বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ মৃত্যুবাৰ্ষিকী উদযাপন…VIDEO

বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ মৃত্যুবাৰ্ষিকী উদযাপন…VIDEO

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ ৩০ তম মৃত্যুবাৰ্ষিকী আজি কোকৰাঝাৰ জিলাৰ দোতমাৰ থুলুংগাপুৰীত অতি অনুষ্ঠুপীয়াভাৱে এবছুয়ে উদযাপন কৰে । বডোফাৰ সমাধীথলী থুলুংগাপুৰীত থকা বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ আৱক্ষ মূৰ্তিত আজি এবছুৰ সভাপতি দ্বীপেন বড়ো , সাধাৰণ সম্পাদক লৰেঞ্চ ইছলাৰী , ইউপিপিএলৰ সভাপতি প্ৰমোদ বড়ো , ইউপিপিএলৰ প্ৰাক্তন সভাপতি তথা ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ উৰ্খাও গৌৰা ব্ৰহ্ম আদিকে ধৰি কেবাগৰাকী বিশিষ্ট নেতাই বডোফাৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে ।


বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ ৩০ তম মৃত্যুবাৰ্ষিকীত গভীৰ শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰি ইউপিপিএলৰ সভাপতি প্ৰমোদ বড়োই কয় যে আজি বড়ো জনগোষ্ঠীয়ে মুৰ দাঙি থিয় হব পৰাৰ আঁৰত বডোফাৰ অৱদানেই অধিক । বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ নীতি আদৰ্শৰ প্ৰতি শ্ৰদ্ধা জনাই বডোফাৰ আদৰ্শক সম্প্ৰতি সমগ্ৰ বিশ্বই অনুসৰণ কৰে বুলি মন্তব্য কৰিছে প্ৰমোদ বড়োই ।

আনহাতে বিটিচিত ৰাজ্যপাল শাসন সন্দৰ্ভত নিজ মন্তব্য প্ৰকাশ কৰি প্ৰমোদ বড়োই কয় যে সংবিধানে নিজৰ পথ লবই আৰু তাত হস্তক্ষেপ কৰা উচিত নহয় বুলি মন্তব্যৰে জনসাধাৰণৰ আশা আকাাংক্ষা পুৰণ হব বুলি আশা প্ৰকাশ কৰিছে ।

এবছুৰ সভাপতি দ্বীপেন বড়োই কয় যে বডোফাৰ মৃত্যুবাৰ্ষিকী উপলক্ষে প্ৰতিখন আঞ্চলিক , জিলা আৰু কেন্দ্ৰীয় পৰ্যায়ত কভিড ১৯ ৰ সকলো নীতি নিয়ম মানি চলি আজি বডোফাক স্মৰণ কৰা হৈছে আৰু বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ নীতি আদৰ্শৰে আগবাঢ়ি যাবলৈ সকলোৰে প্ৰতি আহ্বান জনাইছে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in