১৭বছৰৰ বনবাস সামৰি ৰাজপাত দখলৰ আশাৰে বাংলাদেশত প্ৰৱেশ খালেদা জিয়াৰ বৰপুত্ৰ...

আগন্তুক কেইটামান মাহৰ ভিতৰতে সলনি হ'ব পাৰে বাংলাদেশৰ ৰাজনৈতিক দৃশ্যপট। কিয়নো ১৭বছৰৰ বিদেশত একপ্ৰকাৰৰ বনবাস কটাই দেশলৈ উভতি আহিছে বাংলাদেশ নেচনেলিষ্ট পাৰ্টিৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ তাৰিক ৰহমান। যোৱা

author-image
Asomiya Pratidin
New Update
jdjdjd

ডিজিটেল ডেস্কঃ  আগন্তুক সময়ত সলনি হ'ব পাৰে বাংলাদেশৰ ৰাজনৈতিক দৃশ্যপট। কিয়নো ১৭বছৰৰ বিদেশত একপ্ৰকাৰৰ বনবাস কটাই দেশলৈ উভতি আহিছে বাংলাদেশ নেচনেলিষ্ট পাৰ্টিৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ তাৰিক ৰহমান। যোৱা ২৫ডিচেম্বৰ, ২০২৫তাৰিখে সুদীৰ্ঘ কাল লণ্ডনত থকাৰ পিছত ঢাকাত উপস্থিত হয় তাৰিক। 

২০২৪চনত শ্বেইখ হাছিনাৰ চৰকাৰ পতন হোৱাৰ পাছত পুনৰ নিজ দেশলৈ তাৰিক উভতি অহাৰ ঘটনাই বহু কথাৰে ইংগিত প্ৰদান কৰিছে। ৰাজনৈতিক বিশ্লেষকসকলে মত পোষণ কৰিছে যে, আগন্তুক কেইটামাহৰ ভিতৰতে বাংলাদেশত বৃহত ৰাজনৈতিক পৰিৱৰ্তন আহিলেও আচৰিত হ'বলগীয়া একো নাই। 

ঢাকাত তাৰিক ৰহমান উপস্থিত হোৱাৰ পাছতে ৬০ বছৰীয়া নেতা গৰাকীক  বিএনপিৰ জ্যেষ্ঠ নেতাই আদৰণি জনায় ৷ কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত অনুষ্ঠিত হৈছিল এই অনুষ্ঠান। প্ৰশাসনে সমগ্ৰ ঢাকাত আৰক্ষী, ৰেপিড একচন বেটেলিয়নৰ ইউনিট, সামৰিক বাহিনী আৰু সাধাৰণ কাপোৰ পিন্ধা চোৰাংচোৱাৰ এক বৃহৎ দল মোতায়েন কৰিছিল উক্ত দিনটোত।

বিশাল জনসভা সম্বোধন কৰি তাৰিকে কয় যে, “ প্ৰিয় ভাই-ভনীসকল, মাৰ্টিন লুথাৰ কিং জুনিয়ৰৰ এটা বিখ্যাত শাৰী আছিল, ‘মোৰ এটা সপোন আছে।’ আজি বাংলাদেশৰ মাটিত থিয় হৈ, আপোনালোক সকলোৰে আগত বিএনপিৰ সদস্য হিচাপে ক’ব বিচাৰিছো- মোৰ এটা পৰিকল্পনা আছে,  মোৰ দেশৰ জনসাধাৰণৰ বাবে, মোৰ দেশৰ বাবে এই পৰিকল্পনা।”

উল্লেখ কৰা প্ৰয়োজন যে, প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা বিএনপিৰ বৰ্তমানৰ অধ্যক্ষ বেগম খালেদা জিয়া আৰু প্ৰাক্তন ৰাষ্ট্ৰপতি জেনেৰেল জিয়াউৰ ৰহমানৰ জ্যেষ্ঠ পুত্ৰ তাৰিক ৰহমানে ১৯৮০ চনৰ শেষৰ ফালে ৰাজনৈতিক জীৱন আৰম্ভ কৰিছিল ।২০০১-০৬ চনত মাতৃৰ প্ৰধানমন্ত্ৰীৰ কাৰ্যকালত তেওঁ বিএনপিৰ ভিতৰত দ্ৰুতগতিত উত্থান ঘটায়, তেওঁ দলৰ জ্যেষ্ঠ যুটীয়া মহাসচিব হয়।

২০০৭-০৮ চনত দুৰ্নীতি আৰু নিৰাপত্তা সম্পৰ্কীয় গোচৰৰ মাজতে ৰহমানে বাংলাদেশ এৰি থৈ যায়। ২০০৪ চনত আৱামি লীগ (এ এল)ৰ ৰেলীত গ্ৰেনেড আক্ৰমণত ২৪ জন লোকৰ মৃত্যু হোৱাৰ বাবেও তেওঁক দোষী সাব্যস্ত কৰি যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰা হয় । কিন্তু বিএনপিয়ে দীৰ্ঘদিন ধৰি যুক্তি দি আহিছে যে এই গোচৰসমূহ ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত আছিল।

 ২০২৪ চনৰ জুলাই মাহত হাছিনাৰ শাসনৰ অন্ত পেলোৱা ছাত্ৰ-নেতৃত্বাধীন বিদ্ৰোহৰ পিছত সেই দোষী সাব্যস্তকৰণ বাতিল কৰা হয় , যাৰ ফলত তেওঁৰ উভতি অহাৰ পথ মুকলি হয়। ২০১৮ চনত ভাৰপ্ৰাপ্ত অধ্যক্ষ নিযুক্তি লাভ কৰি তেওঁ লণ্ডনৰ পৰা দলটো চলাইছিল। বাংলাদেশৰ ৰাজনৈতিক অশান্তিৰ মাজতে ৰহমানৰ ঘৰলৈ উভতি অহাৰ ঘটনাই এক পৰিৱৰ্তনৰ ইংগিত প্ৰদান কৰিছে।

২০২৬ৰ ১২ ফেব্ৰুৱাৰীত গণভোট অনুষ্ঠিত হ’ব বাংলাদেশত। বিএনপিয়ে ভোটাৰসকলৰ আগত নিজৰ শাসন অভিজ্ঞতাক আলোকপাত কৰিব বুলি আশা কৰিব পাৰি। কিয়নো দলটোৱে দুবাৰকৈ চৰকাৰ গঠন কৰিছিল ১৯৯১ আৰু ২০০১ চনত। শেহতীয়া সমীক্ষাত দেখা গৈছে যে ভোটাৰৰ সমৰ্থনত বিএনপিয়ে আন দলতকৈ আগবাঢ়ি আছে। ইনোভিছন কনছালটিঙৰ এক সমীক্ষাত দেখা গৈছে যে প্ৰায় ৪২ শতাংশ লোকে বিএনপিক সমৰ্থন কৰে। 

ভাৰত-বাংলাদেশ