/asomiyapratidin/media/media_files/2025/12/03/392-2025-12-03-11-57-22.jpg)
ডিজিটেল ডেস্ক : দিল্লীত পুনৰবাৰ জনতা জনাৰ্দনে ৰায় দিলে বিজেপিৰ সপক্ষে। বিজেপিয়ে দিল্লী পৌৰ নিগমৰ ১২ খন আসনৰ ভিতৰত ৭খন আসনতে বিজয় সাৱ্যস্ত কৰিছে। ১০মাহৰ পূৰ্বে দিল্লী বিধানসভা দখল কৰা বিজেপিয়ে পুনৰবাৰ দিল্লীত ভাল ফলাফল প্ৰদৰ্শন কৰিলে।
আনহাতে এই নিৰ্বাচনত ৩খন আসনতে সন্তুষ্ট থাকিব লগা হয় অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন আম আদমি পাৰ্টী। কংগ্ৰেছ আৰু এ আই এফ বিয়ে এই নিৰ্বাচনত এখনকৈ আসন দখল কৰিবলৈ সক্ষম হৈছে। এতিয়া দিল্লী পৌৰ নিগমত বিজেপিৰ আসনৰ সংখ্যা ১২২লৈ বৃদ্ধি পালে।
আপে ১০২খন আৰু কংগ্ৰেছে ৯খন আসন দখল কৰি আছে দিল্লীত। দিল্লী পৌৰ নিগমৰ মুঠ আসনৰ সংখ্যা ২৫০খন। উল্লেখযোগ্য যে, দিল্লী বিধানসভাৰ পাছত দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাৰ এয়া আছিল এক ডাঙৰ প্ৰত্যাহ্বান।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us