/asomiyapratidin/media/media_files/2026/02/01/46-2026-02-01-17-42-45.jpg)
ডিজিটেল সংবাদ, ঢকুৱাখনা : পেঞ্চন কাৰোবাৰ অনুগ্ৰহ নহয়, আমাৰ সাংবিধানিক প্ৰাপ্য । অসমৰ প্ৰতিগৰাকী চৰকাৰী কৰ্মচাৰীৰ এই অধিকাৰ আছে। ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত যদি পুৰণি পেঞ্চন আঁচনিৰে চৰকাৰী কৰ্মচাৰী, শিক্ষক, শ্ৰমিকসকল উপকৃত হ'ব পাৰে অসমত এই আঁচনি প্ৰৱৰ্তন নহব কিয় ?
এয়া অসমৰ কৰ্মচাৰীসকলৰ প্ৰতি চূড়ান্ত অবিচাৰ , প্ৰতাৰণা । বিগত সময়ত গণতান্ত্ৰিকভাৱে আলোচনা, স্মাৰকপত্ৰৰে আমাৰ নাৰ্য দাবী পূৰণৰ আহ্বান জনাই অহা হৈছিল । কিন্তু এতিয়া বঞ্চিত কৰ্মচাৰীসকলৰ ধৈৰ্যচ্যুতি ঘটিছে । তাৎক্ষণিকভাৱে এন পি এছ বাতিল কৰি পুনৰ অ' পি এছ প্ৰৱৰ্তন নকৰিলে অধিক গণ সংগ্ৰামৰ সন্মুখীন হব লাগিব ৰাজ্য চৰকাৰ ।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/02/01/whatsapp-imag-2026-02-01-17-45-55.jpeg)
ৰাজ্য চৰকাৰলৈ সদৌ অসম কৰ্মচাৰী পৰিষদৰ হুংকাৰ এয়া । দেওবাৰে ঢকুৱাখনাত কলা দিৱস পালনেৰে এই হুংকাৰ দিয়ে সদৌ অসম কৰ্মচাৰী পৰিষদৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক অতুল চুতীয়াই ।
উল্লেখযোগ্য যে ২০২৫ চনৰ এক ফেব্ৰুৱাৰীত কেন্দ্ৰীয় চৰকাৰে পুৰণি পেঞ্চন আঁচনি বাতিল কৰি নতুন পেঞ্চন আঁচনি প্ৰৱৰ্তন কৰিছিল । যাৰ জৰিয়তে সাৰ্বজনীন ভাবে কৰ্মচাৰী সকল প্ৰাপ্যৰ পৰা বঞ্চিত হৈছিল । কৰ্মচাৰী সকলৰ প্ৰতি কৰা এই অবিচাৰৰ প্ৰতিবাদ স্বৰূপে এই দিনটো কৰ্মচাৰী পৰিষদে পালন কৰি আহিছে কলা দিন হিচাবে । ঢকুৱাখনা জিলা কৰ্মচাৰী পৰিষদৰ উদ্যোগটো দেওবাৰে পালন কৰা হয় ক'লা দিৱস ।
ঢকুৱাখনা জিলা কৰ্মচাৰী পৰিষদৰ সভাপতি অতুল চুতীয়াৰ নেতৃত্বত সম্পাদক সুনীল দত্ত , জ্যেষ্ঠ সদস্য ললিত কুমাৰ দাস ,হেমেন কলিতা আদি শতাধিকৰ সহযোগিতাত কলা দিৱস উপলক্ষত পৰিষদৰ কাৰ্য্যালয়ৰ পৰা বাহিৰ কৰে এক বাইক ৰেলি । লগত দাবী সম্বলিত প্লে'কাৰ্ড লৈ এই ৰেলীয়ে সমগ্ৰ ঢকুৱাখনা নগৰাঞ্চল পৰিভ্ৰমণ কৰে । নো অ পি এছ- নো ৰেষ্ট , পেঞ্চন আমাৰ সাংবিধানিক প্ৰাপ্য , আমাক অ পি এছ লাগে , ইউ পি এছ - এন পি এছ বাতিল কৰি অ পি এছ প্ৰৱৰ্তন কৰক আদি শ্লোগান দি ৰাজপথ মুখৰিত কৰি তোলে শিক্ষক কৰ্মচাৰী সকলে।
ৰাজ্যখনৰ কৰ্মচাৰী সমাজক এন পি এছৰ বোজা জাপি দিয়া অসম চৰকাৰৰ হঠকাৰী পদক্ষেপৰ বিৰুদ্ধে দেওবাৰে দুপৰীয়া প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি তাৎক্ষণিক ভাৱে অন্যান্য ৰাজ্যৰ দৰে অসমত অ পি এছ প্ৰৱৰ্তন নকৰিলে ভৱিষ্যতৰ দিনত ভয়াবহ প্ৰতিবাদ সাব্যস্ত কৰাৰ সকীয়নী দিয়ে কৰ্মচাৰী পৰিষদে ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us