/asomiyapratidin/media/media_files/2025/12/30/ujjjdd-2025-12-30-22-44-23.jpg)
ডিজিটেল ডেস্কঃ নতুন বছৰৰ দ্বিতীয় সপ্তাহতে অনুষ্ঠিত হ’ব বড়ো সাহিত্য সভাৰ অধিৱেশন। ২০২৬ৰ জানুৱাৰী মাহৰ ৯, ১০ আৰু ১১ তাৰিখে চিৰাং জিলাৰ বিজনীত বড়ো সাহিত্য সভাৰ অধিৱেশন অনুষ্ঠিত হ’ব । প্ৰাপ্ত খবৰ অনুসৰি,এই সভাৰ প্ৰতিনিধি সভাত নতুন সমিতি গঠন কৰা হ’ব ।
চৰ্চা অনুসৰি, কোকৰাঝাৰ, গোসাঁইগাঁও জিলা সমিতিৰ পৰা গোপীনাথ বৰগয়াৰী, চিৰাং, বিজনী জিলা সমিতিৰ পৰা ড০ দীননাথ বসুমতাৰী আৰু গুৱাহাটী জিলা সমিতিৰ পৰা কমলাকান্ত মুছাহাৰী আৰু ড০ অনিল বড়োৰ নাম বড়ো সাহিত্য সভাৰ সভাপতি দৌৰত আছে।
গোপীনাথ বৰগয়াৰী আৰু কমলা কান্ত মুছাহাৰী বড়ো সাহিত্য সভাৰ প্ৰাক্তন সাধাৰণ সম্পাদক আৰু প্ৰাক্তন উপ সভাপতি। তেওঁলোক বড়ো সাহিত্য সভাৰ সৈতে ওচঃপোতভাৱে জড়িত। বড়ো সাহিত্য সভাৰ প্ৰায় সকলো সদস্যৰ সৈতে তেওঁলোকৰ আছে ভাল যোগসূত্ৰ।
আনফালে ড০ দীননাথ বসুমতাৰী বড়ো সাহিত্য সভাৰ প্ৰাক্তন উপ সভাপতি আৰু বড়ো লিখক সংস্থাৰ প্ৰাক্তন সভাপতি। ড০ দীননাথ বসুমতাৰীয়ে বিটিচিৰ মুখ্য হাগ্ৰামা মহিলাৰীৰ সৈতেও মধুৰ সম্পৰ্ক। চৰ্চা অনুসৰি, কমলাকান্ত মুছাহাৰী বা ড০ দীননাথ বসুমতাৰীৰ মাজতেই এজন আগন্তুক বড়ো সাহিত্য সভাৰ সভাপতি হিচাপে নিৰ্বাচিত হ’ব পাৰে ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us