/asomiyapratidin/media/media_files/2025/09/12/delhi-12-2025-09-12-14-52-39.jpg)
ডিজিটেল ডেস্কঃ ৰাজধানী দিল্লীত পুনৰ বোমাতংক। আজি দিল্লী উচ্চ ন্যায়ালয়ত বোমা সংস্থাপনৰ এক খবৰে তীব্ৰ আতংকৰ সৃষ্টি কৰিছে। জানিব পৰা মতে এটা ইমেইলৰ জৰিয়তে দিল্লী উচ্চ ন্যায়ালয়ত বোমা সংস্থাপনৰ কথা উল্লেখ কৰা হৈছিল।
ইমেইলটোত উল্লেখ কৰা হৈছিল বংশানুক্ৰমিকভাৱে অহা নেতাসকলক শেষ কৰাৰ উদ্দেশ্যৰে পাকিস্তানৰ চোৰাংচোৱা সংস্থাৰ সহায়ত উচ্চ ন্যায়ালয়ৰ চৌহদত বোমা স্থাপন কৰা হৈছিল। এই ভাবুকি বাৰ্তা লাভ কৰাৰ পিছতে দিল্লী আৰক্ষীয়ে উচ্চ ন্যায়ালয়ৰ চৌহদ খালী কৰে।
উল্লেখ্য যে, শুকুৰবাৰেও আন দিনৰ দৰে একেলগে ন্যায়ালয়ৰ একাধিক বিচাৰপীঠত শুনানি অনুষ্ঠিত হৈছিল। হঠাৎ ইটোৰ পিছত সিটোকৈ শুনানি স্থগিত ৰখা হ’ল। এইদৰে হঠাতে শুনানি স্থগিত ৰখাৰ বাবে আদালত চৌহদত হুলস্থুলৰ সৃষ্টি হয়।
কিছু সময়ৰ পাছতে জানিব পৰা যায় যে, এজন অচিনাকি ব্যক্তিয়ে ইমেইলৰ জৰিয়তে দিল্লী উচ্চ ন্যায়ালয়ত বোমা বিস্ফোৰণ কৰি উৰুৱাই দিয়াৰ ভাবুকি দিছিল। ইমেইলটোত কোৱা হৈছিল পাকিস্তানৰ চোৰাংচোৱা সংস্থা আই এছ আইৰ সহায়ত উচ্চ ন্যায়ালয়ৰ চৌহদত বোমা স্থাপন কৰা হৈছে।
বংশানুক্ৰমিকভাৱে যিসকল নেতা হৈছে তেওঁলোকক নিঃশেষ কৰাৰ লক্ষ্যৰে বোমাটো সংস্থাপন কৰাৰ কথাও উল্লেখ কৰা হৈছিল। ইমেইলটোত ৰাহুল গান্ধী আৰু এম কে ষ্টেলিনৰ নামো আছিল। তাৰোপৰি এই বোমা নিষ্ক্ৰিয় কৰিবলৈ এটা কোডৰ প্ৰয়োজন হ’ব আৰু সেই কোড জানিবলৈ কোনোবাই ফোন কৰিব লাগিব বুলিও কোৱা হৈছিল।
এই বাৰ্তা লাভ কৰাৰ পিছতে আৰক্ষীয়ে সমগ্ৰ উচ্চ ন্যায়ালয়ৰ চৌহদ খালী কৰাৰ সিদ্ধান্ত লয়। তাৰ পাছতে ন্যায়ালয়ৰ চৌহদত উপস্থিত হয় বোমা স্কোৱাডৰ দল। দলটোৱে ন্যায়ালয়ৰ চৌহদত বোমাৰ সন্ধানত অনুসন্ধান চলাই যদিও বাতৰি লিখাৰ সময়লৈকে কোনো সম্ভেদ লাভ কৰা নাই।
মন কৰিবলগীয়া যে যোৱা কেইমাহমানৰ পৰা দিল্লীৰ বিদ্যালয় আৰু বিভিন্ন চৰকাৰী অট্টালিকাত বোমা বিস্ফোৰণৰ ভাবুকিৰে ধাৰাবাহিকভাৱে এনেধৰণৰ ইমেইল লাভ কৰিছে আৰক্ষীয়ে। মুঠতে যোৱা কেইমাহমানৰ ভিতৰত দিল্লীৰ প্ৰায় সকলো বৃহৎ বিদ্যালয়তে এনেধৰণৰ বোমাৰ আতংক বিয়পি পৰিছে।
আনকি মুখ্যমন্ত্ৰীৰ কাৰ্যালয়, মৌলানা আজাদ চিকিৎসা মহাবিদ্যালয়, লালকিল্লাও এনে বোমাতংকৰ সন্মুখীন হৈছে। এই সকলো ইমেইল আছিল ভুৱা।