/asomiyapratidin/media/media_files/2026/02/08/bododooo-2026-02-08-21-49-53.jpg)
ডিজিটেল ডেস্কঃ আজি মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ অৰণ ফাৰ্ম ষ্টে ৰিজৰ্টত অনুষ্ঠিত বড়ো লিখক সংস্থাৰ এক অনুষ্ঠানত ২০২৬ চনৰ সাহিত্য বঁটাবোৰ ঘোষণা কৰে। সভাখন সঞ্চালনা কৰিছিল বড়ো লিখক সংস্থাৰ সভাপতি ৰাজেন বসুমতাৰীয়ে।
বঁটাবোৰ অহা ১৭ মাৰ্চত গোলাঘাট জিলাৰ সৰুপথাৰৰ উৰিয়ামঘাটত অনুষ্ঠিত হ’বলগীয়া বড়ো লিখক সংস্থাৰ ৪২ তম অধিবেশনত প্ৰদান কৰিব বুলি বড়ো লিখক সংস্থাৰ সাধাৰণ সম্পাদক আনন্দ ৰাম ওৱাৰীয়ে জনাইছে।
ইফালে, আশা মোছাহাৰী সাহিত্য বঁটা ৰীম্বা ওৱাৰীলৈ আগবঢ়োৱা হৈছে। খোমসি লামা আনজ্ৰাইনানৈ চুটিগল্প পুথিখনৰ বাবে ওৱাৰীক প্ৰদান কৰা হয়। নিমাতী মোছাহাৰী শিশু লিখক বঁটা বিজিৰথি গয়াৰীলৈ আগবঢ়োৱা হয়।
বড়ো লোক সাহিত্যৰ সাধক সুকুমাৰ বসুমতাৰী সাহিত্য বঁটা আগবঢ়োৱা হয় মহেন্দ্ৰ নাথ বড়োলৈ।বড়ো যুৱ সাহিত্য বঁটা নিজিৰা মোছাহাৰীলৈ, ফোৰোংগিৰি মহেন্দ্ৰ মোছাহাৰী অনুবাদ বঁটা ৰংজালী বসুমতাৰীলৈ, পবিন বৰগয়াৰী কবি সাহিত্য বঁটা চম্পাবতী ব্ৰহ্মলৈ, অৰূপ গোৰা বসুমতাৰী নাট বঁটা জেনেভা মোছাহাৰীলৈ আৰু ডা০ ফণীন্দ্ৰ নাৰ্জাৰী ন’ভেল সাহিত্য বঁটা ড০ তুলন মোছাহাৰীলৈ আগবঢ়োৱা হৈছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us