/asomiyapratidin/media/media_files/2026/01/07/1-2026-01-07-11-03-53.jpg)
ডিজিটেল সংবাদ,বোকাখাতঃ থলুৱা কৃষকে উপযুক্ত আলুৰ মূল্য নোপোৱা আৰু বহিঃৰাজ্যৰ পৰা ধাৰাবাহিক ভাৱে আলুৰ আমদানি কৰি থলুৱা কৃষকক বঞ্চিত কৰাৰ বিৰুদ্ধে শদিয়াৰ কৃষকসকলে ৰাজপথত তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ পাছতেই কৃষি মন্ত্ৰী অতুল বৰাৰ গৃহ সমষ্টি বোকাখাতৰ খেতিয়কসকলৰ মাজতো তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
বিগত ১০ টাকৈ বছৰ বোকাখাতৰ বিধায়ক হিছাপে থকা কৃষি মন্ত্ৰী অতুল বৰাৰ গৃহ সমষ্টিৰ কৃষকৰো শদিয়াৰ কৃষকৰ দৰেই একে দশা হ'ব নেকি এই লৈ শংকা প্ৰকাশ কৰিছে বোকাখাতৰ কৃষক ৰাইজে। কাৰণ নিজৰ গাঁঠিৰ ধন ভাঙি চৰা দামত আলুৰ বীজ ক্ৰয় কৰি খেতি কৰিছে বোকাখাতৰ যঠেষ্ট সংখ্যক কৃষকে। ইফালে বোকাখাতৰ আলুৰ কৃষকসকলক বিগত সময়চোৱাত বোকাখাতৰ বিধায়ক কৃষি মন্ত্ৰী অতুল বৰাৰ কৃষি বিভাগে যেনেদৰে সহযোগিতা কৰিব লাগিছিল তেনেদৰে সহযোগ নকৰাৰ অভিযোগ উত্থাপন হৈ আহিছে, তাৰ পৰিৱৰ্তে নুমলীগড় শোধনাগাৰৰ সামাজিক উন্নয়ণ পুঁজিৰ যোগেদিহে একংশ কৃষকে সাৰ, বীজ আদি লাভ কৰিছে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/07/whatsapp-image-2-2026-01-07-11-04-14.jpeg)
তেনে প্ৰক্ষাপটত মাইক্ৰফাইনেন্সকে আদি কৰি অন্যান্য উৎসৰ পৰা ঋণলৈ আলু আৰু আন খেতিত বিনিয়োগ কৰা বোকাখাতৰ কৃষককো কৃষি মন্ত্ৰী গৰাকীয়ে আলুৰ উপযুক্ত মূল্য প্ৰদাণত ব্যৰ্থ হ'ব নেকি বুলি আশংকা প্ৰকাশ কৰিছে বৃহৎ পৰিসৰত আলুৰ খেতি কৰা একাংশ কৃষকে।
উল্লেখ্য যে, বোকাখাতৰ নুমলীগড়ৰ এক বৃহৎ অংশ, ধোদাং, কুৰুৱাবাহী, বৰাইখোৱা, যোগনীয়া আদি অঞ্চলৰ কৃষকে ১৫০০ বিঘাৰো অধিক আলুৰ খেতি কৰিছে আৰু ইয়াৰ অধিকাংশ কৃষকেই ব্যক্তিগত উদ্যোগত চৰা দামত বীজ,সাৰ আদিৰ ব্যৱস্থা কৰিছে। এই সন্দৰ্ভত কুৰুৱাবাহী যোগনীয়া গাঁৱৰ আদৰ্শ কৃষক মন্তু শইকীয়াই শদিয়াৰ কৃষকসকলৰ প্ৰতি সহমত পোষণ কৰি কয় যে "এজন কৃষক হিচাপে শদিয়াৰ কৃষকসকলৰ প্ৰতিবাদী স্থিতিৰ প্ৰতি আমি সমৰ্থন জনাইছো। কিয়নো বিগত সময়চোৱাত চৰকাৰখনৰ আমাৰ পথাৰ আমাৰ বজাৰৰ শ্ল'গান কাৰ্যকৰী নহ'ল। আমি অধিকাংশ কৃষকেই ৬০-৭০ টকাতকৈও অধিক মূল্যত আলুৰ বীজ নিজাকৈ ক্ৰয় কৰিছো।
গতিকে বিকশিত অৰ্থনীতিৰ ঢাকঢোল বজোৱা কৃষি মন্ত্ৰীৰ সমষ্টিতেই কৃষকৰ আটাইতকৈ লাওলোৱা অৱস্থা। বিগত সময়চোৱাত কুইণ্টলে কুইণ্টলে আলু উপযুক্ত মূল্যৰ অভাৱত পেলাই দিয়াৰ অভিজ্ঞতা আমাৰ আছে। সেই সময়ত কোনো ক্ষতিপূৰণো আমি নাপালো। গতিকে এইবাৰো কৃষি মন্ত্ৰীৰ সমষ্টিতে যদি শদিয়াৰ দৰে দশা হয় তেনে খেতিয়কৰ সৰ্বনাস হোৱাতো নিশ্চিত"। আদৰ্শ কৃষক গৰাকীয়ে অতি শীঘ্ৰেই বহিঃৰাজ্যৰ আলুৰ আমদানি বন্ধ কৰি আলুৰ থলুৱা কৃষকক উপযুক্ত মূল্য প্ৰদান কৰিবলৈ কৃষি মন্ত্ৰী অতুল বৰাক দাবী জনোৱাৰ লগতে বোকাখাতৰ কৃষকসকলকো সংগঠিত প্ৰতিবাদৰ আহ্বান জনাই।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/07/whatsapp-imag-2026-01-07-11-04-30.jpeg)
প্ৰণিধানযোগ্য যে, বিগত বৰ্ষত তিনিটাকৈ বানে বিধ্বস্ত কৰা চিনাকান গাঁৱৰ আলুৰ খেতিয়কসকলৰ মাজতো শদিয়াৰ ঘটনাৰ পাছতেই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। কাৰণ শালি খেতিৰ পৰা বানপানীৰ বাবে বিশেষ লাভান্বিত নোহোৱা কৃষকসকলে এইবাৰ বৃহৎ পৰিসৰত ৰঙালাও,সৰিয়হ আৰু আলুৰ খেতি কৰিছে। একেদৰেই এইসকল কৃষকেও নিজা উদ্যোগত ৬০-৭০ টকাৰ উৰ্ধ্বত আলুৰ বীজ ক্ৰয় কৰিছিল গতিকে শদিয়াৰ দৰেই এইসকল কৃষকেও যদি আলুৰ উপযুক্ত মূল্য নাপায় তেনে বৃহৎ লোকচানৰ সন্মুখীন হোৱাতো নিশ্চিত। এইক্ষেত্ৰত চিনাকান গাঁৱৰ কৃষকৰ প্ৰতিনিধি হিচাপে কৃষক দিগন্ত শইকীয়াই অতি শীৰ্ঘেই আলুৰ আমদানি বন্ধ কৰি কৃষক আলুৰ উপযুক্ত মূল্য দিবলৈ কৃষি মন্ত্ৰীৰ প্ৰতি দাবী জনাই।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/07/whatsapp-imag-2026-01-07-11-04-45.jpeg)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us