/asomiyapratidin/media/media_files/2025/05/01/xCOPmPK40it1FRyDJm8s.jpg)
ডিজিটেল সংবাদ, কোকৰাঝাৰ : বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ ৩৫ সংখ্যক মৃত্যুবাৰ্ষিকী বৃহস্পতিবাৰে ৰাজ্যিক পৰ্যায়েৰে কোকৰাঝাৰত পালন কৰা হয় । এই উপলক্ষে আজি কোকৰাঝাৰ জিলাৰ দোতমাৰ থুলুংগাপুৰীত অৰ্থাৎ বডোফাৰ সমাধিস্থলত এবছু, উপেন্দ্ৰনাথ ব্ৰহ্ম ট্ৰাষ্ট আৰু অসম চৰকাৰৰ সাংস্কৃতিক বিভাগৰ সহযোগত বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ মৃত্যুবাৰ্ষিকী পালন কৰা হয়।
কাৰ্যসূচী অনুসৰি পুৱা এবছুৰ সহকাৰী শিক্ষা সম্পাদক ৰোমিঅ’ কে বসুমতাৰীয়ে সংগঠনৰ পতাকা অৰ্ধনমিত কৰে আৰু বডোফাৰ প্ৰতি পুষ্পাঞ্জলি অৰ্পণ কৰে। ৰাজ্যৰ কেবিনেট মন্ত্ৰী নন্দিতা গৰ্লোছা, অতিৰিক্ত মুখ্য সচিব ড° কল্যাণ চক্ৰৱৰ্তী, বিটিচিৰ উপ-মুখ্য কাৰ্যবাহী গোবিন্দ বসুমতাৰী, বিটিচিৰ কাৰ্যবাহী সদস্য ৰাকেশ ব্ৰহ্ম, ধনঞ্জয় বসুমতাৰী, ইউএন একাডেমীৰ সঞ্চালক কৃষ্ণগোপাল বসুমতাৰীয়ে কাৰ্যসূচীত অংশগ্ৰহণ কৰি বডোফালৈ শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে।
/asomiyapratidin/media/media_files/2025/05/01/PNsjQ2S5EYdcvjVC7CTT.jpg)
বহুসংখ্যক ছাত্ৰ-ছাত্ৰী, স্থানীয় বুদ্ধিজীৱীসকলেও থুলুংগাপুৰীত অনুষ্ঠিত হোৱা কাৰ্যসূচীত অংশগ্ৰহণ কৰি বডোফালৈ শ্ৰদ্ধা নিবেদন কৰে। ইপিনে মন্ত্ৰী নন্দিতা গাৰ্লোচাই আজিৰ দিনটো ঐতিহাসিক দিন বুলি অভিহিত কৰি বৰ্তমানৰ চৰকাৰে বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মক ৰাজ্যিক পৰ্যায়ৰ লগতে ৰাষ্ট্ৰীয় পৰ্যায়তো স্বীকৃতি দিলে বুলি উল্লেখ কৰে ।
/asomiyapratidin/media/media_files/2025/05/01/ZCEpKZrcJllMscZ1UeJ5.jpg)
প্ৰথমবাৰৰ বাবে দোতমাত ৰাজ্যিক পৰ্যায়ত অনুষ্ঠিত হোৱা বডোফাৰ মৃত্যুবাৰ্ষিকীৰ অনুষ্ঠানত উপস্থিত থাকিবলৈ পাই সুখী বুলি মন্তব্য কৰি মন্ত্ৰী নন্দিতা গাৰ্লোচাই বডোফালৈ গভীৰ শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে । ইপিনে বি টি চি প্ৰশাসনৰ উদ্যোগতো বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ ৩৫ সংখ্যক মৃত্যুবাৰ্ষিকী পালন কৰা হয়। বিটিচি সচিবালয়ৰ সন্মুখত থকা বডোফাৰ প্ৰতিমূৰ্তিত পুষ্পাঞ্জলি অৰ্পণ কৰা হয়।