বইটামাৰীত চাৰিলেনযুক্ত পথ নিৰ্মাতা কোম্পানীৰ বিৰুদ্ধে শ্ৰমিকৰ প্ৰতিবাদ...

ৰাষ্ট্ৰীয় ঘাইপথ বহল আৰু সম্প্ৰসাৰণ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে কৌটি কৌটি টকা ব্যয় কৰি বিভিন্ন আঁচনি হাতত লৈছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ টুলুঙাৰ পৰা চাপৰলৈ

author-image
Asomiya Pratidin
New Update
ujjjhjh

ডিজিটেল সংবাদ, চাপৰঃ ৰাষ্ট্ৰীয় ঘাইপথ বহল আৰু সম্প্ৰসাৰণ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে কৌটি কৌটি টকা ব্যয় কৰি বিভিন্ন আঁচনি হাতত লৈছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ টুলুঙাৰ পৰা চাপৰলৈ চাৰিলেনযুক্ত পথ নিৰ্মাণৰ কাম চলিছে। উক্ত কামৰ ঠিকা লাভ কৰে বহিৰাগত কোম্পানী  দিল্লীৰ NKG INFRASTRUCTURE. LTD য়ে।

কিন্তু কোম্পানীয়ে টোৱে বিগত চাৰিমাহে দৰমহা প্ৰদান কৰা নাই কোম্পানীটোত কৰ্মৰত দুই শতাধিক শ্ৰমিকক। উপায়হীন হৈ শ্ৰমিক সকলে কোম্পানীটোৰ সকলো কাম কাজ বন্ধ কৰি প্ৰতিবাদত বহে। শ্ৰমিকসকলৰ দাবী তেওঁলোকৰ দৰমহা দিয়ক অন্যথা কাম বন্ধ থাকিব।

কাৰণ দুটকা উপাৰ্জনৰ লক্ষ্যৰে নিজৰ ঘৰখন এৰি দিনে নিশাই কোম্পানীত থাকি স্থানীয় যুৱক তথা ৰাইজে কাম কৰি আছে। কিন্তু বিগত চাৰি মাহে দৰমহা লাভ নকৰাত এওঁলোকৰ অৱস্থা অতি শোচনীয় হৈ পৰিছে।

ঘৰখন চলাবলৈ অপৰাগ হোৱাত ক্ষোভ আৰু উপায়হীন হৈ এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে বুলি জানিবলৈ। এওঁলোকৰ দাবী অতি সোনকালে এওঁলোকৰ কষ্ট উৰ্পাজিত টকাখিনি মুকলি দিবলৈ কোম্পানীক দাবী জনোৱাৰ লগতে বিভাগীয় কতৃপক্ষ আহ্বান কৰে। 

চাপৰ