/asomiyapratidin/media/media_files/2026/01/05/fefddfdscdfdfd-2026-01-05-11-10-42.jpg)
ডিজিটেল সংবাদ, বেকাজানঃ নিৰ্বাচনলৈ মাত্ৰ তিনিটা মাহ বাকী থকাৰ অৱস্থাত তিতাবৰত বিজেপিৰ ব্যাপক নিৰ্বাচনী তৎপৰতা দেখিবলৈ পোৱা গৈছে। বিজেপিয়ে নিজৰ সাংগঠনিক ভেটি শক্তিশালী কৰি তুলিবলৈ ইতিমধ্যে টঙালি বান্ধিছে। দেওবাৰে তিতাবৰৰ বোকাহোলা চাহ বাগিচাৰ খেলপথাৰত ভাৰতীয় জনতা পাৰ্টীৰ যোৰহাট জিলা সভাপতি শান্তনু পূজাৰীৰ সভাপতিত্বত এক বৃহৎ যোগদান কাৰ্যসূচী অনুষ্ঠিত হয়।
এই যোগদান কাৰ্যসূচীত তিতাবৰৰ চাৰিটা মণ্ডলৰ প্ৰায় এহেজাৰ বিভিন্ন দলৰ কৰ্মী সমৰ্থকে বিজেপিত আনুষ্ঠানিকভাৱে যোগদান কৰি গেৰুৱা বসন পিন্ধে। কেন্দ্ৰীয় বৈদেশিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ উপস্থিতিত তিতাবৰ চাৰিটা মণ্ডল ক্ৰমে তিতাবৰ তিতাবৰ গ্ৰাম্য উত্তৰ পূব তিতাবৰ আৰু বৰহুলা মণ্ডলৰ প্ৰায় এহেজাৰ লোকে বিজেপিত আনুষ্ঠানিকভাৱে যোগদান কৰে।
ৰাজ্যিক কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই যোগাদান কাৰ্যসূচীত অংশ লৈ বিৰোধী দল কংগ্ৰেছক চোকা ভাষাৰে সমালোচনা কৰে। তেওঁ বিজেপি চৰকাৰৰ বিভিন্ন আঁচনিক কংগ্ৰেছে সমালোচনা কৰাৰ প্ৰত্যুত্তৰ দি মন্ত্ৰী গৰাকীয়ে কয় যে, কংগ্ৰেছে কেৱল শাসন আৰু শোষণ কৰিব জানে কিন্তু চাহ জনগোষ্ঠী তথা দৰিদ্ৰ খাটিখোৱা লোকৰ কথা চিন্তা কৰিব নোৱাৰে। অসমীয়া দৰিদ্ৰ পৰিয়াল এটাৰ বাবে মাহেকত ১২৫০ টকা অথবা ২০০০ টকা এটাৰে কিমান জোৰা মাৰিব পাৰে সেইকথা কংগ্ৰেছৰ গৌৰৱ গগৈ, ৰকিবুল হুছেইন অথবা প্ৰদ্যুত বৰদলৈৰ দৰে নেতাই অনুভৱ কৰিব নোৱাৰে। ২০২৬ ৰ বিধানসভা নিৰ্বাচনত বিজেপিৰ বাবে মিঞা অধ্যুষিত মাত্ৰ ২৩ সমষ্টিতহে প্ৰত্যাহ্বান আছে বাকী ১০৩ টা সমষ্টিত বিজেপিয়ে কেৱল গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে আনুষ্ঠানিকতাহে পালন কৰিব বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰে।
আনহাতে, আগন্তুক বিধানসভা নিৰ্বাচনৰ তিতাবৰ সমষ্টিৰ টিকট প্ৰত্যাশী ধীৰাজ গোৱালাই কয় - ২০২৬ত বিধানসভা নিৰ্বাচনত তিতাবৰৰ ৰাজনৈতিক পট পৰিৱৰ্তন ঘটিব। তিতাবৰৰ বৰ্তমানৰ কংগ্ৰেছী বিধায়কজন নিজেই চাহ বাগিচাৰ মালিক কিন্তু তেওঁ চাহ জনগোষ্ঠীৰ হৈ কোনো কাম নকৰে।
ইফালে, বৰ্তমান বিধায়ক ভাস্কৰ জ্যোতি বৰুৱাক সমালোচনা কৰি ধীৰাজ গোৱালাই কয় যে, অসমৰ উদ্যোগপতি সকলৰ ভিতৰত আটাইটতকৈ ডাঙৰ পি এফ ডিফল্টাৰ জনেই তিতাবৰৰ বিধায়ক ভাস্কৰজ্যোতি বৰুৱা। তেওঁৰ মালিকনাধীন চাহ বাগিচাতেই আটাইটতকৈ বেছি শ্ৰমিকে পি এফৰ ধন নোপোৱাকৈ আছে। বিধায়ক বৰুৱাই দিছপুৰত মন্ত্ৰী লগত উঠা -বহা কৰোঁতে কেৱল তেওঁ ব্যৱসায়িক কথা-বতৰাহে আলোচনা কৰে। সমষ্টিৰ জনসাধাৰণৰ কোনো সমস্যাৰ কথা তেওঁ আলোচনা কৰিবলৈ সাহস নকৰে বুলি নেতাগৰাকীয়ে সমালোচনা কৰে।
উল্লেখযোগ্য যে, এই যোগদান কাৰ্যসূচীৰ সভাত ভাৰতীয় জনতা পাৰ্টীৰ যোৰহাট জিলা সভাপতি শান্তনু পূজাৰী আৰু তিতাবৰ সমষ্টিৰ বিজেপিৰ প্ৰভাৰী ৰঞ্জন মহন্ত , ঠেঙালকছাৰী স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্য কাৰ্যবাহী কুমুদ কছাৰী উপস্থিত থাকে। ইফালে, বিজেপি শীৰ্ষ নেতৃত্বই তিতাবৰত নমুখৰ এগৰাকী যুৱ প্ৰাৰ্থীক টিকট প্ৰদানৰ ইংগিত দিয়াৰ পিছতে একাংশ প্ৰবীণ নিষ্ঠাবান মাজত ব্যাপক চৰ্চা চলা দেখা গৈছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us