ভিন্ন ধৰ্মৰ মাজত ভূমি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম অনুমোদনক আদৰণি বিজেপিৰ

ৰাজ্যিক কেবিনেটে বুধবাৰে ভিন্ন ধৰ্মৰ মাজত মাটি ক্রয় বিক্রয়ৰ বাবে প্ৰস্তুত কৰা নতুন নিয়মাৱলীক অনুমোদন জনোৱাৰ সিদ্ধান্তক আদৰণি জনাইছে ভাৰতীয় জনতা পার্টি, অসম প্রদেশে।

author-image
Asomiya Pratidin
New Update
DSDSD

ডিজিটেল সংবাদ, গুৱাহাটীঃ ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপি আৰু মিত্ৰজোঁটৰ চৰকাৰৰ ৰাজ্যিক কেবিনেটে বুধবাৰে ভিন্ন ধৰ্মৰ মাজত মাটি ক্রয় বিক্রয়ৰ বাবে প্ৰস্তুত কৰা নতুন নিয়মাৱলীক অনুমোদন জনোৱাৰ সিদ্ধান্তক আদৰণি জনাইছে ভাৰতীয় জনতা পার্টি, অসম প্রদেশে। ৰাজ্যিক কার্যালয় বাজপেয়ী ভৱনৰ পৰা প্ৰেৰণ কৰা এক প্ৰেছ বিজ্ঞাপ্তি যোগে মুখপাত্র জয়ন্ত কুমাৰ গোস্বামীয়ে সদৰি কৰিছে এই কথা।

উল্লেখযোগ্য যে, পূর্বতে মাটি ক্রয় বিক্রয় কৰিবলৈ জিলা আয়ুক্তই অনুমতি দিয়াৰ ব্যৱস্থা আছিল। প্রচলিত ব্যৱস্থাৰে ভিন্ন ধৰ্মৰ মাজত মাটিৰ ক্ৰয় বিক্রয় চলি থকাৰ ফলত সমাজৰ বিভিন্ন ক্ষেত্রত বেমেজালি, সমাজিক অশান্তি, সাংস্কৃতিক আগ্রাসন তথা লেণ্ড জেহাদৰ দৰে ঘটনা সংঘটিত হৈ আহিছে। ফলত অসমীয়া সমাজ ব্যৱস্থা তথা সাংস্কৃতিক ক্ষেত্রসমূহত অচিনাকি লোকৰ দিনক দিনে বৃদ্ধি পাব ধৰিছে বুলি প্ৰেছ বিজ্ঞাপ্তিটো উল্লেখ কৰিছে। 

ইফালে, বুধবাৰৰ ৰাজ্যিক কেবিনেটৰ সিদ্ধান্ত মতে দুই ভিন্ন ধৰ্মৰ মাজত এতিয়াৰে পৰা ভূমি কিনা বেচা কৰা ক্ষেত্ৰত প্রথমে চক্ৰ বিষয়াৰ কাৰ্যালয়ত আবেদন কৰিব লাগিব আৰু চক্র বিষয়াই প্রাথমিক পৰীক্ষা সম্পন্ন কৰা পাছত জিলা আয়ুক্তলৈ প্ৰেৰণ কৰিব। জিলা আয়ুক্তই উক্ত আবেদন ৰাজ্য চৰকাৰৰ ৰাজহ বিভাগলৈ প্ৰেৰণ কৰিব লাগিব। ৰাহজ বিভাগৰ এজন ন'ডেল বিষয়াই নথি-পত্র সমূহ পৰীক্ষা কৰিব আৰু উক্ত ফাইল অসম আৰক্ষীৰ বিশেষ শাখালৈ (এচ.বি) লৈ প্ৰেৰণ কৰিব আৰু বিশেষ শাখাই মূলত মাটিৰ গৰাকী বৈধতা আৰু নথিৰ সঠিকতা পৰীক্ষা কৰিব। 

লগতে মাটি কিনা বেচাৰ ফলত এলেকাটোত সামাজিক প্ৰভাৱৰ সম্পৰ্কে আৰু মাটি কিনা বেচাৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় নিৰাপত্তাৰ প্ৰতি ভাবুকি হ'ব নেকি এই সন্দর্ভত অনুসন্ধান কৰিব। বিশেষ শাখাৰ প্রতিবেদন জিলা আয়ুক্তলৈ প্ৰেৰণ কৰিব আৰু জিলা আযুক্তই সকলোখিনি চালি জাৰি চাই অনুমতিৰ সন্দৰ্ভত সিদ্ধান্ত ল'ব। এই প্ৰক্ৰিয়াৰ মাজত ভূমি কিনা বেচা হ'লে ভবিষ্যতে অসমৰ সামাজিক স্থিৰতা আৰু লেণ্ড জেহাদৰ দৰে ঘটনা বন্ধ হ'ব। অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বলিষ্ঠ নেতৃত্বত অসমৰ সুৰক্ষিত ভবিষ্যত নিশ্চিত প্রদান কৰিবলৈ ভিন্ন ধৰ্মৰ মাজত ভূমি ক্রয় বিক্রয়ৰ নতুন প্রচলিত নিয়মক অনুমোদন জনোৱা সিদ্ধান্তক জাতি ৰক্ষাৰ কাৰণে এক মাইলৰ খুঁটি হিচাপে প্রতিষ্ঠা হ'ল বুলি বিবৃতিটোত মুখপাত্ৰ গৰাকীয়ে অভিহিত কৰে।

বিজেপি চৰকাৰ অসম বিজেপি বিজেপি