/asomiyapratidin/media/media_files/2025/10/09/baibhab-10-2025-10-09-10-11-15.jpg)
ডিজিটেল সংবাদ সোণাপুৰঃ সোণাপুৰলৈ গৌৰৱ কঢ়িয়ালে বৈভৱ বৰ্ণিলে। চলিত বৰ্ষৰ ৫ অক্টোবৰত ডুবাইত অনুষ্ঠিত হোৱা শ্ব’ৰিন কাই কাপ-২০২৫ত দুটাকৈ ব্ৰঞ্জৰ পদক লাভ কৰিছে।
আন্তঃৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাখনত সোণাপুৰৰ বৈভৱ বৰ্ণিল বৰাই ১২ বছৰ অনুৰ্ধ্বৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি কুমিটে আৰু কাটাত ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে।
লেংডন স্কুল অফ কাৰাটেৰ প্ৰশিক্ষাৰ্থী বৈভৱে কৃষ্ণ ফুকনৰ তত্বাৱধানত প্ৰশিক্ষণ গ্ৰহণ কৰি আছে। এই প্ৰতিযোগিতাখনত লাভ কৰা সফলতাৰ জৰিয়তে তেওঁ মালয়েছিয়াত নৱেম্বৰত অনুষ্ঠিত হ’বলগীয়া ইণ্টাৰনেচনেল কাৰাটে চেম্পিয়নশ্বিপৰ বাবে নিৰ্বাচিত হৈছে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/10/09/karate-2025-10-09-10-13-12.jpeg)
উল্লেখ্য যে, ডুবাইত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখনত ভাৰতৰ উপৰিও ইউ এ ই, ছৌদি আৰৱ, জাপান, অ’মান, আৰ্মেনিয়াস মালয়েছিয়া আদি দেশৰ প্ৰতিযোগিয়ে অংশগ্ৰহণ কৰিছিল।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us