/asomiyapratidin/media/media_files/2026/02/11/99-2026-02-11-18-35-24.jpg)
ডিজিটেল সংবাদ, গুৱাহাটী : বড়ো সাহিত্য সভাৰ আধৰুৱা প্ৰতিনিধি সভাখন অহা ২২ ফেব্ৰুৱাৰীত ওদালগুৰি জিলাৰ ওদালগুৰিত অনুষ্ঠিত কৰিব বুলি বড়ো সাহিত্য সভাৰ সভাপতি ড০ সুৰথ নাৰ্জাৰীয়ে জনাইছে । উল্লেখ্য যে বড়ো সাহিত্য সভাৰ সভাপতি ড০ সুৰথ নাৰ্জাৰীৰ সভাপতিত্বত যোৱা ১০ জানুৱাৰীত চিৰাং জিলাৰ বিজনীৰ বৰলাউগাৱৰ থেংফাখ্ৰি পথাৰত বড়ো সাহিত্য সভাৰ ৬৫ সংখ্যক অধিবেশন প্ৰতিনিধি সভাত বড়ো সাহিত্য সভাৰ ২০২৬-২৮ বৰ্ষৰ বাবে নতুন সমিতি গঠনৰ এক প্ৰতিনিধি সভা অনুষ্ঠিত হৈছিল । সভাত সভাপতিৰ বাবে কোকৰাঝাৰৰ গোপীনাথ বৰগয়াৰী আৰু শালবাৰীৰ চিতাৰাম বসুমতাৰীৰ নাম প্ৰস্তাৱ আগবঢ়ায় ।
উপ সভাপতিৰ দুটা আসনৰ বাবে ড০ প্ৰেমান্দ মোছাহাৰী, প্ৰশান্ত বড়ো, বিনয় কুমাৰ নাৰ্জাৰী আৰু কমলাকান্ত মোছাহাৰীৰ নাম প্ৰস্তাৱ আগবঢ়ায় । উপ সভানেত্ৰীৰ সংৰক্ষিত এটা আসনৰ বাবে নিলিমা বসুমতাৰীৰ নাম প্ৰস্তাৱ আগবঢ়ায়।
সাধাৰণ সম্পাদক হিচাপে নীলকান্ত গয়াৰীৰ নাম প্ৰস্তাৱ আগবঢ়ায় । সম্পাদকৰ চাৰিটা আসনৰ বাবে অম্বিকা হাজোৱাৰী, হৰেশ্বৰ নাৰ্জাৰী, জোংছাৰ নাৰ্জাৰী, দিলীপ বসুমতাৰী, প্ৰণৱ জ্যোতি নাৰ্জাৰী, ছহেন্দ্ৰ নাথ বসুমতাৰী, ৰাজেন বসুমতাৰী আৰু হৰিমল দৈমাৰীৰ নাম প্ৰস্তাৱ আগবঢ়ায়। চন্দ্ৰ ব্ৰহ্ম আৰু সতীশ ব্ৰহ্মৰ নাম প্ৰস্তাৱ আগবঢ়ায়।
সভাপতি এটা আসনত দুজন ব্যক্তি, উপ সভাপতিৰ দুটা আসনৰ বাবে চাৰিজন ব্যক্তি, সম্পাদকৰ চাৰিটা আসনৰ বাবে আঠজন ব্যক্তি আৰু কোষাধ্যক্ষৰ এটা আসনৰ বাবে দুজন ব্যক্তিৰ নাম প্ৰস্তাৱ আগবঢ়াৰ বাবে সভাপতিয়ে নিৰ্বাচনৰ জৰিয়তে নিৰ্বাচিত কৰিবলৈ যো-যা চলি থকাৰ সময়তে সিদিনা কোনো অচিনাকি ব্যক্তিৰ এটি দলে সভাস্থলীত আহি মাইক্ৰফোন কাঢ়ি ভাঙি গণ্ডগোল কৰিছিল । লগে লগে সভাস্থলীত অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি হৈছিল ।
ফলত বড়ো সাহিত্য সভাৰ নতুন সমিতি গঠনত অমীমাংসিত হৈ আছিল । পিছত বড়ো সাহিত্য সভাৰ সভাপতি ড০ সুৰথ নাৰ্জাৰীয়ে আধৰুৱা প্ৰতিনিধি সভাখন অহা ২২ ফেব্ৰুৱাৰীত ওদালগুৰি জিলাৰ ওদালগুৰিত অনুষ্ঠিত কৰিব বুলিও প্ৰকাশ কৰাত আগন্তুক ২০২৬-২৮ তিনিবছৰৰ বাবে বিষয় ববীয়া ভোটৰ জৰিয়তে নিৰ্বাচিত কৰিব।
উল্লেখ্য যে ২০০৯ চনৰ কোকৰাঝাৰ জিলাৰ দতমাত অনুষ্ঠিত বড়ো সাহিত্য সভাৰ নতুন সমিতি গঠনৰ ক্ষেত্ৰতো বন্দুকৰ গুলি ফুটাই সেই দিনাখনতো নতুন সমিতি গঠনত অমীমাংসিত হৈছিল। ফলত এক মাহৰ পাছত ওদালগুৰি জিলাৰ ৰৌতাত অনুষ্ঠিত এক বিশেষ প্ৰতিনিধি সভাৰ জৰিয়তে বড়ো সাহিত্য সভাৰ নতুন সমিতিখন গঠন কৰিছিল।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us