/asomiyapratidin/media/media_files/2026/01/10/ujjdd-2026-01-10-12-08-29.jpg)
ডিজিটেল সংবাদ, বৰলাউগাঁওঃ বড়ো সাহিত্য, কৃষ্টি আৰু সংস্কৃতিক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ উদ্দেশ্যে চিৰাং জিলাৰ অন্তৰ্গত বিজনীৰ থেংফাখ্ৰি ফৌথাৰ বৰলাউগাঁৱত ৯, ১০ আৰু ১১ জানুৱাৰীত তিনি দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে বড়ো সাহিত্য সভাৰ ৬৫ সংখ্যক অনুষ্ঠিত কৰা অধিৱেশনত ৰাজ্যখনৰ বিভিন্ন জিলাসমূহৰ লগতে নেপাল, পশ্চিম বংগ, মেঘালয় আদিৰ বড়ো সাহিত্য সভাৰ প্ৰায় দুই হেজাৰৰো অধিক প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে ।
অসম সাহিত্য সভাৰ পিছতে দ্বিতীয় বৃহত্তম সাহিত্য, সাংস্কৃতিক আৰু জাতীয় অনুষ্ঠান বড়ো সাহিত্য সভাৰ ৬৫ সংখ্যক অধিৱেশনখনত মন কৰিবলগীয়া আৰু এটা উল্লেখযোগ্য দিশ হৈছে যে অধিৱেশন অনুষ্ঠিত কৰা মূল মণ্ডপ, প্ৰতিনিধি সভাগৃহ, প্ৰতিনিধি শিবিৰ আদি ঠাইডোখৰ পৰিষ্কাৰ পৰিচন্ন আৰু পথাৰত ব্যৱহাৰ নকৰি ওখ ঠাই খেলপথাৰত হোৱা বাবে বোকা পানী বা খাল ডোং আদিৰ সমস্যা নাই ।
আনহাতে অধিৱেশনত কেইবাহাজাৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰা প্ৰতিনিধি শিবিৰসমূহ ডাঠ প্লাষ্টিকেৰে অতি পৰিপাতিকৈ সজাই তোলাৰ বাবে এই শিবিৰসমূত কোনো ফালে এটা ফুটাও ৰখা হোৱা নাই যাৰ বাবে বৰ্তমান সময়ত প্ৰচণ্ড শীতৰ প্ৰকোপ থকা স্বত্বেও কিন্তু কোনো প্ৰকাৰে হাৱা বতাহ সোমাব নোৱাৰা কৰা হৈছে ।
তাৰ উপৰিও প্ৰতিনিধি সকলে শুৱৰ বাবে কৰা বিছনা সমূহ ধান খেৰৰ জৰিয়তে প্ৰায় এক ফুট ওখ তুছকৰ দৰে শীত তাপ নিয়ন্ত্ৰিত কোঠালৈ পৰিণত কৰি তোলা হৈছে । ইয়াত পৰিষ্কাৰ আৰু ডাঠ কাপোৰেৰে এনেভাৱে সজাই দিয়া হৈছে যে এডালো ধান খেৰ বাহিৰত পৰি নথকাকৈ আৰু শীতৰ ঠাণ্ডা কি সেই অনুভৱ কৰিব নোৱাৰা কৰি তুলিছে বড়ো সাহিত্য সভাৰ আয়োজক সমিতিয়ে ।
ইয়াৰ জৰিয়তে বড়ো সাহিত্য সভাৰ শীৰ্ষ নেতৃত্বৰ এক দূৰদৰ্শী মনৰ পৰিচয় প্ৰকাশ পাইছে । বড়ো সাহিত্য সভাৰ অনুষ্ঠানত অংশগ্ৰহণ কৰা প্ৰতিনিধি সকলৰ বাবে যোগান ধৰা খাদ্য আহাৰৰ ক্ষেত্ৰত উল্লেখ কৰা প্ৰয়োজন হ'ব যে এবাৰতে হেজাৰ হেজাৰ প্ৰতিনিধিয়ে আহাৰ গ্ৰহণ কৰিব পৰাৰ যি পৰিপাতি ব্যৱস্থা কৰা হৈছে সেই সংক্ৰান্ততো মানিব লাগিব । সেইটো হৈছে যে মানুহ বহি আহাৰ গ্ৰহণৰ ক্ষেত্ৰত অতি সুন্দৰকৈ শৃংখলাবদ্ধভাৱে বহি আহাৰ গ্ৰহণৰ সুবিধা আৰু ভাত চবজি বিতৰণৰ ব্যৱস্থা ।
অৰ্থাৎ ঠেলা গাড়ীৰে ভাতৰ আহাৰ যোগানৰ ব্যৱস্থা আৰু অসংখ্য পুৰুষ মহিলা লোকক নিয়োগ কৰি আহাৰ বিতৰণ অসুবিধা নোহোৱাকৈ সুন্দৰভাৱে চলাই নিয়াৰ বাবে কোনো অসুবিধা অবিহনে প্ৰতিনিধি তথা ৰাইজে আহাৰ গ্ৰহণ কৰাত অসুবিধা হোৱা নাই । এই আহাৰৰ লগত গাহৰি মঙহৰ লগতে মাছৰ যোগান ধৰাত ৰাইজৰ বাবে আৰু অধিক ৰাইজক আহাৰ গ্ৰহণত সন্তোষ প্ৰকাশ কৰিছে ।
আনহাতে প্ৰতিনিধি সভাত কিছু সময়ৰ পিছে পিছে গৰম লাল চাহ, পিঠা, বিস্কুট আৰু পানী যোগান ধৰাৰ ব্যৱস্থাও প্ৰতিনিধি সকলৰ মনত আনন্দ দিয়ে । আন আন উল্লেখযোগ্য দিশসমূহ আলোচনা কৰা ভাল হ'ব যে বড়ো সাহিত্য সভাত পৰ্যাপ্ত পৰিমাণৰ ল'ৰা ছোৱালী স্বেচ্ছাসেৱক সেৱিকা আৰু প্ৰশাসনৰ ফালৰপৰা পুলিচ নিয়োগ কৰাৰ বাবে সভাৰ সৌষ্ঠৱ বৃদ্ধি কৰাৰ লগতে শৃংখলা বজাই ৰখা পৰিলক্ষিত হৈছে ।
ইয়াৰ বাহিৰেও সাহিত্য সভাত যোগ দান কৰিবলৈ অহা প্ৰতিনিধি সকলৰ চাৰিচকীয়া সৰু গাড়ীসমূহ ইমান সুন্দৰকৈ সজাই পৰাই শৃংখলাবদ্ধভাৱে ৰখাই থোৱাৰ বাবেও এই ব্যৱস্থা সুন্দৰ নিদৰ্শন দেখিবলৈ পোৱা গৈছে । সভাগৃহ আৰু প্ৰতিনিধি শিবিৰৰ আঁতৰত প্ৰস্ৰাৱ আৰু শৌচাগাৰ সমূহ ব্যৱস্থা কৰা বাবে ভাল হৈছে । তাতকৈ ভাল হৈছে শৌচাগাৰ সমূহ আধুনিক পদ্ধতিৰে স্থায়ী শৌচাগাৰৰ দৰে পকিকৰণেৰে সুন্দৰ আৰু পৰিষ্কাৰ পৰিচন্ন কৰা বাবে বহু প্ৰতিনিধিয়ে ভাল পাইছে ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us