ডিজিটেল সংবাদ, বঢ়মপুৰঃ শনিবাৰে নগাঁও জিলাৰ বঢ়মপুৰ শ্বহীদ ভৱনত বঢ়মপুৰ সমষ্টিকেন্দ্ৰিক ৰেচন কাৰ্ড বিতৰণ কাৰ্য্যসূচী অনুষ্ঠিত হয় । এই উপলক্ষে অনুষ্ঠিত হোৱা সভাৰ আঁত ধৰে পেৰিছ দত্ত শৰ্মাই । নগাঁও জিলাৰ আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহ উপস্থিত থকা এই ৰেচন কাৰ্ড বিতৰণ অনুষ্ঠানত বহুসংখ্যক হিতাধিকাৰী উপকৃত হয়।
১৬০০০ হিতাধিকাৰী অন্তৰ্ভুক্ত হ'বলগা ৰেচন কাৰ্ড বিতৰণত ৩৬৪৫ খন নতুন ৰেচন কাৰ্ড প্ৰদান কৰা হয়। আজিৰ ৰেচন কাৰ্ড বিতৰণ অনুষ্ঠানত কলিয়াবৰ জিলা বিজেপিৰ সভাপতি বাবুল বৰাকে ধৰি জিলা প্ৰশাসনৰ বিভিন্ন বিষয়ববীয়া আৰু খাদ্য আৰু অসামৰিক যোগান বিভাগৰ বিভিন্ন বিষয়ববীয়া উপস্থিত থাকে।
আজিৰ অনুষ্ঠানত নগাঁও জিলাৰ আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহে ৰেচন কাৰ্ডৰ জৰিয়তে হিতাধিকাৰী কেনেদৰে উপকৃত হ'ব পাৰি সেই সম্পৰ্কে বহলাই ব্যাখ্যা কৰাৰ লগতে ৰেচন কাৰ্ড পোৱা সকলৰ প্ৰতিগৰাকী হিতাধিকাৰীয়ে মাহে পাঁচ কেজিকৈ বিনামূলীয়া চাউল লাভ কৰিব বুলি উল্লেখ কৰে ।
আজিৰ অনুষ্ঠানত বঢ়মপুৰ সমষ্টিৰ বিভিন্ন প্ৰান্তৰ পৰা হিতাধিকাৰীসকল আহি উপস্থিত হয়হি আৰু বিশিষ্ট ব্যক্তিসকলে ৰেচন কাৰ্ড বিতৰণ কাৰ্য্যসূচীৰ শুভাৰম্ভ কৰে।