৩১ অক্টোবৰত চাব আকাশলৈ, দেখা পাব ‘ব্লু মুন’…

৩১ অক্টোবৰত চাব আকাশলৈ, দেখা পাব ‘ব্লু মুন’…

author-image
asomiyapratidin
New Update
৩১ অক্টোবৰত চাব আকাশলৈ, দেখা পাব ‘ব্লু মুন’…

ডিজিটেল ডেস্কঃ বিশ্বৰ মহাকাশ বিজ্ঞানীসকলে অপেক্ষা কৰিছে অহা ৩১ অক্টোবৰলৈ। কিয়নো এই দিনটোত আকাশ দেখা পোৱা যাব ব্লু মুন। দৰাচলতে, আমাৰ সৌৰজগতত এক দুৰ্লভ ঘটনা সংঘটিত হোৱাৰ ফলত দেখা পোৱা যাব নীলা চন্দ্ৰ অৰ্থাৎ ব্লু মুন।

ইফালে, একাংশ বিদেশী ৰাষ্ট্ৰত এই দিনটোত উদযাপন কৰা হ'ব হেল'ৱিন নামৰ এক উৎসৱ। এই ব্লু মুন দেখা পোৱা যাব উত্তৰ আৰু দক্ষিণ আমেৰিকা, ভাৰত, এথিয়া তথা ইউৰোপৰ দেশসমূহত। ৰাষ্ট্ৰীয় সংবাদমাধ্যমৰ খবৰ অনুসৰি, প্ৰায় ৭৬ বছৰ পূৰ্বে দেখা পোৱা গৈছিল ব্লু মুন। আৰু ১৯ বছৰ পাছতহে পুনৰ দেখা পোৱা যাব এই নীলা চন্দ্ৰ।