/asomiyapratidin/media/media_files/2025/12/31/new-ap-web-taren-2025-12-31-19-47-26.jpg)
ডিজিটেল ডেস্কঃ বড়ো সাহিত্যৰ ভঁৰাল চহকী কৰা বিশিষ্ট সাহিত্যিক তথা বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তৰেণ বড়োৱে ৰাজ্যবাসীক জনাইছে নৱবৰ্ষৰ শুভেচ্ছা। ইংৰাজী নৱবৰ্ষই সকলোৰে জীৱনলৈ শান্তি-সম্প্ৰীতি ও উন্নতি কঢ়িয়াই অনাৰ আশাৰে এই শুভেচ্ছা বাৰ্তা ৰাজ্যবাসীলৈ প্ৰেৰণ কৰিছে বিশিষ্ট সাহিত্যিক গৰাকীয়ে।
বিশিষ্ট সাহিত্যিকগৰাকীয়ে শুভেচ্ছে বাৰ্তাত লিখিছে- চাওঁতে চাওঁতে ইংৰাজী ২০২৫ চনটোরে বিদায় ল’লে। বছৰটোত দেশে বহুতো ঘাত-প্রতিঘাতৰ সম্মুখীন হৈছে লগতে সমাজ আৰু পৰিয়ালটো সংঘাত আনিছে। বর্তমান বিজ্ঞান আৰু প্রযুক্তিবিদ্যা তথা প্রতিযোগিতামূলক যুগত নৱ প্রজন্মই জীবন নির্বাহৰ ক্ষেত্ৰত যথেষ্ট প্রত্যাহবানৰ সম্মুখীন হৈছে। বাজনীতিৰ ক্ষেত্ৰখনতো বহুত পৰিবৰ্তন ঘটিছে।
গতিকে এই পুৰণি বছৰটো পাহৰি এক নতুন আশাবে সকলোবে আগবাঢ়ি আহি কর্মসংস্কৃতি সবল কৰিবৰ সময় সমাগত। ইংৰাজী নতুন বছৰে সমাজৰ সকলো শ্ৰেণীৰ লোকৰ মাজত শান্তি সম্প্রীতি বজাই ৰাখি অশুভ শক্তিৰ যাতে বিনাশ কৰে তাৰ বাবে ঐক্যবদ্ধভাবে কাম কৰিব লাগিব। এই নৱবৰ্ষতেই সুচিন্তাৰ উদয় হওঁক। নব প্রজন্মৰ মাজত ঐক্য সংহতি কঢ়িয়াই এক মহান ভাৰত তথা অসম গঢ়াত ব্রতী হ'বলৈ সক্ষম হওঁক তাকে কামনা কৰি সদৌটিলৈ ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা আৰু ওলগ জনাইছোঁ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us