/asomiyapratidin/media/media_files/2025/08/26/dsdsdsdsd-2025-08-26-19-40-53.jpg)
ডিজিটেল সংবাদ, গুৱাহাটীঃ "ড০ হীৰেণ গোহাঁই, অজিত কুমাৰ ভূঞা, ড০ অপূর্ব কুমাৰ বৰুৱা, পৰেশ মালাকাৰ আদিৰ নেতৃত্বত চলা নাগৰিক সমাজ নামৰ সংগঠনটোৱে বৰ্তমান সময়ত কংগ্ৰেছ দলৰ এচকৰ্ট গাইড হিচাপে কাম কৰি আছে। অসমক অশান্ত কৰিবলৈ কংগ্ৰেছে বাহিৰৰ পৰা ৰাজ্যখনলৈ আমদানি কৰা অচিনাকি মানুহ বিলাকক নাগৰিক সমাজে আলপৈচান ধৰি সেৱা শুশ্রূষা আগবঢ়ায়। এয়াই তেওঁলোকক কংগ্রেছে দিয়া কার্যক্রম”- এই মন্তব্য ৰাজ্যিক বিজেপিৰ মুখপাত্র ৰঞ্জীৱ কুমাৰ শৰ্মাৰ।
দলৰ ৰাজ্যিক কার্যালয় অটল বিহাৰী বাজপেয়ী ভৱনত সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত মুখপাত্ৰগৰাকীয়ে সদৰি কৰে যে, "ৰাজনৈতিক আৰু সামাজিক ভাৱে কংগ্ৰেছ দল সংকটত পৰিলেই নাগৰিক সমাজ সম্মুখলৈ আহি উদ্ধাৰকাৰীৰ ভূমিকাত অৱতীর্ণ হয়। নাগৰিক সমাজৰ এনেধৰণৰ প্ৰকৃত স্বৰূপ প্ৰকট হৈ পৰাৰ পিছৰে পৰা তেওঁলোকক সর্বসাধাৰণ লোকেও অৱজ্ঞা কৰিবলৈ আৰম্ভ কৰিছে" বুলি নেতাগৰাকীয়ে কটাক্ষ কৰে।
ইফালে, ৰঞ্জীৱ কুমাৰ শৰ্মাৰ মতে "অসমৰ মানুহক সাম্প্রদায়িক আৰু ৰাষ্ট্ৰবিৰোধী কথাৰে বিভ্রান্ত কৰাৰ উদ্দেশ্যেৰে কংগ্ৰেছে আমদানি কৰা তথাকথিত বামপন্থী বুদ্ধিজীবি সকলৰ বাবে চেমিনাৰ আৰু সংবাদমেলৰ আয়োজনতেই নাগৰিক সমাজৰ সমগ্ৰ কাৰ্য্যসূচী সীমাবদ্ধ। ছৈয়দা হামিদ, হর্ষ মন্দেৰ, প্রশান্ত ভূষণ, ওৱাহাজাট হাবিবুল্লাহ, জোহাৰ চিৰকাৰ, ৰাণা আয়ুৱ আদি সকলো কংগ্ৰেছৰ বৰঘৰৰ বিশেষ মানুহ। এই লোকসকলক কংগ্রেছ দলে ইউ পি এৰ ১০ বছৰীয়া শাসন কালত পদ্মশ্ৰীৰ পৰা আৰম্ভ কৰি বিভিন্নধৰণৰ সা-সুবিধাৰে সন্মানিত কৰিছিল। দেশবিৰোধী কাম-কাজৰ লগত জড়িত থকা বিভিন্ন এনজিঅৰ সৈতে এই লোকসকল জড়িত। তেওঁলোকে পৰিচালনা কৰা এনে এনজিঅ বোৰে ইউ পি এ চৰকাৰৰ সময়ত কোটি কোটি টকাৰ পুজি লাভ কৰিছিল। দিল্লীত নৰেন্দ্ৰ মোদীৰ নেতৃত্বত চৰকাৰ গঠন হোৱাৰ পিছৰে পৰা পঞ্চতাৰকা হোটেলত দৰিদ্ৰতাৰ ওপৰত চেমিনাৰ পতা আৰৱান নক্সালৰ এনে বহু এনজিঅৰ পঞ্জীয়ন বাতিল কৰাৰ লগতে পুজি আৱণ্টনো চৰকাৰে বন্ধ কৰি দিয়ে। স্বাভাৱিকতেই এই লোকসকল মোদী চৰকাৰ ওপৰত অসন্তুষ্ট" বুলিও তেওঁ উল্লেখ কৰে।
আনহাতে, "এনে কাৰণতেই নিৰ্বাচনত ধাৰাবাহিক ভাৱে পৰাজিত হৈ হতাশাত ভোগা কংগ্রেছ বামপন্থী আৰু সা-সুবিধাৰ পৰা বঞ্চিত তথাকথিত বামপন্থী বুদ্ধিজীবি এক হৈ দেশত বিভ্রান্তি বিয়পাই অস্থিৰতা সৃষ্টি কৰাৰ বাবে উঠি পৰি লাগিছে। কংগ্ৰেছ আৰু আৰৱান নক্সালৰ ইক 'চিষ্টেমৰ হৈ ড০ হীৰেণ গোহাঁই, অজিত কুমাৰ ভূঞাহতঁৰ নাগৰিক সমাজে অসমৰ সমাজ জীৱনক অস্থিৰ কৰাৰ বাবে আপ্রাণ চেষ্টা অব্যাহত ৰাখিছে" বুলি ৰাজ্যিক বিজেপিৰ মুখপাত্রগৰাকীয়ে পোষণ কৰে।
ছৈয়দা হামিদ, হর্ষ মন্দেৰ, প্রশান্ত ভূষণ আদি লোকক কংগ্ৰেছে আমদানি কৰি দিয়াৰ পিছত নাগৰিক সমাজে তেওঁলোকক অসমীয়া বিৰোধী কথা কোৱাৰ মঞ্চ তৈয়াৰ কৰি দি আহিছে। নাগৰিক সমাজৰ এনে কাৰ্যক ভাৰতীয় জনতা পার্টি, অসম প্রদেশে তীব্র ভাষাৰে গৰিহণা দিয়ে। উল্লেখযোগ্য যে, মঙলবাৰে সংবাদ মাধ্যমক সম্বোধন কৰাৰ সময়ত বিজেপি দলৰ আন এগৰাকী মুখপাত্র জেফ্ৰীণ মেহজাবিনো উপস্থিত আছিল।