰন্তৰে কৃষি ক্ষেত্ৰখনত নুমলীগড় শোধনাগাৰক জড়িত কৰাই আছে বিধায়ক তথা কৃষি মন্ত্ৰী অতুল বৰাই। 

ফলত বোকাখাতৰ কৃষি ক্ষেত্ৰখনত কৃষি বিভাগে গ্ৰহণ কৰিব লগীয়া বহু দায়িত্ব নুমলীগড় শোধনাগাৰেহে গ্ৰহণ কৰি আহিছে। উদাহৰণ স্বৰূপে বোকাখতীয়া কৃষকৰ দীৰ্ঘদিনীয়া দাবী শিতলীকৰণ গৃহও মন্ত্ৰী অতুল বৰাৰ কৃষি বিভাগৰ পৰিৱৰ্তে নুমলীগড় শোধনাগাৰৰ পুঁজিৰেহে নিৰ্মাণ কৰা হ'ল বোকাখাতত।

সেয়ে উপায়ন্তৰ কৃষকে নুমলীগড় শোধনাগাৰে কৃষিৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা বিভিন্ন সহায়-সহযোগিতাৰ ক্ষেত্ৰত বিধায়ক-মন্ত্ৰী অতুল বৰাৰ গোপন বুজাবুজি আছে বুলিহে সন্দেহ কৰিছে।শেহতীয়াকৈ কুৰুৱাবাহী অঞ্চলৰ"কুৰুৱাবাহী কাষ্টমাৰ হিয়েৰিং চেণ্টাৰ"ত তালিকাভুক্ত ৭৯গৰাকী কৃষকক  ৩৭.৫০০ কিলোগ্রাম ই ডব্লিউ ১৩৭ এফ ১ প্ৰজাতিৰ ৰঙালাউৰ বীজ যোগান ধৰিছে নুমলীগড় শোধনাগাৰে।

 প্ৰতি কিলোগ্রাম বীজৰ মূল্য ১২,৭০০ টকা। ইয়াৰ লগতে ১,৬৫০ কিলোগ্রাম ইউৰিয়া, ৫,০৪০ কিলোগ্রাম এছ এছ পি, ১,৩৩৪ কিলোগ্রাম আৰু ৩০০ কিলোগ্রাম চুণো প্রদান কৰিছে কৃষকক।

নুমলীগড় শোধনাগাৰৰ জেষ্ঠ মহা প্ৰৱন্ধক মিণ্টু সন্দিকৈৰ উদ্যোগত প্ৰদান কৰা এই কৃষি সাহাৰ্যৰ পাছত মন্ত্ৰী অতুল বৰাৰ ৰহস্যজনক ভূমিকা আৰু কৃষি বিভাগৰ অক্ষমতাৰ ওপৰত পুনৰ প্ৰশ্ন উত্থাপন কৰিছে সচেতন ৰাইজে।

বোকাখাত