ৰাজীৱ ভৱনৰ সন্মুখত ভাৰতীয় জনতা যুৱ মৰ্চাৰ প্ৰতিবাদঃ কংগ্ৰেছীৰে হতাহতি

অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মুখ্য কাৰ্যালয় ৰাজীৱ ভৱনত আজি ভাৰতীয় জনতা যুৱ মৰ্চাৰ একাংশ নেতা কৰ্মীয়ে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ।

author-image
Asomiya Pratidin
New Update
SDSDSD

ডিজিটেল সংবাদ, গুৱাহাটীঃ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মুখ্য কাৰ্যালয় ৰাজীৱ ভৱনত আজি ভাৰতীয় জনতা যুৱ মৰ্চাৰ একাংশ নেতা কৰ্মীয়ে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ। পিছে প্ৰতিবাদ জনোৱাৰ নামত ভাৰতীয় জনতা যুৱ মৰ্চাৰ নেতা কৰ্মীয়ে কংগ্ৰেছ কৰ্মীসকলক আক্ৰমণৰ লক্ষ্য কৰি লোৱাৰ অভিযোগ উত্থাপন হৈছে। বেনাৰ-পোষ্টাৰ ফালি অগণতান্ত্ৰিক পৰম্পৰা আৰম্ভ কৰা কাৰ্যক অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে তীব্ৰ ভাষাৰে গৰিহণা জনাইছে। 

CaptureFDFDDSFDFSDS

অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক বিপুল গগৈয়ে আজি এক প্ৰেছ বিবৃতিত ভাৰতীয় যুৱ মৰ্চাৰ একাংশ কৰ্মীয়ে প্ৰতিবাদৰ নামত কৰা উদ্ভণ্ডালিক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে আৰু এয়া গণতন্ত্ৰৰ পৰিপন্থী বুলি উল্লেখ কৰে। এইক্ষেত্ৰত আৰক্ষীৰ ভূমিকাও ৰহস্যজনক বুলি উল্লেখ কৰি গগৈয়ে কয় যে অসম আৰক্ষীয়ে শাসকীয় দল বিজেপিৰ সুৰক্ষা বাহিনীৰ ৰূপতহে অৱতীৰ্ণ হোৱা দেখা গৈছে। ৰাজীৱ ভৱনত থকা কংগ্ৰেছ কৰ্মীসকলক আৰক্ষীয়ে বাধা প্ৰদানৰ নামত মাৰপিট কৰা ঘটনা গৰিহণাৰ যোগ্য।

CaptureGRTRTRETTYR

একেটা বিবৃতিতে প্ৰদেশ কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰাই কয় যে, এজন আৰক্ষী বিষয়াই কংগ্ৰেছ দলৰ সামাজিক মাধ্যম বিভাগৰ প্ৰাক্তন অধ্যক্ষ ৰাতুল কলিতাক আক্ৰমণৰ লক্ষ্য কৰি লোৱাতো ভিডিঅ’ত স্পষ্ট হৈছে। আৰক্ষীৰ এই আক্ৰোশমূলক ঘটনাই মানৱ অধিকাৰ উলংঘা কৰিছে আৰু ইয়াৰ বিৰুদ্ধে অসম আৰক্ষীয়ে নিজাববীয়াকৈ এটা গোচৰ ৰুজু কৰিব লাগে। ৰাজীৱ ভৱনত আক্ৰমণ চলাবলৈ অহা গুণ্ডাবাহিনীক বাধা দিব নোৱৰা আৰক্ষীয়ে কংগ্ৰেছ কৰ্মীৰ ওপৰত আক্ৰমণ চলোৱা ঘটনাই আৰক্ষীৰ নিৰপেক্ষতাক লৈ প্ৰশ্ন উত্থাপিত হৈছে বুলিও বৰাই কয়।

CaptureCSC

ইফালে, অসম প্ৰদেশ যুৱ কংগ্ৰেছ আৰু আৰক্ষীৰ আক্ৰমণৰ বলি হোৱা কংগ্ৰেছ নেতা ৰাতুল কলিতাই আজি সন্ধিয়াৰ ভাগত ভঙাগড় আৰক্ষী থানাত পৃথকে পৃথকে দুখন এজাহাৰ দাখিল কৰে। 

ৰাজীৱ ভৱন