/asomiyapratidin/media/media_files/2025/08/21/sdsewew-2025-08-21-18-01-18.jpg)
ডিজিটেল সংবাদ, গুৱাহাটীঃ "অসমৰ ৰাজনীতিত থলুৱা খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব বৰ্তাই ৰখাৰ বাবে ভাৰতীয় জনতা পার্টি নেতৃত্বাধীন চৰকাৰে ৰাজ্যৰ সকলোবোৰ ক্ষেত্ৰৰে খিলঞ্জীয়াকৰণৰ ব্যাপক কার্যক্রম চৰকাৰ গঠন হোৱা দিনৰে পৰা তৃণমূল পৰ্য্যায়ৰ পৰাই কার্যকৰী কৰি আহিছে"- এই মন্তব্য কৰিছে ৰাজ্যিক বিজেপিৰ মুখপাত্র ৰঞ্জীৱ কুমাৰ শৰ্মাৰ।
ৰাজ্যিক বিজেপিৰ মুখ্য কার্যালয় অটল বিহারী বাজপেয়ী ভবনত আয়োজিত এক সংবাদমেল সম্বোধন কৰি মুখপাত্ৰগৰাকীয়ে লগতে উল্লেখ কৰে যে-"পদ্মা নদীৰ ধুমুহাত পৰি লুইতৰ দুইপাৰলৈ অহা সকলে কিছু ল'ব লাগিব, কিছু দিব লাগিব জীন যাবলৈ হ'লে বুলি 'ভাৰতৰত্ন' ড০ ভূপেন হাজৰিকাই গীতৰ জৰিয়তে যোৱা শতিকাৰ ৭০ৰ দশকতে আহ্বান জনোৱাৰ পিছতো অসমৰ সমাজ জীৱনত জীন নোযোৱা সকল আমাৰ বাবে অজীন-পাতকী আৰু অচিনাকী মানুহ। এনে অজীন-পাতকীহঁতে অসমৰ সাৰুৱা সংস্কৃতিত জীন নগৈ আগ্রাসনৰ মনোভাৱেৰে জনবিস্ফোৰণৰ জৰিয়তে আন্তঃসমষ্টি ৰাজনৈতিক প্রব্রজন কৰাই থলুৱা খিলঞ্জীয়া মানুহৰ ৰাজনৈতিক প্রভুত্ব গ্রাস কৰিব বিচাৰিলে অসমে কেতিয়াও জীন নোযোৱা সকলক সহ্য কৰাৰ প্ৰশ্নই নুঠে। এনে আগ্রাসনৰ বিৰুদ্ধে ব্যাপক সামাজিক গণপ্রতিৰোধ নিশ্চিতভাবে গঢ়ি তোলা হ'ব" বুলিও তেওঁ লগতে সদৰি কৰে।
উল্লেখযোগ্য যে, অসমলৈ অহা অচিনাকী মানুহে থলুৱা সমাজ জীৱনৰ প্ৰতি ভাবুকি নমাই আনিছে বুলি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই মত পোষণ কৰিছিল। মুখ্যমন্ত্রীৰ এনে মন্তব্যৰ পিছতেই একাংশ লোকে সমগ্র বিষয়টোক হিন্দু, মুছলমানৰ মাজৰ সাম্প্রদায়িক ৰাজনীতি বুলি বর্ণনা কৰাৰ প্ৰয়াস কৰা দেখা যায়।
কংগ্ৰেছকে ধৰি বিৰোধী দলসমূহে কৰা এনে প্রয়াসক নস্যাৎ কৰি ৰাজ্যিক বিজেপিৰ মুখপাত্র ৰঞ্জীৱ কুমাৰ শর্মাই কয়- প্রকৃততে অচিনাকী মানুহৰ পৰা অসমৰ সভ্যতা আৰু সংস্কৃতিলৈ প্রচণ্ড ভাবুকি নামি আহিছে। বনাঞ্চল, সত্ৰভূমি, চৰকাৰী ভূমি আদি দখল কৰি সমাজ জীৱনত অৰাজকতা বিয়পাবলৈ চেষ্টা কৰা সকল আচল অচিনাকী মানুহ। এই মানুহ সকলে অসমৰ সকলোবোৰ ক্ষেত্ৰতেই অনাধিকাৰ প্ৰৱেশ কৰি প্রভাৱ বিস্তাৰ কৰাৰ প্রয়াস চলাই আহিছে। এনে প্রয়াসক কলিতে মোহাৰি নেপেলালে অদূৰ ভৱিষ্যতে বিষৰ বটবৃক্ষ হোৱাৰ সম্ভাৱন আছে। সেয়েহে চৰকাৰে বেদখলকাৰীৰ উচ্ছেদকে ধৰি অন্যান্য বিভিন্ন পদক্ষেপ গ্রহণ কৰি মিঞা মুছলমানৰ আন্তঃসমষ্টি ৰাজনৈতিক প্ৰব্ৰজন প্ৰতিৰোধ কৰা হৈছে বুলি মতপোষণ কৰে। উল্লেখযোগ্য যে ৰাজ্যিক বিজেপিৰ মুখ্য কার্যালয় অটল বিহাৰী বাজপেয়ী ভৱনত আয়োজিত সংবাদমেলত দলৰ আন দুগৰাকী মুখপাত্র ক্রমে মমিনুল আৱাল আৰু সুৰঞ্জন দত্ত উপস্থিত আছিল।