/asomiyapratidin/media/media_files/2025/12/28/1-2025-12-28-19-23-14.jpg)
ডিজিটেল সংবাদ,ওদালগুৰিঃ আজি সন্ধিয়াৰ ভাগত ওদালগুৰি চহৰৰ মাজমজিয়াৰ ওদালগুৰি ৰেল ষ্টেচনৰ সমীপত থকা গেলেক্সী ল'জত এটি মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰে। উদ্ধাৰ হোৱা মৃতদেহটো শোণিতপুৰ জিলাৰ বালিপুখুৰীৰ ৪৪ বছৰীয়া নিশান্ত পৰজুলিৰ বুলি জানিব পৰা গৈছে।
পেচাত তেখেত জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক। ল'জটোৰ কৰ্মচাৰীৰ পৰা জানিব পৰা অনুসৰি লোকজনে শনিবাৰে বিয়লি ৩-৫১ বজাত লজটোলৈ অকলে আহি ৩৫ নম্বৰ কোঠাত আশ্ৰয় লৈছিল। কিন্তু আজি বিয়লিৰ ভাগলৈ কোঠাটোৰ ভিতৰতে সোমাই থকা লোকজন ওলাই নহাত ল'জ কৰ্তৃপক্ষৰ সন্দেহ ওপজে।
পিছত কৌশলেৰে কোঠাৰ খিৰিকীৰে জুমি চোৱাত কোঠাটোৰ ভিতৰত বিচনাত হাফপেণ্ট আৰু চোলা পৰিধান কৰি শুই থকা অৱস্থাত মৃতদেহটো প্ৰত্যক্ষ কৰে। লগে লগে ঘটনা সন্দৰ্ভত আৰক্ষীক অৱগত কৰাত ল'জটোত ওদালগুৰি আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে ওদালগুৰি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।
সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অনুসন্ধান আৰম্ভ কৰিছে। ইফালে ল'জ কৰ্তৃপক্ষই জনোৱা মতে ল'জটোলৈ লোকজন অহাৰ সময়ত তেখেত মানসিকভাৱে অস্থিৰ থকাৰ অনুমান কৰা হৈছিল। আনকি কোঠাটোৰ তলাটোও খুলিব পৰা নাছিল লোকজনে।
ইয়াৰ পাছত ল'জটোৰ কৰ্মচাৰীয়ে কোঠাৰ তলাটো খুলি দিছিল লোকজনক। ল'জটোৰ ৰেজিষ্টাৰত লোকজনে ওদালগুৰিলৈ অহাৰ কাৰণ অফিচিয়েল বুলি উল্লেখ কৰিছিল। কি কাৰণত লোকজনৰ মৃত্যু হ'ল সেয়া জানিব পৰা নাই যদিও মৃতদেহ উদ্ধাৰৰ ঘটনাক লৈ ওদালগুৰি চহৰত চাঞ্চল্যই বিৰাজ কৰিছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us