অমীমাংসিত নতুন সমিতি গঠনঃ মুকলি সভালৈ নাযায় মুখ্যমন্ত্ৰী, হাগ্ৰামা মহিলাৰী

বড়ো সাহিত্য সভাৰ ৬৫তম অধিৱেশনত শনিবাৰে হঠাৎ সৃষ্ট অপ্ৰীতিকৰ পৰিস্থিতিৰ বাবে নতুন সমিতি গঠনৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব পৰা নগ’ল।

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2026-01-11 at 10.07.31 AM

ডিজিটেল ডেস্কঃ চিৰাং জিলাৰ বিজনীৰ বৰলাউগাঁৱৰ থেংফাখ্ৰি পথাৰত অনুষ্ঠিত বড়ো সাহিত্য সভাৰ ৬৫তম অধিৱেশনত শনিবাৰে হঠাৎ সৃষ্ট অপ্ৰীতিকৰ পৰিস্থিতিৰ বাবে নতুন সমিতি গঠনৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব পৰা নগ’ল। অধিৱেশনৰ অংশ হিচাপে অনুষ্ঠিত এক গুৰুত্বপূৰ্ণ প্ৰতিনিধি সভাত সংঘটিত এই ঘটনাই সমগ্ৰ অনুষ্ঠানৰ পৰিৱেশ উত্তপ্ত কৰি তোলে। যাৰবাবে ম্লান পৰিল বড়ো সাহিত্য সভাৰ উচাহ। 

ইফালে, আজি অধিৱেশনস্থলীত উপস্থিত হোৱাৰ কথা আছিল মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ। আজিৰ সভাত মুখ্য় অতিথি হিচাপে অংশগ্ৰহণৰ কথা আছিল মুখ্যমন্ত্ৰীৰ। কিন্তু শেহতীয়া পৰিস্থিতিৰ বাবে বড়ো সাহিত্য সভাত মুখ্যমন্ত্ৰীয়ে অংশগ্ৰহণ নকৰে বুলি জানিব পৰা গৈছে। আনহাতে, একেই কাৰণতে আজিৰ সভাত উপস্থিত নাথাকে হাগ্ৰামা মহিলাৰীও।

উল্লেখযোগ্য যে, বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড° সুৰথ নাৰ্জাৰীৰ সভাপতিত্বত অনুষ্ঠিত প্ৰতিনিধি সভাত ২০২৬–২০২৮ বৰ্ষৰ বাবে নতুন সমিতি গঠনৰ বিষয়ত আলোচনা চলিছিল। সভাত সভাপতি পদৰ বাবে কোকৰাঝাৰৰ গোপীনাথ বৰগয়াৰী আৰু শালবাৰীৰ চিতাৰাম বসুমতাৰীৰ নাম প্ৰস্তাৱ কৰা হয়। সভাপতিয়ে নিৰ্বাচনৰ জৰিয়তে গণতান্ত্ৰিকভাৱে নতুন সমিতিখন গঠন কৰাৰ প্ৰচেষ্টা চলাই থকাৰ সময়তে হঠাৎ কোনো অচিনাকি ব্যক্তিৰ এটি দলে সভাস্থলীত প্ৰৱেশ কৰি মাইক্ৰফোন কাঢ়ি লৈ ভাঙি হুলস্থুলৰ সৃষ্টি কৰে।

এই ঘটনাৰ ফলত সভাস্থলীত উত্তেজনাময় আৰু অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হয়। উপস্থিত প্ৰতিনিধি, সাহিত্যিক আৰু দৰ্শকৰ মাজত কিছু সময়ৰ বাবে বিশৃঙ্খলতা বিয়পি পৰে। আয়োজক পক্ষই পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিবলৈ চেষ্টা চলালেও এই প্ৰতিনিধি সভা আগবঢ়োৱা সম্ভৱ নহ’ল। ফলস্বৰূপে বড়ো সাহিত্য সভাৰ নতুন সমিতি গঠনৰ প্ৰক্ৰিয়া অমীমাংসিত অৱস্থাত ৰৈ যায়।

বাতৰি লিখা সময়লৈকে নতুন সমিতিখন কেতিয়া গঠন কৰা হ’ব, সেই বিষয়ে বড়ো সাহিত্য সভাৰ পক্ষৰ পৰা কোনো আনুষ্ঠানিক ঘোষণা দিয়া হোৱা নাই। ঘটনাটোক দুৰ্ভাগ্যজনক বুলি অভিহিত কৰি বহু সাহিত্যপ্ৰেমীয়ে ভবিষ্যতে এনে গুৰুত্বপূৰ্ণ সাহিত্যিক অনুষ্ঠানসমূহ শান্তিপূৰ্ণ আৰু শালীন পৰিৱেশত অনুষ্ঠিত কৰাৰ দাবী জনাইছে।

উল্লেখযোগ্য যে, অধিৱেশনস্থলীত সাহিত্যিক আৰু সাংস্কৃতিক কাৰ্যসূচী পূৰ্ব নিৰ্ধাৰিত মতে অনুষ্ঠিত হৈ থাকিলেও এই ঘটনাৰ বাবে সমগ্ৰ অধিৱেশনৰ উচাহ-উদ্দীপনা কিছু পৰিমাণে ম্লান পৰে। বড়ো ভাষা, সাহিত্য আৰু সংস্কৃতিৰ বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা লৈ অহা বড়ো সাহিত্য সভাৰ অধিৱেশনত সংঘটিত এই ঘটনাই সাহিত্যিক মহলত চিন্তাৰ সৃষ্টি কৰিছে।

চিৰাং