ওদালগুৰিত ৰক্তদান আৰু নাহৰৰ পুলি বিতৰণ

ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে ওদালগুৰিতো জুবিন গাৰ্গৰ ৫৩ সংখ্যক ওপজা দিন উদযাপন কৰা হয়। এই উপলক্ষে ওদালগুৰি জিলা ভাৰতীয় জনতা যুৱ মৰ্চাই স্থানীয় বিষ্ণুৰাভা কৃষ্টি সংঘ প্ৰাঙ্গণত ৰক্তদান শিবিৰ অনুষ্ঠিত কৰে

author-image
Asomiya Pratidin
New Update
262

ডিজিটেল সংবাদ, ওদালগুৰি : ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে ওদালগুৰিতো জুবিন গাৰ্গৰ ৫৩ সংখ্যক ওপজা দিন উদযাপন কৰা হয়। এই উপলক্ষে ওদালগুৰি জিলা ভাৰতীয় জনতা যুৱ মৰ্চাই স্থানীয় বিষ্ণুৰাভা কৃষ্টি সংঘ প্ৰাঙ্গণত ৰক্তদান শিবিৰ অনুষ্ঠিত কৰে।

উক্ত শিবিৰত ওদালগুৰি জিলা ভাৰতীয় জনতা পাৰ্টীৰ ভাৰপ্ৰাপ্ত সভাপতি বিকন চন্দ্ৰ ডেকা, জিলা ভাৰতীয় জনতা যুৱ মৰ্চাৰ সভাপতি সমৰ হাজৰিকা, সাধাৰণ সম্পাদক নিতু শইকীয়াকে ধৰি শতাধিক কৰ্মকৰ্তাই ৰক্তদান কৰে। ইফালে ওদালগুৰি চহৰৰ বিভিন্ন শিক্ষানুষ্ঠান, ৰাইজৰ মাজত নাহৰৰ পুলি বিতৰণ কৰে ওদালগুৰি ৰংমন কেটাৰিং গ্ৰুপে।

একেদৰে ওদালগুৰি সাপ্তাহিক বজাৰ চৌহদত জুবিন গাৰ্গৰ জন্মদিন উপলক্ষে স্থানীয় ৰাইজৰ উদ্যোগত ৰাজহুৱা নাম কীৰ্তন অনুষ্ঠিত কৰি প্ৰিয় শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। একেদৰে ওদালগুৰি বণিক সন্থাই চহৰখনৰ ব্যৱসায়ী প্ৰতিষ্ঠান সমূহত সন্ধিয়া বন্তি প্ৰজ্বলন কৰি জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। 

এনেদৰে ওদালগুৰিৰ বিভিন্ন প্ৰান্তত মৰমৰ শিল্পীগৰাকীৰ জন্মদিন উপলক্ষে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

জুবিন গাৰ্গ জুবিন