/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/05/11.jpg)
ডিজিটেল সংবাদ, মায়ংঃ আজি ভৰ দুপৰীয়া মৰিগাঁও জিলাৰ মায়ঙৰ পকৰীয়া নৈত সংঘটিত হয় এক নাও দুৰ্ঘটনা।জাগীৰোড আৰু মায়ং থানাৰ সীমান্তবৰ্তী এলেকা কাউৰহাগী আৰু কলবাৰীৰ গাৱৰ মাজত নৈৰ মাজ ভাগত সংঘটিত দুৰ্ঘটনাটোত স্কুলীয়া ছাত্ৰী এগৰাকীৰ সলিলসমাধি ঘটে।ছাত্ৰী গৰাকীৰ নাম নিছাত বেগম।
কাউৰহাগী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক হবিবুৰ ৰহমানৰ দহ বছৰীয়া কন্যা নিছাত বেগম। আন আঠ গৰাকী ছাত্ৰ ছাত্ৰী আৰু বিদ্যালয়ৰ সহকাৰী শিক্ষক এজনৰ সতে আন দিনাৰ দৰে আজিও ছুটীৰ পিছত বিদ্যালয়ৰ পৰা এখন তুলুঙা নাৱৰে ঘৰলৈ উভতি অহাৰ সময়তে শোকাৱহ দুৰ্ঘটনাটো সংঘটিত হয়।
কথমপি প্ৰাণৰক্ষা পৰে আন আঠ গৰাকী ছাত্ৰ ছাত্ৰী আৰু সহকাৰী শিক্ষক জন।শিক্ষক পিতৃ হবিবুৰ ৰহমানে নিজে শিক্ষকতা কৰা বিদ্যালয়তে অধ্যয়ন কৰিছিল ছাত্ৰী গৰাকীয়ে।দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিছত চিঞৰ বাখৰ শুনি স্থানীয় বহু লোক নৈৰ পাৰত উপস্থিত হয় আৰু ৰাইজৰ সহযোগত বাকী খিনিক উদ্ধাৰ কৰিবলৈ সক্ষম হয়।
নিছাত বেগমক প্ৰথম অৱস্থাত বিছাৰি পোৱা নাছিল যদিও কিছু সময় পিছতেই এখন জাল ৰ সহায়ত কনমানি জনিক মৃত অবস্থাত উদ্ধাৰ কৰিবলৈ সক্ষম হয়।নিছাত বেগমৰ মৃত্যুত শোকৰ ছাঁ পৰিছে এলেকাটোত।পিতৃমাতৃ কান্দোনত ভাগি পৰিছে।
উল্লেখযোগ্য যে বুৰগাও পঞ্চায়তৰ কাউৰহাগী প্ৰাথমিক বিদ্যালয়ৰ শতাধিক ছাত্ৰ ছাত্ৰীয়ে প্ৰতিদিনে নৌকাৰে আহ যাহ কৰে । খৰালি বাৰিষা বুলি কোনো কথা নাই,প্ৰতিদিনে ই নৌকাৰে অহা যোৱা কৰিব লগা হয়।