/asomiyapratidin/media/media_files/2025/03/17/ptuY75wzKv8vMbhOvZlS.jpg)
ডিজিটেল সংবাদ,মুম্বাই: মুম্বাইৰ ৰাজস্থান ভৱনত আজি বড়ো লিখক সন্থাই মুম্বাই বড়ো জনগোষ্ঠী কল্যাণ সন্থাৰ সহযোগত বড়ো লিখক সন্থাৰ ৪১তম প্ৰতিষ্ঠা দিৱস উদযাপন কৰে । পুৱা বড়ো লিখক সন্থাৰ সভাপতি ৰাজেন বসুমতাৰীয়ে বন্তি প্ৰজ্বলন কৰি প্ৰতিষ্ঠা দিৱস উদযাপনৰ শুভাৰম্ভ কৰে। বড়ো লিখক সন্থাই প্ৰতি বছৰে আগবঢ়োৱা বড়ো লাইমোন লিৰগিৰি থুনলায়াৰী বটা, ২০২৫ টো ৰঞ্জয় ব্ৰহ্মক এখন মানপত্ৰ আৰু দহ হাজাৰ টকাৰ এখন চেক প্ৰদান কৰে ।
পদ্মশ্ৰী ড০ মংগলসিং হাজোৱাৰীয়ে উদ্বোধন কৰা বঁটা প্ৰদান অনুষ্ঠানত বড়ো লিখক সন্থাৰ মুখপত্ৰ লাইথুন খন উন্মোচন কৰে মাৰাঠী ভাষাৰ কবি চন্দ্ৰশেখৰ চানেকাৰে, বড়ো লিখক সন্থাৰ আলোচনী ৰেবগ্ৰা লাইচিখন উন্মোচন কৰে মাৰাঠী ভাষাৰ কবি ড০ প্ৰাধান্য দয়া পাৱাৰে। পুঁথি উন্মোচন সভাত আনন্দ ৰাম ওৱাৰীৰ সনানি বাংলাদেশাও দাওবাইহৈদোংমোন খন উন্মোচন কৰে বড়ো লিখক সন্থাৰ সভাপতি ৰাজেন বসুমতাৰীয়ে। মহেন্দ্ৰ নাথ বড়োৰ লণ্ডননি বিহামজোখন উন্মোচন কৰে পদ্মশ্ৰী ড০ মংগলসিং হাজোৱাৰীয়ে।
বড়ো লিখক সন্থাৰ সভাপতি ৰাজেন বসুমতাৰীয়ে সঞ্চালনা কৰা সভাত অতিথি হিচাপে উপস্থিত থাকে বড়ো-কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদৰ কাৰ্য্যবাহী সদস্য প্ৰদীপ স্বৰ্গীয়াৰী, লিখক খ্ৰৌমসাৰ বসুমতাৰী, লিখক তথা সমাজ সেৱক উপেন দেউৰী আৰু মুম্বাই বড়ো জনগোষ্ঠী কল্যাণ সন্থাৰ সভাপতি বীৰেন্দ্ৰ স্বৰ্গীয়াৰীয়ে । উক্ত সভাতে মাৰাঠী ভাষাৰ কবিতা পাঠ কৰে ড০ প্ৰাধান্য দয়া পাৱাৰ আৰু চন্দ্ৰশেখৰ চানেকাৰে।
বড়ো ভাষাত কবিতা পাঠ কৰে বৈদ্যনাথ বসুমতাৰী, খ্ৰৌমসাৰ বসুমতাৰী, বিনোদ কুমাৰ ব্ৰহ্ম, অকণ চন্দ্ৰ বড়ো, দেবেন্দ্ৰজীত বসুমতাৰী আৰু বড়োলেণ্ড বিশ্ববিদ্যালয় ড০ ৰুফাইশ্ৰী হাজোৱাৰীয়ে । দুপৰীয়া বড়ো লিখক সন্থাৰ উপ সভাপতি সাৰদা প্ৰসাদ মুছাহাৰীৰ সঞ্চালনাত "Contributions of Bodo News papers, Journal, Magazines to the Bodo Literature " শীৰ্ষক আলোচনাচক্ৰত পাঠ কৰে মতিন্দ্ৰ দৈমাৰীয়ে।
সাহিত্যিক বকুল চন্দ্ৰ বসুমতাৰীৰ জীৱ্নী পাঠ কৰে পদ্মশ্ৰী ড০ মংগলসিং হাজোৱাৰীয়ে । আবেলি চুটিগল্প পাঠ কৰে মেছেং আজোলা ব্ৰহ্ম গয়াৰী, সদানন্দ দৈমাৰী, শ্যামচৰণ নাৰ্জাৰী আৰু নৱ কুমাৰ ব্ৰহ্মই।
বড়ো লিখক সন্থাৰ সাধাৰণ সম্পাদক আনন্দ ৰাম ৱাৰীয়ে শলাগৰ শৰাই আগবঢ়োৱা সভাত পৰিভাৰটাংচা ৱটচাৰু মাৰাঠী সংবাদ পত্ৰৰ সম্পাদক অভয় কান্তা, অসমৰ পৰা অহা সাহিত্যিক- লোক,মুম্বাইত থকা বহু লোক তথা ছাত্ৰ-ছাত্ৰী সকলে উপস্থিত থাকে। উল্লেখযোগ্য যে বড়ো লিখক সন্থাই অহা ১৮ মে'ত বড়ো মাধ্যম দিৱসটো নেপালত অনুষ্ঠিত কৰিব বুলি বড়ো লিখক সন্থাৰ সভাপতি ৰাজেন বসুমতাৰীয়ে জানিবলৈ দিছে ।