/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/f47d2b2e-5847-42db-8a1b-a7508cc5aa0b/lahorighat_16.jpg)
লুইতত পুনৰ দুৰ্ঘটনাঃ টুলুঙা নাও ডুবি একে পৰিয়ালৰ ৩ জনৰ মৃত্যু...
ডিজিটেল ডেস্কঃ ৰাজ্যত পুনৰ সংঘটিত হৈছে এক ভয়ংকৰ নাও দুৰ্ঘটনা। এইবাৰ স্থান লাহৰীঘাট। প্ৰাপ্ত তথ্য মতে লাহৰীঘাটত নাও ডুবি একেটা পৰিয়ালৰে ৩ জনকৈ লোকে প্ৰাণ হেৰুৱাইছে।
ব্ৰহ্মপুত্ৰৰ বুকুত নাও ডুবাৰ ফলত মৃত্যু হোৱা এই লোকলসকল হৈছে বিমলা খাতুন, জিন্নাতুল ইছলাম আৰু ইছতাৰা খাতুন। জানিব পৰা মতে টুলুঙা নাৱেৰে হামু চাপৰিৰ পৰা আন এক চাপৰিলৈ গৈ থকাৰ অৱস্থাতে সংঘটিত হৈছে এই অঘটন।
ক্লিক কৰি পঢ়কঃ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াই নুশুনে ৰাইজৰ অভিযোগঃ জি পি সিঙক অভিযোগ দাখিল...