গণৰাজ্য দিৱস উপলক্ষত ঢকুৱাখনাত ৰক্তদান শিবিৰ

ঢকুৱাখনা নগৰৰ ধৰমশালা ভৱন প্ৰাঙ্গনত, ঢকুৱাখনা সমজিলা প্ৰশাসন, ঢকুৱাখনা মহাবিদ্যালয় (স্বায়ত্ব শাসিত), হাৰ্হি মহাবিদ্যালয়ৰ যৌথ উদ্যোগত আৰু ইলোৰা বিজ্ঞান মঞ্চ, ঢকুৱাখনা আৰু ঢকুৱাখনা ব্যৱসায় সন্থাৰ সহযোগিতাত অনুষ্ঠিত হয় এই স্বেচ্ছামূলক ৰক্তদান শিবিৰ ।

author-image
Asomiya Pratidin
New Update
663

ডিজিটেল সংবাদ, ঢকুৱাখনা : দেশৰ সমাগত ৭৭ সংখ্যক গণৰাজ্য দিৱস উপলক্ষত ঢকুৱাখনাত বুধবাৰে অনুষ্ঠিত কৰা হয় স্বেচ্ছামূলক ৰক্তদান শিবিৰ । ঢকুৱাখনা নগৰৰ ধৰমশালা ভৱন প্ৰাঙ্গনত, ঢকুৱাখনা সমজিলা প্ৰশাসন, ঢকুৱাখনা মহাবিদ্যালয় (স্বায়ত্ব শাসিত), হাৰ্হি মহাবিদ্যালয়ৰ যৌথ উদ্যোগত আৰু ইলোৰা বিজ্ঞান মঞ্চ, ঢকুৱাখনা আৰু ঢকুৱাখনা ব্যৱসায় সন্থাৰ সহযোগিতাত অনুষ্ঠিত হয় এই স্বেচ্ছামূলক ৰক্তদান শিবিৰ ।

WhatsApp Image 2026-01-21 at 4.12.54 PM

বুধবাৰে দুপৰীয়া এই শিবিৰৰ শুভ উদ্বোধন কৰে সমজিলা আয়ুক্ত অপূৰ্ব কুমাৰ নাথে । লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ বিভাগীয় বিশেষজ্ঞ চিকিৎসক সত্য নাৰায়ন মিলি, লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ ব্লাড বেংকৰ কাউন্সিলৰ চম্পক বৰুৱাৰ উপৰিও ৪গৰাকী চিকিৎসা কৰ্মীৰ সহযোগিতাৰে অনুষ্ঠিত শিবিৰত মুঠ ২০ গৰাকী ব্যক্তিৰ ৰক্ত গ্ৰহণ কৰা হয় ।

WhatsApp Image 2026-01-21 at 4.12.53 PM

ঢকুৱাখনা সমজিলা প্ৰশাসনৰ সহকাৰী আয়ুক্ত ৰাহুল গগৈ, যানুমা সোণোৱাল, সাংস্কৃতিক বিষয়া ইভালীনা পাঠক,
ঢকুৱাখনা মহকুমা অসামৰিক চিকিৎসালয়ৰ অধীক্ষক ডাঃ প্ৰদীপ মিলি , ঢকুৱাখনা মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ যোগানন্দ সূত, ইলোৰা বিজ্ঞান মঞ্চ, ঢকুৱাখনাৰ সভাপতি তবেন্দ্ৰ নাথ দাস, সম্পাদক ৰাজু চুতীয়া, ঢকুৱাখনা ব্যৱসায় সন্থাৰ সম্পাদক পূৰ্ণ চুতীয়া ,জ্যেষ্ঠ নাগৰিক দিগেন্দ্ৰ নাথ হাজৰিকা ,ইন্দিৰা গগৈ আদি বহু সংখ্যক সচেতন ব্যক্তি উপস্থিত থকা শিবিৰত ৰক্তদাতাসকলক স্বাস্থ্য প্ৰশাসনৰ তৰফৰ পৰা প্ৰমাণ পত্ৰ প্ৰদান কৰা হয় ।

ঢকুৱাখনা ৰক্তদান শিবিৰ