BTR চুক্তি কাৰ্যকৰী সন্দৰ্ভত স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত বড়ো সংগঠনৰ নেতৃত্বৰে কেন্দ্ৰৰ গুৰুত্বপূৰ্ণ বৈঠক…

BTR চুক্তি কাৰ্যকৰী সন্দৰ্ভত স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত বড়ো সংগঠনৰ নেতৃত্বৰে কেন্দ্ৰৰ গুৰুত্বপূৰ্ণ বৈঠক…

author-image
asomiyapratidin
New Update
BTR চুক্তি কাৰ্যকৰী সন্দৰ্ভত স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত বড়ো সংগঠনৰ নেতৃত্বৰে কেন্দ্ৰৰ গুৰুত্বপূৰ্ণ বৈঠক…

ডিজিটেল ডেস্কঃ স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত দিল্লীত বড়ো সংগঠনৰ নেতৃত্বৰে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হ'ব কেন্দ্ৰীয় চৰকাৰ। ৮ আগষ্ট, সোমবাৰে বি আৰ চুক্তিৰ দফাবোৰ ৰূপায়ণ কৰিবলৈ দিল্লীত ৫ বড়ো সংগঠনেৰে সোমবাৰে বিয়লি ৪ বজাত এই আলোচনা অনুষ্ঠিত হ'ব। এই সংগঠন কেইটা হৈছে ক্ৰমে- এবছু, ইউ বি পি অ', ভংগ হোৱা এন ডি এফ বিৰ ৩টা গোট।

Advertisment

৫ টা সংগঠনৰ মুঠ ১২ জন সদস্যই অংশলব'লগীয়া এই বৈঠক সম্পৰ্কে পীয়ুষ গোৱেলে মন্তব্য কৰিছে। বৈঠক অনুষ্ঠিত হ'ব দিল্লীৰ নৰ্থ ব্লকত থকা পৰিয়াল কল্যাণ বিভাগৰ কাৰ্যালয়ত।

উল্লেখ্য যে ভাৰত চৰকাৰৰ সৈতে অসম চৰকাৰৰ প্ৰতিনিধিৰ উপস্থিতিত ২০২০ চনৰ ২৭ জানুৱাৰীত চুক্তি কৰা হৈছিল বড়ো চুক্তি। গৃহমন্ত্ৰী অমিত শ্বাহ, তদানীন্তন অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, স্বাস্থ্য আৰু গৃহমন্ত্ৰী তথা বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, আৰু ৰাজ্যৰ মুখ্য সচিবৰ উপস্থিতিত বড়ো নেতৃত্বই এই চুক্তা স্বাক্ষৰ কৰিছিল। এই চুক্তিৰ আধাৰতে বি টি আৰ গঠন কৰা হৈছিল।

বি টি আৰ গঠনৰ ২টা বছৰ অতিক্ৰম কৰিলে যদিও এই চুক্তিৰ দফাবোৰ আজিও সম্পূৰ্ণৰূপে কাৰ্যকৰী কৰা হোৱা নাই। এই চুক্তিৰ আধাৰতে সশস্ত্ৰ সংগ্ৰাম চলোৱা এন ডি এফ বিয়ে মূল সুতিলৈ ঘূৰি আহি বি টি আৰ এলেকাত শান্তিৰ পৰিবেশ ঘূৰাই অনাৰ অংশিদাৰ হৈছিল। চুক্তিৰ পিছতেই এন ডি এফ বিৰ ১, ৬১৫ জন সংগ্ৰামীয়ে বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰৰ সৈতে আত্মসমৰ্পণ কৰিছিল।