ৰঙানদী সমষ্টিত বিজেপিৰ বিশাল ত্ৰিৰংগা যাত্ৰা...

ভাৰতীয় সেনাবাহিনীৰ মনোবল বৃদ্ধি তথা দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বলিষ্ঠ নেতৃত্বক ধন্যবাদ জ্ঞাপনাৰ্থে লখিমপুৰৰ ৰঙানদী সমষ্টিত বিজেপিয়ে উলিয়ালে বিশাল ত্ৰিৰংগা যাত্ৰা।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,লখিমপুৰঃ দেশৰ গৌৰৱোজ্জল ৭৯ সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত লখিমপুৰৰ ৰঙানদী সমষ্টিত দেখা গ'ল অভূতপূৰ্ব পৰিৱেশ। ভাৰতীয় সেনাবাহিনীৰ মনোবল বৃদ্ধি তথা দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বলিষ্ঠ নেতৃত্বক ধন্যবাদ জ্ঞাপনাৰ্থে লখিমপুৰৰ ৰঙানদী সমষ্টিত বিজেপিয়ে উলিয়ালে বিশাল ত্ৰিৰংগা যাত্ৰা।

ৰঙানদী সমষ্টিৰ যুৱনেতা তথা অসম চৰকাৰৰ যুৱ আয়োগৰ সদস্য ঋষিৰাজ হাজৰিকাৰ নেতৃত্বত উলিওৱা এই 'ত্ৰিৰংগা যাত্ৰা'ত ২ হাজাৰ বাইকে অংশগ্ৰহণ কৰে। এই দেশভক্তিমূলক বাইক ৰেলীৰ শুভাৰম্ভ কৰে লখিমপুৰৰ বিধায়ক মানৱ ডেকাই।

উল্লেখযোগ্য যে, ৰেলীত ঋষিৰাজ হাজৰিকাকে ধৰি জিলা বিজেপি সভাপতি শ্যামল শৰ্মা আৰু দলীয় কাৰ্যকৰ্তা আৰু সাধাৰণ লোকে অংশ লয়।

ৰঙানদী