/asomiyapratidin/media/media_files/2025/08/31/cxcxcxcxc-2025-08-31-16-18-46.jpg)
ডিজিটেল ডেস্কঃ বিটিচি নিৰ্বাচনক লৈ বিজেপি দলৰ মাজত ব্যাপক তৎপৰতা দেখিবলৈ পোৱা গৈছে। দেওবাৰে বিটিআৰত উপস্থিত হয় বিজেপিৰ আইন কোষৰ দল। এই দলটোৱে বিটিআৰৰ ৫ খন জিলাত বৈঠকত মিলিত হ'ব।
এই বৈঠক সমূহত নিৰ্বাচনত আইনকোষৰ কৰ্মৰাজিকলৈ আলোচনা কৰিব অধিবক্তাৰ দলটোৱে। ইতিমধ্যে ওদালগুৰিত আৰু তামুলপুৰত দলটো উপস্থিত হৈ আলোচনাত মিলিত হৈছে। বিয়লি লৈ বাক্সা বিজেপি কাৰ্যালয়ত বাক্সা জিলা বিজেপিৰ আইন কোষৰ কাৰ্যকৰ্তাৰ লগত এক বৈঠকত মিলিত হয় দলটো।
এই দলটোত আছে ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক আইন কোষৰ আহ্বায়ক শ্ৰী জয়ন্ত কুমাৰ গোস্বামী, সহ-আহ্বায়িকা শ্ৰীমতী সত্যৱতী কোঁৱৰৰ লগতে কোষৰ ৰাজ্যিক সদস্য শ্ৰী সুদীপ্ত ৰঞ্জন বৰুৱা আৰু শ্ৰী সঞ্জয় কুমাৰ ৰয়।