/asomiyapratidin/media/media_files/2025/11/14/silchar-bjp-2025-11-14-18-50-27.jpg)
ডিজিটেল সংবাদ, শিলচৰ : শুকুৰবাৰে বিহাৰ নিৰ্বাচনত এন ডিএৰ বিজয় নিশ্চিত হোৱাৰ পিছতে সমগ্ৰ দেশৰ লগতে শিলচৰতো অবতৰীয়া দেৱালীসদৃশ পৰিৱেশৰ সৃষ্টি হয়। ফলাফল ঘোষণা হোৱাৰ পিছত কাছাৰ জিলা বিজেপিৰ উদ্যোগত অনুষ্ঠিত হয় বিজয় উল্লাস।
ফলাফল প্রকাশৰ লগে লগে জিলা বিজেপি কার্যালয় প্রাঙ্গণত আতচবাজী আৰু বোমা ফুটাই আনন্দ প্ৰকাশ কৰে। মতলীয়া হৈ পৰে বিজেপিৰ সমৰ্থকসকল।
“বিজেপি জিন্দাবাদ” ধ্বনি দি জিলা বিজেপি কার্যালযৰ পৰা কেপিটেল পইন্টলৈ এক বিজয় সমদল উলিয়াই বিজেপিৰ সমৰ্থকসকলে। কেপিটেল পইন্টত দলীয় কর্মী-সমর্থকসকলে পুনৰ ফটকা ফুটাই বিজয়োৎসৱত আত্মহাৰা হৈ পৰে।
পিচত দলীয় নেতৃবৃন্দই সংবাদ মাধ্যমৰ আগত কয় যে, এই বিজয় প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ উন্নয়নমুখী নীতিৰ প্রতি মানুহৰ অটল বিশ্বাসৰ প্রতিফলন।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us