বিভিন্ন শিতানত ১১ গৰাকী ব্যক্তিলৈ বড়ো সাহিত্য সভাৰ বঁটা

শুকুৰবাৰে বড়ো সাহিত্য সভাই ঘোষণা কৰিলে ২০২৫ বৰ্ষৰ সাহিত্য বঁটা। এইবৰ্ষত ১১ গৰাকী সাহিত্যিকক বিভিন্ন শিতানত বড়ো সাহিত্য সভাই প্ৰদান কৰিব বঁটা।

author-image
Asomiya Pratidin
New Update
web bodo

ডিজিটেল ডেস্কঃ শুকুৰবাৰে বড়ো সাহিত্য সভাই ঘোষণা কৰিলে ২০২৫ বৰ্ষৰ সাহিত্য বঁটা। এইবৰ্ষত ১১ গৰাকী সাহিত্যিকক বিভিন্ন শিতানত বড়ো সাহিত্য সভাই প্ৰদান কৰিব বঁটা।

ৰংগাৰ সাহিত্য বঁটাঃ এই বৰ্ষত এই বঁটা লাভ কৰিছে শোণিতপুৰৰ ৰবিন নাৰ্জাৰীয়ে। বঁটাত আছে নগদ ১০,০০০/- টকা।

সমেশ্বৰী ব্ৰহ্ম সাহিত্য বঁটাঃ ২০২৫ বৰ্ষত এই বঁটা লাভ কৰিছে তামুলপুৰৰ ৰমাকান্ত বসুমতাৰীয়ে। বঁটাত আছে নগদ ৫,০০০/- টকা।

চনজাৰং লক্ষেশ্বৰ ব্ৰহ্ম সংস্কৃতি বঁটাঃ এই বঁটা লাভ কৰিছে গুৱাহাটীৰ দেৱেন্দ্ৰ নাথ ব্ৰহ্মই। বঁটাত আছে নগদ ১০,০০০/- টকা।

হাব্ৰাঘাট বঁটাঃ গোৱালপাৰাৰ কণিক্সা হাজোৱাৰীলৈ এই বৰ্ষত এই বঁটা আগবঢ়োৱা হৈছে। বঁটাত আছে নগদ ১০,০০০/- টকা।

প্ৰৱন্নাথ বৰগৌয়াৰী সাহিত্য বঁটাঃ এই বৰ্ষত এই বঁটা লাভ কৰিছে বিজনীৰ ৰিম্বা ৱাৰীয়ে। বঁটাত আছে নগদ ৫০,০০০/- টকা।

প্ৰমিলা খাখলাৰী অনুবাদ বঁটাঃ এই বৰ্ষত এই বঁটা লাভ কৰিছে গুৱাহাটীৰ তৰেণ বড়োৱে। বঁটাত আছে নগদ ৩০,০০০/- টকা।

ৰামদাস বসুমতাৰী শিক্ষামূলক বঁটাঃ বাক্সাৰ বিপিন চন্দ্ৰ স্বৰ্গীয়াৰীলৈ এই বৰ্ষত এই বঁটা আগবঢ়োৱা হৈছে। বঁটাত আছে নগদ ৫০,০০০/- টকা।

স্বাধীনতা সংগ্ৰামী যোগেন্দ্ৰ কুমাৰ বসুমতাৰী বঁটাঃ ২০২৫ বৰ্ষত এই বঁটা লাভ কৰিছে কোকৰাঝাৰৰ নিত্যা বিনাড ৱাৰীয়ে। বঁটাত আছে নগদ ৫০,০০০/- টকা।

চুবুংথিনি থাণ্ডৱী বিনেশ্বৰ ব্ৰহ্ম বঁটাঃ এই বৰ্ষত এই বঁটা লাভ কৰিছে কোকৰাঝাৰৰ শিল্পা ব্ৰহ্মই। বঁটাত আছে নগদ ৫০,০০০/- টকা।

হাংমাশ্ৰী ব্ৰহ্ম ছাত্ৰ প্ৰেৰণা বঁটাঃ এই বৰ্ষত এই বঁটা লাভ কৰিছে বাক্সাৰ নৱজিত বসুমতাৰীয়ে। বঁটাত আছে নগদ ২০,০০০/- টকা।

আনহাতে, হাইস্কুল শিক্ষান্ত পৰীক্ষাত বড়ো বিষয়ত সৰ্বোচ্চ নম্বৰ লাভ কৰা তামুলপুৰৰ নয়নমনি বড়োলৈ বিশেষ বঁটা আগবঢ়োৱা হৈছে। বঁটাত আছে নগদ ১০,০০০/- টকা

বড়ো সাহিত্য সভা