তুষ্টিকৰণ নহয়, সন্তুষ্টিকৰণৰ বাবে বিহাৰত বিজেপিৰ এই জয়ঃ প্ৰধানমন্ত্ৰী...

বিহাৰৰ জনসাধাৰণৰ প্ৰতিটো ভোট হৈছে দেশৰ সুৰক্ষা আৰু সম্পদসমূহৰ ক্ষেত্ৰত আপোচ কৰাৰ বিৰুদ্ধে চৰকাৰৰ নীতিৰ ওপৰত জনসাধাৰণৰ বিশ্বাসৰ প্রতীক বুলি মন্তব্য কৰে মোডীয়ে।

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2025-11-14 at 8.08.52 PM

ডিজিটেল ডেস্কঃ  প্রধানমন্ত্রী নৰেন্দ্র মোডী, বিজেপিৰ সভাপতি জে পি নাড্ডা আৰু দলৰ জ্যেষ্ঠ নেতা অমিত শ্বাহে মিত্রজোঁটৰ প্রতি দেখুওৱা ঐতিহাসিক আৰু অভূতপূর্ব সমর্থনৰ বাবে বিহাৰৰ জনসাধাৰণক ধন্যবাদ জ্ঞাপন কৰিছে।

বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যালয়ৰ পৰা জনতাক সম্বোধন কৰি প্রধানমন্ত্রীয়ে এই জয়ক সুশাসন, বিকাশ, সামাজিক ন্যায় আৰু জনকল্যাণৰ বিজয় বুলি অভিহিত কৰে। তেওঁ কয় যে, জনসাধাৰণৰ এই সমর্থনে বিহাৰৰ উন্নয়নৰ বাবে নতুন উদ্যমেৰে কাম কৰাৰ লগতে জনসাধাৰণৰ প্ৰতি সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত চৰকাৰখনক অধিক সবল কৰি তুলিব।

প্ৰধানমন্ত্ৰীয়ে লগতে কয়, এয়া বিজেপিৰ প্ৰতি ৰাইজৰ বিশ্বাসৰ প্ৰতিফলন। বিহাৰৰ ৰাইজে বিকশিত বিহাৰৰ আশাত ভোটদান কৰিছে। বিহাৰে ২০১০ ৰ পাছত আটাইতকৈ ডাঙৰ জনাদেশ দিলে। এতিয়াৰ পৰা বিহাৰৰ বিকাশ যাত্রাক ঊৰ্ধ্বমুখী কৰাৰ প্রয়াস হ’ব। মহিলা আৰু যুৱ চামক প্রাধান্য দি চৰকাৰ আগবাঢ়িব বুলি মন্তব্য কৰে প্ৰধানমন্ত্ৰীয়ে।

শ্ৰী মোডীয়ে লগতে কয়, বিহাৰৰ জনতাই জংঘলৰাজ চলোৱা দলক নস্যাৎ‍ কৰিলে। তেওঁ লগতে নীতিশ কুমাৰ, সম্রাট চৌধুৰীকো প্রশংসা কৰি কয়, বিহাৰত পূৰ্বে মাওবাদীৰ ভয় আছিল, এতিয়া চৌদিশ শান্তি।
ভাৰতৰ লোকে বৰ্তমান দ্রুত গতিত বিকাশ বিচাৰে। বিহাৰৰ মহান ভূমিত আৰু কেতিয়াও জংঘলৰাজ চলিব নোৱাৰে। এই জয় বিহাৰৰ যুৱসমাজৰ জয় বুলিও কয় প্ৰধানমন্ত্ৰীয়ে।

তাৰোপৰি প্ৰধানমন্ত্ৰী মোডীয়ে বিহাৰৰ প্ৰতি গৰাকী মহিলা, যুৱচাম তথা কৃষক সমাজৰ লগতে এন ডি এৰ প্ৰতিগৰাকী কৰ্মীক ধন্যবাদ জ্ঞাপন কৰে। তেওঁ কয়, এন ডি এ-ই বিহাৰত সকলো স্তৰতে উন্নয়ন আনিছে। আমাৰ কামৰ ভিত্তিত আৰু ৰাজ্যখনক নতুন উচ্চতালৈ লৈ যোৱাৰ বাবে মানুহে আমাক ভোট দিছিল। আজি সমগ্ৰ দেশ বিহাৰক লৈ গৌৰাম্বিত। এই বিজয় বিহাৰৰ সেই প্ৰতিগৰাকী যুৱচামৰ,যাৰ ভৱিষ্যত কংগ্ৰেছ,আৰ জে ডিয়ে ধ্বংসৰ গৰাহলৈ পঠিয়াই দিছিল।

প্ৰধানমন্ত্ৰীয়ে এন ডি এ পৰিয়ালৰ হৈ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ আৰু ছিৰাগ পাছৱান, জিতনৰাম মাঝী, উপেন্দ্ৰ কুশৱাহাক এই জয়ৰ বাবে অভিনন্দন জ্ঞাপন কৰে। লগতে কয়, সংখ্যাগৰিষ্ঠতা লাভ কৰাটোৱেই সুশাসন, সুস্থিৰতা তথা এন ডি এৰ বিকাশক যে ৰাজ্যখনে আকোঁৱালি লৈছে তাকেই প্রমাণ কৰিছে। এই অভূতপূর্ব ফলাফলে বিকশিত বিহাৰ আৰু বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হোৱাত অধিক সহায় কৰিব।এই বিকাশৰ যাত্ৰা অব্যাহত থাকিব।

প্ৰধানমন্ত্ৰীয়ে আৰু কয়, আজিৰ এই বিজয় প্ৰতিগৰাকী বিহাৰৰ উন্নয়ন বিৰোধীলৈ এক উত্তৰ। যিসকলে বিহাৰৰ ছঠ পূজাক নাটক বুলি কৈছিল সেই কংগ্ৰেছী-আৰজেডিয়ে এই পৰ্যন্ত ছঠ মাৰ ওচৰত ক্ষমা নিবিচাৰিলে। ৰাজ্যবাসীয়ে তেওঁলোকক কেতিয়াও ক্ষমা নকৰে। ইয়াৰ বিপৰীতে আমি ছঠ পূজাক ইউএনেছস্ক' ৰ হেৰিটেজ তালিকাত সন্নিৱিষ্ট কৰাৰ প্ৰয়াস কৰি আছো। 

বিহাৰৰ জনসাধাৰণৰ প্ৰতিটো ভোট হৈছে দেশৰ সুৰক্ষা আৰু সম্পদসমূহৰ ক্ষেত্ৰত আপোচ কৰাৰ বিৰুদ্ধে চৰকাৰৰ নীতিৰ ওপৰত জনসাধাৰণৰ বিশ্বাসৰ প্রতীক বুলি মন্তব্য কৰে মোডীয়ে। শেষত এই নির্বাচনৰ সময়ছোৱাত দলীয় কর্মকর্তাসকলৰ অবিৰত কঠোৰ পৰিশ্ৰমৰো প্ৰধানমন্ত্ৰীয়ে শলাগ লয়। ৰাজ্যখনৰ জনসাধাৰণৰ আস্থা, আশা-আকাংক্ষাসমূহ অধিক উৎসর্গীকৃত মনোভাৱেৰে পূৰণ কৰা হ'ব বুলি তেওঁ নিশ্চয়তা প্রদান কৰে।

বিহাৰ বিহাৰ চৰকাৰ