/asomiyapratidin/media/media_files/2025/09/01/230-2025-09-01-00-02-21.jpg)
ডিজিটেল সংবাদ, ওদালগুৰি : সমাগত বিটিআৰ নিৰ্বাচনৰ প্ৰাকমূহুৰ্তত দেওবাৰে ইউপিপিএল আৰু বিজেপি দলে ঘোষণা কৰিলে সকলোৰে দৃষ্টি থকা ভৈৰৱকুণ্ড পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী। ইউপিপিএলৰ বাবে সমষ্টিটোৰ প্ৰাৰ্থিত্ব লাভ কৰে বৰ্তমানৰ বিটিচিৰ উপমূখ্য কাৰ্যবাহী সদস্য গোবিন্দ চন্দ্ৰ বসুমতাৰীয়ে।
তেখেতে টিকট লাভ কৰি সাংবাদিকৰ সন্মুখত কয়, আজি প্ৰথমে ইউপিপিএলৰ ১৮ জনীয়া প্ৰাৰ্থী ঘোষণা হোৱাৰ পিছত দ্বিতীয়খন তালিকা ওলোৱালৈ বহুত দিন লাগিছিল। ফলত ৰাইজৰ মাজত উৎকণ্ঠা বৃদ্ধি পাইছিল। কিন্তু আজি ঘোষণা কৰা প্ৰাৰ্থী তালিকাত মোৰ নামটো দেখি ভাল লাগিছে।
মোক বিশ্বাসত লোৱা বাবে দলীয় নেতৃত্বক ধন্যবাদ জনাইছো। ভৈৰৱকুণ্ড সমষ্টিত যথেষ্ট সমস্যা আছিল। যোৱা ১৭ বছৰীয়া শাসনকালত বিপিএফে সমষ্টিটো আওকান কৰি চলিছিল। ৰাস্তাঘাট, দলং, খোৱাপানীৰ যথেষ্ট অসুবিধা আছিল। যোৱা চাৰে চাৰি বছৰত আমি সমষ্টিটোৰ বাবে যথেষ্ট কাম কৰিলো।
গাঁৱৰ সৈতে চহৰৰ যোগাযোগ ব্যৱস্থা সুচল কৰি তুলিছো। সমষ্টিটো যথেষ্ট পৰিৱৰ্তন কৰিবলৈ সক্ষম হৈছো। প্ৰমোদ বড়োৰ নেতৃত্বত আমাৰ বিটিআৰৰ পৰিৱেশ পৰিৱৰ্তন হৈছে। পূৰ্ৱৰ সময়ত আতংকত দিন কটাইছিল ৰাইজে। কিন্তু এতিয়া ৰাইজ মুকলিভাৱে নিশাপৰ্যন্ত ঘুৰাফুৰা কৰিব পাৰে। জাতি জনগোষ্ঠীৰ মাজত ভয় নোহোৱা হৈছে।
সকলো জাতি জনগোষ্ঠীয়ে মুকলিভাৱে মিলাপ্ৰীতিৰে বসৱাস কৰিব পৰা হ'ল। যোৱা চাৰে চাৰি বছৰত সম্পূৰ্ণ সমস্যা সমাধান কৰিব পৰা নাই যদিও যিমানখিনি সম্ভৱ সেয়া কৰিছো। বাকী সমস্যা সমাধানৰ বাবে আগন্তুক দিনত ৰাইজে আমাক সুযোগ দিব বুলি আশা কৰিছো। এইবাৰ ভৈৰৱকুণ্ড সমষ্টিত বিজেপি-ইউপিপিএল-বিপিএফৰ মাজত তিনিকোণীয়া যুজ হব। কিন্তু যিহেতু যোৱা দিনবোৰত আমি ৰাইজৰ হৈ কাম কৰিছো, গতিকে ৰাইজ এইবাৰ আমাৰ লগত থাকিব বুলি আশা প্ৰকাশ কৰিছো। যোৱাবাৰৰ দৰে এইবাৰো বিপিএফ তিনি নম্বৰ স্থানত থাকিব। তেওঁলোকে বহু লম্ফ জম্ফ কৰি আছে যদিও কাম নহব।
ইফালে আজি সন্ধিয়া বিজেপি দলটোৱেও ২৮ টা পৰিষদীয় সমষ্টিৰ বাবে প্ৰাৰ্থী তালিকা ঘোষণা কৰে। সেই অনুসৰি ভৈৰৱকুণ্ড পৰিষদীয় সমষ্টিৰ পৰা দলীয় টিকট লাভ কৰে সমাজকৰ্মী, ব্যৱসায়ী মিনন মোছাহাৰীয়ে। তেখেতে টিকট লাভ কৰি সংবাদ মাধ্যমৰ সন্মুখত বিজেপিৰ নেতৃত্বক ধন্যবাদ জ্ঞাপন কৰে।
লগতে আগন্তুক নিৰ্বাচনৰ বাবে সমষ্টিৱাসীৰ ভোট কামনা কৰে। তেওঁ কয়, মোৰ লক্ষ্য হব ভৈৰৱকুণ্ড সমষ্টিৱাসী ৰাইজৰ সমস্যা সমাধান কৰা। দীৰ্ঘদিন ধৰি ৰাইজে বহু সমস্যাত ভাৰাক্ৰান্ত হৈ আছে। সেই সমস্যাসমূহ দীৰ্ঘস্থায়ী সমাধানৰ বাবে কোনেও কাম কৰিব পৰা নাই গতিকে আগন্তুক নিৰ্বাচনত জয়ী হোৱাৰ পাছত ৰাজ্যত সৰ্বকালৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যত কৰি অহা উন্নয়ণমূলক কামকাজসমূহ ভৈৰৱকুণ্ডৰ প্ৰতিগৰাকী লোকে লাভ কৰিব। দুয়োগৰাকী প্ৰাৰ্থীৰ সমৰ্থকসকলে প্ৰাৰ্থীত্ব লাভৰ আনন্দৰে ফটকা ফুটাই আনন্দ কৰা দেখা যায়।