/asomiyapratidin/media/media_files/2026/03/09/1-2026-03-09-12-29-54.jpg)
ডিজিটেল ডেস্কঃ ৰাজ্যত দিনক দিনে বৃদ্ধি পাইছে চোৰৰ উপদ্ৰৱ। নিতৌ ন ন কৌশলৰে কৰে চুৰিকাৰ্য। বিশ্বনাথত দিনে দিনে বৃদ্ধি পাইছিল চুৰিকাণ্ডৰ ঘটনা।ইয়াৰ মাজতে বিশ্বনাথত এজন লোকৰ তৎপৰতাত দুটাকৈ চোৰ কৰায়ত্ত কৰে।
/asomiyapratidin/media/post_attachments/ea94336f-d77.png)
উল্লেখ্য যে- চতিয়াত নিশা বিয়া খাই ঘৰলৈ আহি থকা ৰাজেশ বৰা নামৰ লোকজনে কাষৰে এঘৰৰ চৌহদত এটা চোৰৰ দলে প্ৰৱেশ কৰাৰ কথা ফোনযোগে আৰক্ষীক খবৰ দিয়ে।চোৰৰ দলটোয়ে ৰাজেশ বৰাৰ ঘৰৰ চৌহদত প্ৰৱেশ কৰাৰ কথা জানিব পাৰে আৰু সেই সময়তে আৰক্ষীৰ এটা দল সেই স্থানত উপস্থিত হয়। ইপিনে ৰাজেশ বৰা আৰু আৰক্ষীৰ দলটোয়ে খেদি খেদি দুটাকৈ চোৰক ধৰিবলৈ সক্ষম হয় যদিও বাকী চোৰৰ দলটোৱে পলায়ন কৰে। সম্প্ৰতি ধৃত চোৰ দুটাক আৰক্ষীয়ে সোধাপোছা অব্যাহত ৰাখিছে।
/asomiyapratidin/media/post_attachments/c5451228-718.png)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us